উজলিল ছামি, গিলঃ সহজ জয়েৰে চেম্পিয়নছ ট্ৰফীত অভিযান আৰম্ভ ভাৰতৰ
বেটিং, বলিং উভয় দিশতে অনবদ্য অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰি আজি ভাৰতে বাংলাদেশক ৬ উইকেটত সহজে পৰাস্ত কৰিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ কঠিন উইকেটত ২২৯ ৰানৰ সহজ লক্ষ্য যথেষ্ট সতৰ্কতাৰে অতিক্ৰম কৰি প্ৰত্যাশিত বিজয়ৰ মুখ দেখে ভাৰতে। দলৰ জয়ত মুখ্য ভূমিকাৰে উজলি উঠে মহম্মদ ছামি আৰু শুভমন গিল।

তৃতীয়টো খিতাপৰ লক্ষ্যৰে চেম্পিয়নছ ট্ৰফী ২০২৫ত দৰ্শনীয় আৰম্ভণি ঘটাইছে ভাৰতীয় দলে। বেটিং, বলিং উভয় দিশতে অনবদ্য অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰি আজি ভাৰতে বাংলাদেশক ৬ উইকেটত সহজে পৰাস্ত কৰিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ কঠিন উইকেটত ২২৯ ৰানৰ সহজ লক্ষ্য যথেষ্ট সতৰ্কতাৰে অতিক্ৰম কৰি প্ৰত্যাশিত বিজয়ৰ মুখ দেখে ভাৰতে। দলৰ জয়ত মুখ্য ভূমিকাৰে উজলি উঠে মহম্মদ ছামি আৰু শুভমন গিল। ছামিয়ে নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন অব্যাহত ৰাখি ৫টা উইকেট দখল কৰাৰ বিপৰীতে অপৰাজিত শতকীয় ইনিংছেৰে গিল হৈ পৰে জয়ৰ নায়ক।
মেচখনত টছত জয়ী হৈ বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন ছাণ্টোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ছাণ্টোৰ এই সিদ্ধান্ত ডুবাইৰ পিটছ আৰু পৰিৱেশৰ দিশৰ পৰা সঠিক যেন অনুভৱ হ’লেও ভুল প্ৰমাণিত কৰি তোলে ভাৰতীয় বলিং আক্ৰমণে। ভাৰতীয় বলাৰৰ উজ্জীৱিত প্ৰদৰ্শনত দিশহাৰা হৈ বাংলাদেশে মাত্ৰ ৩৫ ৰানতে হেৰুৱাইছিল ৫টা উইকেট। প্ৰথমটো অভাৰতে ছামিয়ে অপেনাৰ সৌম্য সৰকাৰক বিদায় দি দলটোক প্ৰথমটো আঘাত দিয়ে।
ইনিংছৰ দ্বিতীয় অভাৰত হৰ্ষিত ৰাণাই বিদায় দিয়ে অধিনায়ক ছাণ্টোক। ইয়াৰ পিছত সপ্তম অভাৰত ছামিয়ে মিৰাজক আৰু নৱম অভাৰত অক্ষৰ পেটেলে ক্ৰমাগত দুটা বলত তানজিদ আৰু মুছফিকুৰৰ উইকেট দখল কৰি বাংলাদেশক বিপৰ্যস্ত কৰি তোলে। লক্ষণীয়ভাৱে অক্ষৰে ক্ৰমাগত তৃতীয়টো বলত আন এটা উইকেটেৰে হেট্ৰিক অৰ্জনৰ সুন্দৰ সুযোগ লাভ কৰিছিল যদিও অধিনায়ক ৰোহিত শৰ্মাই এটা সহজ কেচ ড্ৰপ কৰাত এই সুযোগ নষ্ট হয়।
ৰোহিতৰ এই ভুল কিছুসময়লৈ ভুগিবলগা হয় ভাৰতে। জীৱন দানৰ সুযোগ পূৰ্ণৰূপে গ্ৰহণ কৰি জাকেৰ আলীয়ে ষষ্ঠ উইকেটত তৌহিদ হৃদয়ৰ সৈতে ১৫৪ ৰানৰ যুটি বান্ধি আগুৱাই নিয়ে বাংলাদেশৰ ইনিংছ। জাকেৰৰ লগতে তৌহিদেও ব্যক্তিগত ২৩ ৰানৰ স্ক’ৰত পাণ্ডিয়াৰ হাতৰ পৰা এটা কেচ ড্ৰপৰ ফলত জীৱনদান পায়। ইয়াৰ পিছতে দুয়ো বাংলাদেশক এক প্ৰত্যাহ্বানপূৰ্ণ স্ক’ৰৰ দিশে লৈ যায়। তৌহিদ আৰু জাকিৰৰ এই যুটি ভংগ হয় ইনিংছৰ ৪৩তম অভাৰত।
অভিজ্ঞ পেচাৰ মহম্মদ ছামিয়ে জাকেৰক (৬৮) বিদায় দি এই যুটি ভংগ কৰাৰ লগতে এদিনীয়া কেৰিয়াৰত নিজৰ ২০০ উইকেট সম্পূৰ্ণ কৰে। ইয়াৰ পিছত ৰিছাদ হুছেইনেও কিছু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি ১৮ ৰান সংগ্ৰহ কৰে। অৱশ্যে ইয়াৰ পিছত দলৰ ইনিংছ পুনৰ সমাপ্তিৰ দিশে আগবাঢ়ে যদিও চমকপ্ৰদ বেটিঙেৰে শতক সম্পূৰ্ণ কৰে তৌহিদে। দলৰ অন্তিমটো উইকেটৰ ৰূপত ক্ৰীজ এৰা তৈহিদে খেলে ১০০ ৰানৰ এক প্ৰশংসনীয় ইনিংছ।
ভাৰতৰ হৈ ছামিয়ে ৫৩ ৰানত ৫টা উইকেট দখল কৰাৰ বিপৰীতে হৰ্ষিত ৰাণাই ৩টা আৰু অক্ষৰ পেটেলে ২টা উইকেট লাভ কৰে। ইফালে বাংলাদেশে দিয়া ২২৯ৰানৰ সহজ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় অপেনাৰদ্বয় ৰোহিত আৰু গিলে প্ৰত্যাশিত আৰম্ভণি ঘটায়। দুয়ো প্ৰথম উইকেটত ৯.৫ অভাৰত যোগ দিয়ে ৬৯ ৰান। স্বভাৱসিদ্ধ বেটিঙেৰে অধিনায়ক ৰোহিতে ৩৬ বলত ৪১ ৰান সংগ্ৰহ কৰি বিদায় লয়।
ইয়াৰ পিছত ক্ৰীজলৈ অহা কোহলীয়ে গিলৰ সৈতে ইনিংছ আগুৱাই নিয়ে যদিও নিজৰ পৰিচিত ফৰ্মত দেখা নগ’ল কোহলীক। তেওঁ ৩৮ বলত এটা চাৰিৰে ২২ ৰান কৰি ক্ৰীজ এৰে। সফল নহ’ল আয়াৰ (১৫) আৰু অক্ষৰো (৮)। ইয়াৰ পিছত অৱশ্যে গিল আৰু ৰাহুলে ধৈৰ্যশীল বেটিঙেৰে কোনো হানি নঘটাকৈ দলক বিজয়ৰ লক্ষত উপনীত কৰায়। গিলে ১০১ আৰু ৰাহুলে ৪১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।
দুয়ো পঞ্চম উইকেটত অপৰাজিত ৮৭ ৰানৰ যুটি বান্ধে। ডুবাইৰ কঠিন উইকেটত এই সহজ লক্ষ্য ভাৰতে ৪৬.৩ অভাৰত অতিক্ৰম কৰে। মেচ বিজয়ী অপৰাজিত শতকীয় ইনিংছটোৰ বাবে গিল মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। এই মেচখনত জয়েৰে ভাৰতে এতিয়া ছেমিৰ পথ কিছু সহজ কৰি তুলিছে। ভাৰতে এতিয়া অহা ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিপক্ষে বহু প্ৰত্যাশিত মেচত অৱতীৰ্ণ হ’ব। ইয়াৰ পিছত ২ মাৰ্চত নিউজিলেণ্ডৰ বিপক্ষে খেলিব গ্ৰুপৰ অন্তিমখন মেচ।