শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে, এই দলেও অৰ্জন কৰিলে যোগ্যতা…

Champions trophy 2025: ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে দুটাকৈ দলে। এই দুয়োটা দল গ্ৰুপ এৰ অন্তৰ্গত। য’ত  অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতৰ নাম । ইফালে ছেমি ফাইনেলৰ দৌৰত নামি পৰিছে গ্ৰুপ বিৰ চাৰিওটা দলে ।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে, এই দলেও অৰ্জন কৰিলে যোগ্যতা…
টীম ইণ্ডিয়া
trishna-kalita
Trishna Kalita | Published: 25 Feb 2025 08:40 AM

অধিক ৰোমাঞ্চকৰ হৈ পৰিছে চেম্পিয়নছ ট্ৰফী ২০২৫। ইয়াৰ মাজতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে দুটা দলে।  য’ত অন্তৰ্ভুক্ত কৰা হৈছে টীম ইণ্ডিয়াৰ নাম । উল্লেখ্য যে, ২ মাৰ্চত চেম্পিয়নছ ট্ৰফীত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল খেলিব টীম ইণ্ডিয়াই , কিন্তু তাৰ পূৰ্বে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে দলটৱে। অৰ্থাৎ টিম ইণ্ডিয়াৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখন এক আনুষ্ঠানিকতা হে মাত্ৰ। এই মেচখনৰ ফলাফলে ছেমি ফাইনেলৰ দৌৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত ২টা দল

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ষষ্ঠখন খেল ৰাৱালপিণ্ডিত নিউজিলেণ্ড আৰু বাংলাদেশৰ দলৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত নিউজিলেণ্ডৰ দলটোৱে সহজ জয় লাভ কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। উল্লেখ্য যে,  নিউজিলেণ্ড, বাংলাদেশ, ভাৰত আৰু পাকিস্তান গ্ৰুপ এত আছে। এই গ্ৰুপত দুয়োখন উদ্বোধনী মেচত জয়লাভ কৰি দুয়োটা দলৰ ৪-৪ পইণ্টৰ স্থিতিত আছে ভাৰত আৰু নিউজিলেণ্ড। এনে পৰিস্থিতিত এতিয়া বাংলাদেশ আৰু পাকিস্তানৰ দলে ২-২ মেচত পৰাস্ত হোৱাৰ পাছত ইমানখিনি পইণ্টত উপনীত হ’ব নোৱাৰে। যাৰ বাবে নিউজিলেণ্ডৰ লগতে ভাৰতে লাভ কৰিছে ছেমি ফাইনেলৰ টিকট৷

দুয়োটা দলে আকৰ্ষণীয় প্ৰদৰ্শনেৰে গ্ৰুপ পৰ্যায়ত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰে। এতিয়া সকলোৰে দৃষ্টি ছেমি ফাইনেলৰ ওপৰত। য’ত এই দুয়োটা দলে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খিতাপ দখলৰ সপোন বাস্তৱায়িত কৰিবলৈ খেলপথাৰত নামিব। নিউজিলেণ্ডৰ অধিনায়ক টম লেথামৰ অধিনায়কত্বত দলটোৱে উৎকৃষ্ট খেল প্ৰদৰ্শন কৰিছে। য’ত অভিজ্ঞ খেলুৱৈৰ লগতে যুৱ খেলুৱৈসকলেও নিজৰ ছাপ ৰাখিবলৈ সক্ষম হৈছে। আনহাতে, গ্ৰুপৰ দুয়োখন খেলতে সহজে জয়লাভ কৰিছে ভাৰতীয় দলটোৱে।

গ্ৰুপ Bত চাৰিটা দলৰ মাজত প্ৰতিযোগিতা

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ Bত দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু আফগানিস্তানক অন্তৰ্ভুক্ত কৰা হৈছে। এই আটাইকেইটা দলে এতিয়ালৈকে ১-১ মেচ খেলিছে। য’ত জয়লাভ কৰিছে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই । একে সময়তে ইংলেণ্ড আৰু আফগানিস্তানে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত এই চাৰিটা দলেই বৰ্তমান নামি পৰিছে ছেমি ফাইনেলৰ দৌৰত।