শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সমুখত আজি কিৱি বাহিনীঃ ভাৰতৰ মূল একাদশত স্থান পাব পাৰে এই দুই তাৰকাই, কোন হ’ব বাহিৰ!

চেম্পিয়নছ ট্ৰফীত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজিলেণ্ড। ইতিমধ্যেই ছেমিত প্ৰৱেশৰ পিছত আজি ভাৰতীয় দলে কিছু সালসলনিৰে কিৱি বাহিনীৰ বিপক্ষে মেচত নমাৰ সম্ভাৱনা আছে। দলত আজি দুগৰাকী তাৰকাই প্ৰথমবাৰৰ বাবে সুযোগ পাব পাৰে বুলি চৰ্চা চলিছে।

সমুখত আজি কিৱি বাহিনীঃ ভাৰতৰ মূল একাদশত স্থান পাব পাৰে এই দুই তাৰকাই, কোন হ’ব বাহিৰ!
আজি নিউজিলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰত
monjit-dutta
Monjit Dutta | Updated On: 02 Mar 2025 13:24 PM

আইচিচি চেম্পিয়নছ ট্ৰফীত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজিলেণ্ড। খিতাপৰ অন্যতম দাবীদাৰ এই দুয়োটা দলে ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। সেই হিচাপত আজিৰ মেচখনৰ গুৰুত্ব কিছু কম যদিও দুয়োটা দলে গ্ৰুপৰ শীৰ্ষস্থানীয় দল হিচাপে ছেমিত প্ৰৱেশৰ বাবে চেষ্টা চলাব। গতিকে দুয়োটা শক্তিশালী দলৰ মাজত আজি এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে। তদুপৰি ভাৰত বনাম নিউজিলেণ্ডৰ এই মেচখন আজি আন এক কাৰণতো বিশেষ হৈ পৰিছে।

ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীয়ে আজি এই মেচখনৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ ৩০০ খন এদিনীয়া মেচ সম্পূৰ্ণ কৰিব। প্ৰিয় তাৰকাগৰাকীৰ এই বিশেষ ক্ষণ উপভোগৰ বাবেও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীসকলে। ইফালে ছেমিত প্ৰৱেশৰ পিছত আজি ভাৰতীয় দলে কিছু সালসলনিৰে কিৱি বাহিনীৰ বিপক্ষে মেচত নমাৰ সম্ভাৱনা আছে। দলত আজি দুগৰাকী তাৰকাই প্ৰথমবাৰৰ বাবে সুযোগ পাব পাৰে বুলি চৰ্চা চলিছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে এই মেচখনত অভিজ্ঞ পেচাৰ মহম্মদ ছামিক জিৰণি দিয়া হ’ব পাৰে। পাকিস্তানৰ বিপক্ষে মেচৰ সময়ত ছামিয়ে ভৰিৰ কিছু সমস্যাত ভোগা দেখিবলৈ পোৱা গৈছিল। এনে পৰিস্থিতিত ছেমিৰ বাবে যাতে ছামি ফিট হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক জিৰণি দিয়া হ’ব পাৰে বুলি চৰ্চা চলিছে। তেওঁৰ স্থানত আজি মূল একাদশত অৰ্শদীপ সিঙে স্থান পাব পাৰে। যুৱ পেচাৰগৰাকীক অনুশীলনৰ সময়তো যথেষ্ট শ্ৰম কৰা দেখা গৈছে।

একেদৰে পাকিস্তানৰ বিপক্ষে মেচৰ সময়ত অধিনায়ক ৰোহিত শৰ্মাকো কিছু হেমষ্ট্ৰিঙৰ সমস্যাত ভোগা দেখিবলৈ পোৱা গৈছিল। এতিয়া ছেমি ফাইনেল আৰু তাৰ পিছত সম্ভাৱ্য ফাইনেলৰ বাবে ৰোহিত যাতে সুস্থ হৈ থাকে, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰোহিত শৰ্মাকো আজি জিৰণি দিয়া হ’ব পাৰে। যদি তেনে হয়, আজি ঋষভ পণ্টে মূল একাদশত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে অৰ্শদীপ আৰু পণ্ট কোনো এগৰাকীয়েই এতিয়ালৈ মূল দলত স্থান পোৱা নাই।

সেয়ে আজি যদি ৰোহিত আৰু ছামিক জিৰণি দিয়া হয়, তেতিয়া অৰ্শদীপ আৰু পণ্টে প্ৰথমবাৰৰ বাবে চলিত প্ৰতিযোগিতাখনত খেলাৰ সুযোগ পাব পাৰে। যদি দলত এনে পৰিৱৰ্তন ঘটে তেতিয়া দলৰ বেটিং লাইন আপতো পৰিৱৰ্তন দেখা যাব। ৰোহিত যদি আজি মূল দলত নাথাকে, তেতিয়া ৰাহুলে আজি গিলৰ সৈতে দলৰ ইনিংছ মুকলি কৰিব পাৰে। বিগত মেচকেইখনত ৰাহুলে দলৰ নিম্ন ক্ৰমত বেটিং কৰিছিল যদিও আজি তেওঁক অপেনাৰৰ ভূমিকাত দেখা যাব পাৰে।

সম্ভাৱ্য মূল একাদশঃ শুভমন গিল, কে এল ৰাহুল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা।