বিচিচিআইৰ বিপক্ষে আদালতৰ কাষ চাপিব পিচিবি! কিয় এই পদক্ষেপৰ প্ৰস্তুতি পিচিবিৰ….

চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণ প্ৰথমৰ পৰাই অনিশ্চিত হৈ আছিল আৰু শেহতীয়াকৈ বিচিচিআইয়ে ভাৰতীয় দল এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ নাযায় বুলি স্পষ্ট কৰি দিছে। এনে বিতৰ্কৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিচিচিআইৰ বিপক্ষে আদালতৰ কাষ চপাৰ প্ৰস্তুতি চলাইছে।

বিচিচিআইৰ বিপক্ষে আদালতৰ কাষ চাপিব পিচিবি! কিয় এই পদক্ষেপৰ প্ৰস্তুতি পিচিবিৰ….

পিচিবিয়ে ল’ব আইনী পদক্ষেপ!

Published: 

10 Nov 2024 20:53 PM

আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে। আইচিচিৰ এই প্ৰতিযোগিতা আয়োজনৰ স্বত্ব লাভ কৰিছিল পাকিস্তানে আৰু সেই অনুসাৰে অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত চেম্পিয়নছ ট্ৰফী আয়োজনৰ বাবে সাজু হৈছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ড। কিন্তু প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণ প্ৰথমৰ পৰাই অনিশ্চিত হৈ আছিল আৰু শেহতীয়াকৈ বিচিচিআইয়ে ভাৰতীয় দল এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ নাযায় বুলি স্পষ্ট কৰি দিছে।

পাকিস্তান ভ্ৰমণৰ পৰিৱৰ্তে প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছে বিচিচিআইয়ে। এনে বিতৰ্কৰ মাজতে এক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। সূত্ৰ অনুসৰি পিচিবিয়ে এই বিষয়ত আইনী ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিপক্ষে আদালতৰ কাষ চপাৰ প্ৰস্তুতি চলাইছে। পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে আইচিচিয়ে ইমেইলৰ জৰিয়তে বিচিচিআইৰ স্থিতিৰ বিষয়ে পাকিস্তান ব’ৰ্ডক অৱগত কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি আইচিচিৰ পৰা তথ্য লাভ কৰাৰ পিছত পিচিবিয়ে পাকিস্তান চৰকাৰক এই বিষয়ে অৱগত কৰিছে। ইয়াৰ পিছতে পাকিস্তান চৰকাৰে ব’ৰ্ডক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলৰ ক্ষেত্ৰত সন্মতি দিয়া নহ’ব বুলি তথা পাকিস্তানৰ বাহিৰত সমগ্ৰ প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত ব’ৰ্ড সন্মত নহয় বুলি স্থিতি স্পষ্ট কৰি দিছে।

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও বিগত বৰ্ষত পাকিস্তানত অনুষ্ঠিত এছিয়া কাপৰ সময়তো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছত প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাৰ অধিকাংশ মেচ পাকিস্তানত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেলকে ধৰি ভাৰতীয় দলৰ সকলো মেচ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। কিন্তু এইবাৰ হাইব্ৰিড মডেলৰ বাবে সন্মতি প্ৰকাশ কৰা নাই পিচিবিয়ে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ দাবী, পিচিবিয়ে এতিয়া এই বিষয়ত ইতিমধ্যে আইনী পৰামৰ্শ লৈছে আৰু পাকিস্তানৰ আইন মন্ত্ৰালয়ৰ সৈতেও যোগাযোগ কৰিছে। পাকিস্তানী ব’ৰ্ডে এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় আদালতলৈ লৈ যোৱাৰ কথা চিন্তা কৰিছে। পাকিস্তান ব’ৰ্ডে এই পদক্ষেপ গ্ৰহণ কৰিলে এই বিষয়ত ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত গোচৰ চলিব।

উল্লেখ্য যে বিগত বৰ্ষত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ বাবে পাকিস্তান দলে ভাৰত ভ্ৰমণ কৰিছিল। সেয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলেও পাকিস্তানলৈ যাব বুলি আশা কৰিছিল পাকিস্তানে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিৰাপত্তাজনিত সমস্যাৰ প্ৰতি গুৰুত্ব দি আনকি ভাৰতীয় দলৰ সকলো খেল কেৱল লাহোৰত আয়োজন কৰাৰো প্ৰস্তাৱ দিছিল। এতিয়া পৰৱৰ্তী সময়ত এই বিতৰ্কই কি ৰূপ লয়, সেয়া হ’ব লক্ষণীয়।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?