Champions Trophy 2025: এয়া কি! খেলৰ মাজতে ক্ষমা খুজিলে ৰোহিত শৰ্মাইঃ কিয় হ’ল এনে পৰিস্থিতি?

বাংলাদেশৰ বিপক্ষে আজি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দল। এই মেচখনৰ সময়তে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই খেলপথাৰতে ৰাজহুৱাকৈ ক্ষমা খুজিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ল। পিছে কিয় হ’ল এনে পৰিস্থিতি?

Champions Trophy 2025: এয়া কি! খেলৰ মাজতে ক্ষমা খুজিলে ৰোহিত শৰ্মাইঃ কিয় হ’ল এনে পৰিস্থিতি?

খেলপথাৰতে ক্ষমা বিচাৰিলে ৰোহিতে

Updated On: 

20 Feb 2025 18:32 PM

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি বাংলাদেশৰ বিপক্ষে চলিত চেম্পিয়নছ ট্ৰফীত নিজৰ প্ৰথমখন মেচ খেলিছে ভাৰতে। এই মেচখনৰ সময়তে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই খেলপথাৰতে ৰাজহুৱাকৈ ক্ষমা খুজিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ল। ৰোহিতৰ এই ক্ষমা খোজাৰ দৃশ্য মুহূৰ্ততে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ভাৰতীয় অধিনায়কগৰাকীয়ে এইদৰে ক্ষমা খোজাৰ পিছতে সতীৰ্থ খেলুৱৈসকলে প্ৰথমে হচকিত হয় যদিও পিছত অৱশ্যে সকলোৱে হাঁহিমুখেই ৰোহিতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা দেখা যায়। পিছে কিয় হ’ল এনে পৰিস্থিতি?

মেচখনত টছত জয়ী হৈ বাংলাদেশী অধিনায়ক নাজমুল হুছেইন ছা্ণ্টোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে আৰম্ভণিতে এই সিদ্ধান্ত ভুল বুলিয়েই প্ৰায় প্ৰমাণিত হৈছিল। ইনিংছৰ প্ৰথমটো অভাৰতে উজুটি খাইছিল বাংলাদেশে। অভিজ্ঞ পেচাৰ মহম্মদ ছামিয়ে অভাৰৰ অন্তিমটো বলত বিদায় দিয়ে অপেনাৰ সৌম্য সৰকাৰক (০)। দ্বিতীয় অভাৰৰ চতুৰ্থটো বলত অধিনায়ক ছাণ্টোক (০) পেভিলিয়নৰ পথ দেখুৱায় হৰ্ষিত ৰাণাই।

ইয়াৰ পিছত সপ্তম অভাৰত ছামিয়ে পুনৰ মিৰাজৰ (৫) উইকেট দখলেৰে বাংলাদেশক বিপৰ্যয়ত পেলায়। এনে পৰিস্থিতিৰ পিছতে বাংলাদেশৰ শিবিৰত পুনৰ আঘাত হানে অক্ষৰ পেটেলে। নৱম অভাৰত বল কৰিবলৈ অহা অক্ষৰে দ্বিতীয় আৰু তৃতীয় বলত ক্ৰমে অপেনাৰ তানজিদ (২৫) আৰু মুছফিকুৰক (০) বিদায় দি হেট্ৰিক অৰ্জনৰ সুযোগ সৃষ্টি কৰে। এই উপলক্ষে এক আক্ৰমণাত্মক ফিল্ড সজায় অধিনায়ক ৰোহিতে।

ভাৰতীয় দলৰ এই জালত ভৰি দিছিল ক্ৰীজলৈ অহা জাকেৰ আলীয়ে। হেট্ৰিক বলটোত জাকেৰে শ্লীপত থকা ৰোহিতৰ হাতত সহজেই তুলি দিছিল এটা কেচ। এই কেচ আয়ত্ব কৰা হ’লেই সম্পূৰ্ণ হ’লহেঁতেন অক্ষৰৰ হেট্ৰিক। কিন্তু সকলোকে আচৰিত কৰি এই সহজ কেচটো ড্ৰপ কৰে ৰোহিতে। ইয়াৰ পিছতে ৰোহিতক নিজৰে ওপৰতে যথেষ্ট ক্ষুণ্ণ হোৱা দেখা যায়।

 

ক্ষোভিত ৰোহিতে খেলপথাৰতে হাতেৰে ঢকিয়াই ক্ষোভ প্ৰকাশ কৰাৰ লগতে অক্ষৰ তথা দলীয় সতীৰ্থ আৰু অনুৰাগীৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰে। লক্ষণীয়ভাৱে হেট্ৰিক সম্পূৰ্ণ হোৱা হ’লে অক্ষৰ চেম্পিয়নছ ট্ৰফীত হেট্ৰিক লোৱা প্ৰথম ভাৰতীয় আৰু সামগ্ৰিকভাৱে দ্বিতীয়গৰাকী বলাৰ হ’লহেঁতেন। লগতে আইচিচিৰ এদিনীয়া কোনো ইভেণ্টৰ অভিষেকতে হেট্ৰিক লোৱা প্ৰথমগৰাকী বলাৰ হ’লহেঁতেন অক্ষৰ।

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত