‘অভিষেক’তে চমক বৰুণৰঃ কিৱি বাহিনীৰ বিপক্ষে ‘মিষ্ট্ৰী’ যাদুৰে গঢ়িলে অভিলেখ

নিউজিলেণ্ডৰ বিপক্ষে দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ মেচত ভাৰতীয় দলত পেচাৰ হৰ্ষিত ৰাণাৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছিল মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক আৰু এই সিদ্ধান্তই হৈ পৰে ভাৰতৰ জয়ৰ প্ৰধান কাৰক। দুৰন্ত বলিঙেৰে কিৱি বাহিনীৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰি বৰুণ চক্ৰৱৰ্তী ভাৰতৰ জয়ৰ নায়ক হৈ পৰে।

‘অভিষেক’তে চমক বৰুণৰঃ কিৱি বাহিনীৰ বিপক্ষে ‘মিষ্ট্ৰী’ যাদুৰে গঢ়িলে অভিলেখ

বৰুণৰ চমক

Published: 

03 Mar 2025 07:03 AM

দেওবাৰে অন্ত পৰিল আইচিচি চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ ষ্টেজৰ খেল। কালি অন্তিমখন গ্ৰুপ মেচত ভাৰতে নিউজিলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাখনত নিজৰ অপৰাজেয় গতি অব্যাহত ৰাখে। বিগত দুখন মেচত সহজ জয়েৰে ইতিমধ্যেই ছেমিত স্থান নিশ্চিত কৰাৰ পিছত শক্তিশালী নিউজিলেণ্ডৰ বিপক্ষে এই মেচখন ভাৰতৰ বাবে একপ্ৰকাৰে শক্তিৰ পৰীক্ষা হিচাপে বিবেচিত হৈছিল। প্ৰথম ইনিংছতে স্পষ্ট হৈ পৰিছিল এই ধাৰণাৰ অৰ্থ। শক্তিশালী কিৱি বলিং লাইন আপৰ সমুখত প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ ২৪৯ ৰানহে সংগ্ৰহ কৰাৰ পিছত মেচখনত জয়ৰ কোনো সম্ভাৱনাই পৰিলক্ষিত হোৱা নাছিল।

অৱশ্যে বেটিং বিভাগ ব্যৰ্থ হ’লেও প্ৰতিযোগিতাত দুৰন্ত বলিং প্ৰদৰ্শন অব্যাহত ৰাখি মেচৰ ফলাফল ভাৰতৰ পক্ষে ঘূৰাই আনে বলিং আক্ৰমণে। মেচখনত ভাৰতীয় দলত পেচাৰ হৰ্ষিত ৰাণাৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছিল মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক আৰু এই সিদ্ধান্তই হৈ পৰে ভাৰতৰ জয়ৰ প্ৰধান কাৰক।  দুৰন্ত বলিঙেৰে কিৱি বাহিনীৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰি বৰুণ চক্ৰৱৰ্তী ভাৰতৰ জয়ৰ নায়ক হৈ পৰে।

প্ৰায় তিনিবছৰৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছৰে পৰা বৰুণে ধাৰাবাহিকতা ৰক্ষাৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে। তেনে প্ৰদৰ্শনৰ বাবেই আঘাতপ্ৰাপ্ত যশপ্ৰীত বুমৰাহৰ স্থানত চেম্পিয়নছ ট্ৰফীৰ দলত অন্তৰ্ভুক্ত কৰা হয় বৰুণক। প্ৰতিযোগিতাৰ প্ৰথম দুখন মেচত মূল দলত স্থান নাপালেও কালি নিউজিলেণ্ডৰ বিপক্ষে মেচখনৰ জৰিয়তে তেওঁ চেম্পিয়নছ ট্ৰফীত অভিষেকৰ সুযোগ পায় আৰু এই সুযোগ অথলে যাবলৈ নিদি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰে।

মেচ বিজয়ী স্পেলেৰে বৰুণে কালিৰ মেচখনত ৪২ ৰানত ৫টাকৈ উইকেট দখল কৰি নিউজিলেণ্ডৰ বেটিং লাইন আপত ত্ৰাসৰ সৃষ্টি কৰে। এই প্ৰদৰ্শনৰ বাবে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ইয়াৰ সমান্তৰালকৈ বৰুণে এই চমকপ্ৰদ প্ৰদৰ্শনেৰে কেইটামান আকৰ্ষণীয় অভিলেখো গঢ়ে। চেম্পিয়নছ ট্ৰফীত নিজৰ প্ৰথমখন মেচত ভাৰতৰ হৈ শ্ৰেষ্ঠতম বলিং ফিগাৰৰ অধিকাৰী হয় বৰুণ। এইক্ষেত্ৰত তেওঁ ভংগ কৰে মহম্মদ ছামিৰ অভিলেখ।

ছামিয়ে এই সংস্কৰণতে বাংলাদেশৰ বিপক্ষে প্ৰথমখন মেচত প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল আৰু মেচখনত ৫৩ ৰানৰ ৫টা উইকেট দখলেৰে অভিলেখ স্থাপন কৰিছিল। এতিয়া বৰুণে কালি ৪২ ৰানত ৫উইকেট দখলেৰে এই অভিলেখ নিজৰ নামলৈ আনে। এই ক্ষেত্ৰত সামগ্ৰিকভাৱে শীৰ্ষত আছে অষ্ট্ৰেলিয়ান পেচাৰ জ’চ হেজেলউড। বিগত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত তেওঁ নিজৰ প্ৰথমখন মেচত ৫২ ৰানত ৬টা অভিলেখ দখল কৰিছিল।

তদুপৰি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ দ্বিতীয় শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ অধিকাৰী হয় বৰুণ। এইক্ষেত্ৰত শীৰ্ষত আছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। জাদেজাই ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীত ৱেষ্ট ইণ্ডজৰ বিপক্ষে ৩৬ ৰানত ৫টা উইকেট দখল কৰিছিল। বৰুণ এতিয়া তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে বাংলাদেশৰ বিপক্ষে মেচৰে প্ৰদৰ্শনেৰে তৃতীয় স্থানত আছে ছামি। এইক্ষেত্ৰত চতুৰ্থ স্থানত আছে শচীন তেণ্ডুলকাৰ (৪/৩৮ বনাম অষ্ট্ৰেলিয়া) আৰু পঞ্চম স্থানত আছে জাহিৰ খান (৪/৪৫ বনাম জিম্বাবুৱে)।

নিজৰ এদিনীয়া কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন মেচতে পাঁচ উইকেট দখল কৰি বৰুণ চক্ৰৱৰ্তীয়ে এই কৃতিত্ব অৰ্জন কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ষ্টুৱাৰ্ট বিন্নীৰ নামত। বিন্নীয়ে ২০১৪ চনত নিজৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া কেৰিয়াৰৰ তৃতীয়খন মেচত বাংলাদেশৰ বিৰুদ্ধে মাত্ৰ ৪ ৰানত ৬টা উইকেট দখলেৰে এই অভিলেখ গঢ়িছিল। ১১টা বছৰ পিছত কালি বিন্নীৰ এই অভিলেখ ভংগ কৰে বৰুণে।

 

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ