নিউজিলেণ্ডৰ বিপক্ষে অনিশ্চিত ৰোহিত! দেখা নাযাব নেকি পৰৱৰ্তী পৰ্যায়তো?

নিউজিলেণ্ডৰ বিপক্ষে ভাৰতৰ আগন্তুক মেচখনক কেন্দ্ৰ কৰি চলি থকা চৰ্চাৰ মাজতে পোহৰলৈ আহিছে ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় খবৰ। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, নিউজিলেণ্ডৰ বিপক্ষে এই মেচখনত দেখা নাযাব পাৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক।

নিউজিলেণ্ডৰ বিপক্ষে অনিশ্চিত ৰোহিত! দেখা নাযাব নেকি পৰৱৰ্তী পৰ্যায়তো?

নিউজিলেণ্ডৰ বিপক্ষে অনিশ্চিত ৰোহিত!

Published: 

28 Feb 2025 19:30 PM

চলিত আইচিচি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ইতিমধ্যেই স্থান নিশ্চিত কৰিছে খিতাপৰ প্ৰবল দাবীদাৰ ভাৰতে। গ্ৰুপৰ প্ৰথম দুখন মেচত সহজ জয়েৰে ছেমিৰ পথ মুকলি কৰাৰ পিছত এতিয়া গ্ৰুপৰ অন্তিমখন মেচত অহা ২ মাৰ্চত নিউজিলেণ্ডৰ সন্মুখীন হ’ব। ভাৰতীয় দলৰ লগতে ইতিমধ্যে কিৱি দলটোৱেও ছেমিত প্ৰৱেশ কৰিছে। এতিয়া অন্তিমখন মেচত জয়েৰে দুয়োটা দলে গ্ৰুপৰ শীৰ্ষস্থানৰ দল হিচাপে ছেমিত অৱতীৰ্ণ হোৱাৰ বাবে চেষ্টা চলাব। সেয়ে আগন্তুক এই মেচখন যথেষ্ট আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে।

পিছে এই মেচখনক কেন্দ্ৰ কৰি চলি থকা চৰ্চাৰ মাজতে পোহৰলৈ আহিছে ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় খবৰ। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, নিউজিলেণ্ডৰ বিপক্ষে এই মেচখনত দেখা নাযাব পাৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক। পাকিস্তানৰ বিৰুদ্ধে মেচৰ সময়ত ৰোহিতে কিছু হেমষ্ট্ৰিঙৰ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ পিছত ৰোহিতে নিজেই এই সমস্যা দূৰ হোৱা বুলি উল্লেখ কৰিছিল।

এনে পৰিস্থিতিত আগন্তুক মেচখনত ৰোহিতক দেখা পোৱা যাব বুলি সকলো নিশ্চিত হৈ পৰিছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, নিউজিলেণ্ডৰ বিপক্ষে মেচখনত ৰোহিতক জিৰণি দিয়া হ’ব পাৰে। ইতিমধ্যেই ভাৰতে যিহেতু ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে, সেয়ে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰোহিতক এই মেচখনত জিৰণি দিয়াৰ চিন্তাচৰ্চা কৰা হৈছে। আজি অনুশীলনৰ সময়তো ৰোহিতক নেটত দেখা পোৱা নাছিল বুলি প্ৰকাশ পাইছে।

যদি চৰ্চাৰ দৰেই নিউজিলেণ্ডৰ বিপক্ষে মেচখনত ৰোহিত দলত নাথাকে, দলত কেইবাটাও পৰিৱৰ্তন দেখা যাব পাৰে। প্ৰথমেই পৰিৱৰ্তন ঘটিব মূল একাদশত। প্ৰতিবেদন মতে, ৰোহিতক জিৰণি দিয়াৰ ফলত ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে চলিত প্ৰতিযোগিতাখনত মূল একাদশত স্থান পাব পাৰে। সমান্তৰালকৈ ৰোহিতৰ অনুপস্থিতিত অপেনিং যুটিতো পৰিৱৰ্তন ঘটিব। গিলৰ সৈতে তেতিয়া ৰাহুলে দলৰ হৈ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে।

ইফালে যদি ৰোহিত দলত নাথাকে তেতিয়া দলৰ অধিনায়কৰ দায়িত্ব কোনে গ্ৰহণ কৰিব, সেয়াও চৰ্চাৰ বিষয়। এইক্ষেত্ৰত প্ৰথমেই উচ্চাৰিত হৈছে শুভমন গিলৰ নাম। চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত ভাৰতীয় দলত গিলক সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। সেয়ে গিলেই ৰোহিতৰ অনুপস্থিতিত দলৰ অধিনায়কৰ দায়িত্ব বহন কৰিব। অৱশ্যে ছেমিৰ বাবে ৰোহিত পুনৰ দলত উপলব্ধ হ’ব বুলি প্ৰতিবেদনত লগতে কোৱা হৈছে।

অৰ্থাৎ ছেমিৰ বাবে যে অধিনায়ক ৰোহিত শৰ্মা সম্পূৰ্ণ সুস্থ হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপেহে নিউজিলেণ্ডৰ বিপক্ষে তেওঁক জিৰণি দিয়া হ’ব। তাৰ পিছত ছেমি আৰু ছেমিত জয়ী হ’লে ফাইনেলতো ৰোহিতে নেতৃত্ব বহন কৰিব। গতিকে ভাৰতীয় অনুৰাগীয়ে ৰোহিতক লৈ চিন্তা কৰিবলগা কোনো কাৰণ নাই।

ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ আছে বহু ৰহস্য, মৈদাম কি জানেনে?
আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, কেতিয়া নহ'ব ধনৰ অভাৱ!
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...