কাইলৈ প্ৰথম ছেমিত ভাৰত-অষ্ট্ৰেলিয়াঃ বৰষুণে বিঘিনি ঘটালে কোনে খেলিব ফাইনেল!
চলিত চেম্পিয়নছ ট্ৰফীত কেইবাখনো মেচ বৰষুণৰ বাবে বাতিল হৈছে। কাইলৈ প্ৰতিযোগিতাৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। যদি কাইলৈৰ এই ছেমি ফাইনেল মেচখন বৰষুণৰ বাবে বাতিল হয়, তেতিয়া কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব- এয়া ক্ৰিকেটপ্ৰেমীৰ মাজত এক চৰ্চিত প্ৰশ্ন হৈ পৰিছে।

গ্ৰুপ পৰ্যায়ৰ সামৰণিৰ পিছত কাইলৈৰ পৰা আৰম্ভ হ’ব চলিত আইচিচি চেম্পিয়নছ ট্ৰফীৰ নকআউট পৰ্যায়ৰ মেচ। কাইলৈ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি। এই প্ৰথমখন ছেমিত মুখামুখি হ’ব দুই শক্তিধৰ ভাৰত আৰু অষ্ট্ৰেলিয়া । লক্ষণীয়ভাৱে ভাৰতীয় দলে প্ৰতিযোগিতাৰ আটাইকেইখন মেচ ডুবাইতে খেলি আহিছে আৰু এনে পৰিস্থিতিত কাইলৈৰ মেচখনত কিছু শক্তিশালী স্থিতিত আছে ভাৰত। তদুপৰি ষ্টাৰ্ক, কামিন্স, হেজেলউডৰ দৰে তাৰকাৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াৰ বলিং শক্তিও কিছু দুৰ্বল।
তথাপি পিছে অষ্ট্ৰেলিয়াক সহজে লোৱাৰ ভুল কৰিব নোৱাৰিব ভাৰতে। আইচিচি ইভেণ্টত কেংগাৰু বাহিনী সদায়েই বিপজ্জনক হৈ উঠে। সমান্তৰালকৈ ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষেই পৰাজয়ৰ বেদনা সহিবলগা হৈছে ভাৰতে। গতিকে কাইলৈয়ো অষ্ট্ৰেলিয়াৰ সমুখত সাৱধান হ’ব লাগিব ভাৰত। দুয়োটা দলৰ মাজত কাইলৈ এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰাৰ লগতে ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া আন এটা প্ৰশ্নও চৰ্চিত হৈছে।
যদি কাইলৈ দুয়োটা দলৰ মাজত হ’বলগীয়া ছেমি ফাইনেল মেচখন বৰষুণৰ বাবে বাতিল হয়, তেতিয়া কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব? লক্ষণীয়ভাৱে এইবাৰ চেম্পিয়নছ ট্ৰফীত কেইবাখনো মেচ বৰষুণৰ বাবে বাতিল হৈছে। অৱশ্যে এই আটাইকেইখন মেচ পাকিস্তানত আয়োজন কৰা হৈছিল। ডুবাইত এইপৰ্যন্ত বৰষুণে কোনো ধৰণে বিঘিনি ঘটোৱা নাই। তথাপি সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে নকআউট মেচৰ বাবে কিছু নিয়ম নিৰ্ধাৰণ কৰিছে।
ইয়াৰোপৰি চেম্পিয়নছ ট্ৰফীত বৰষুণ আৰু অষ্ট্ৰেলিয়াৰ মাজত দেখিবলৈ পোৱা গৈছে আন এক সম্পৰ্ক। আই পি এলৰ দুটা সংস্কৰণত অষ্ট্ৰেলিয়াৰ ৩খন মেচ বৰষুণৰ বাবে বাতিল হৈছে। বিগত সংস্কৰণত বৰষুণ অষ্ট্ৰেলিয়াৰ ছেমিৰ পথত বাধ হৈ পৰিছিল যদিও এইবাৰ এই বাধাৰ মাজতো কোনোমতে ছেমিত উপনীত হৈছে কেংগাৰু বাহিনী। সমুখত অষ্ট্ৰেলিয়া থকাৰ বাবেই এতিয়া ভাৰতীয় অনুৰাগীসকলো চিন্তিত হৈ পৰিছে।
অৱশ্যে অনুৰাগীৰ এনে চিন্তাৰ সমাধানো আগবঢ়াইছে আইচিচিয়ে। ছেমি ফাইনেলৰ বাবে আইচিচিয়ে ৰিজাৰ্ভ ডে’ৰ বিকল্প ৰাখিছে। অৰ্থাৎ যদি নিৰ্ধাৰিত দিনত মেচখন সম্পূৰ্ণ হৈ নুঠে, তেতিয়া বাকী থকা অংশ ৰিজাৰ্ভ ডে’ত খেলোৱা হ’ব। সেই অনুসৰি কাইলৈৰ মেচখন যদি সম্পূৰ্ণ কৰিব পৰা নহয়, ৫ মাৰ্চক ৰিজাৰ্ভ ডে’ হিচাপে ব্যৱহাৰ কৰা হ’ব। একে সময়তে ডাকৱৰ্থ লুইছৰ নিয়ম অনুসৰি পিছত বেটিং কৰা দলটোৱে ফলাফল লাভ কৰিবলৈ কমেও ২৫ অভাৰ খেলিব লাগিব।
কিন্তু ৰিজাৰ্ভ ডে’ত যদি মেচৰ ফলাফল নিৰ্ণয় নহয়, তেতিয়া গ্ৰুপ পৰ্যায়ত শীৰ্ষত থকা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব। অৰ্থাৎ এই নিয়মে সহায় কৰিব ভাৰতীয় দলক। গ্ৰুপ এ- ত শীৰ্ষস্থানৰ দল হিচাপে ভাৰতে ছেমিত প্ৰৱেশ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া গ্ৰুপ বি- ত দ্বিতীয় স্থানত আছিল। এনে পৰিস্থিতিত যদি মেচখনৰ কোনো ফলাফল নোলায়, তেতিয়া ভাৰতীয় দল ফাইনেলত উপনীত হ’ব।
চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন ছেমি ফাইনেল ৫ মাৰ্চত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড দলৰ মাজত অনুষ্ঠিত হ’ব। লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে ৬ মাৰ্চক ৰিজাৰ্ভ ডে’ হিচাপে ৰখা হৈছে। যদি এই মেচখনতো ফলাফল নোলায়, তেতিয়া দক্ষিণ আফ্ৰিকাই ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। কিয়নো গ্ৰুপ বিত দক্ষিণ আফ্ৰিকা শীৰ্ষত থকাৰ বিপৰীতে নিউজিলেণ্ডে গ্ৰুপ এত দ্বিতীয় স্থান লাভ কৰিছিল।