চেম্পিয়নছ ট্ৰফীত দেখা নাযাব নেকি বুমৰাহক! গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিচিচিআইৰ…
চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলে আকাংক্ষিত সাফল্য লাভ কৰিব বুলি আশাৰে বাট চাইছে অনুৰাগীয়ে। আৰু এই আশা পূৰণৰ ক্ষেত্ৰত স্বাভাৱিকতেই বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ বুমৰাহৰ অংশগ্ৰহণ নিশ্চিত হোৱালৈ প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে অপেক্ষা কৰিছে। কিন্তু শেহতীয়া কিছু স্থিতিয়ে চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্ৰহণৰ বিষয়ত অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

চেম্পিয়নছ ট্ৰফীত দেখা নাযাব নেকি বুমৰাহক!
আইচিচি চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। প্ৰতিযোগিতাখনৰ বাবে ক্ৰিকেট অনুৰাগীৰ মাজত ইতিমধ্যেই দেখা পোৱা গৈছে উছাহ। ইংলেণ্ডৰ বিপক্ষে চলিত এদিনীয়া শৃংখলাৰ জৰিয়তে ভাৰতীয় দলেও চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰস্তুতি চলাইছে। এই শৃংখলা সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় দল আইচিচি প্ৰতিযোগিতাখনৰ বাবে ডুবাইলৈ ৰাওনা হ’ব। পিছে ডুবাইমুখী ভাৰতীয় দলটোত এই সময়ৰ ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ হিচাপে স্বীকৃত যশপ্ৰীত বুমৰাহ থাকিব নে নাথাকে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলে আকাংক্ষিত সাফল্য লাভ কৰিব বুলি আশাৰে বাট চাইছে অনুৰাগীয়ে। আৰু এই আশা পূৰণৰ ক্ষেত্ৰত স্বাভাৱিকতেই বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ বুমৰাহৰ অংশগ্ৰহণ নিশ্চিত হোৱালৈ প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে অপেক্ষা কৰিছে। কিন্তু শেহতীয়া কিছু স্থিতিয়ে চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্ৰহণৰ বিষয়ত অনিশ্চয়তাৰ সৃষ্টি কৰিছে।
ইংলেণ্ডৰ বিপক্ষে শৃংখলালৈ দল ঘোষণাৰ সময়ত বিচিচিআইয়ে অন্তিমখন মেচৰ বাবে বুমৰাহক দলত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু শৃংখলা আৰম্ভ হোৱাৰ সময়তে এদিনীয়া দলত বৰুণ চক্ৰৱৰ্তীক অন্তৰ্ভুক্ত কৰি বুমৰাহক অব্যাহতি দিয়া হয়। এনে সিদ্ধান্তই উদ্বিগ্ন কৰি তোলে ক্ৰিকেটপ্ৰেমীক। এই জল্পনা-কল্পনাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে এক প্ৰতিবেদন। এই প্ৰতিবেদনত বুমৰাহ সন্দৰ্ভত বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বাবে সাজু হোৱা বুলি উল্লেখ কৰা হৈছে।
উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ বাবে অংশগ্ৰহণকাৰী দলৰ তালিকা জমা দিয়াৰ ক্ষেত্ৰত আইচিচিয়ে বান্ধি দিয়া সীমা কাইলৈ অন্ত পৰিব। সেয়ে ১১ ফেব্ৰুৱাৰী, অৰ্থাৎ কাইলৈ দল সন্দৰ্ভত বিচিচিআইয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। গতিকে বুমৰাহে চেম্পিয়নছ ট্ৰফীত খেলিব পাৰিব নে নোৱাৰে, সেয়া আগন্তুক ২৪ ঘণ্টাত নিশ্চিত হ’ব। শেহতীয়াকৈ বুমৰাহে বাংগালুৰুস্থিত বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত পিঠিৰ স্কেন কৰাইছে।
এনে পৰিস্থিতিত বিচিচিআইৰ চিকিৎসা দলে নিৰ্বাচকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছতে যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। যদি বুমৰাহক সম্পূৰ্ণ ফিট ঘোষণা কৰা নহয়, তেতিয়া ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এয়া হৈ পৰিব অত্যন্ত নিৰাশাজনক খবৰ। সেয়ে এতিয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়েই বিচিচিআইৰ চূড়ান্ত সিদ্ধান্তৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে।