ভাৰতৰ বিপক্ষে মেচলৈ সাজু পাকিস্তানঃ কোহলীৰ বিপক্ষে এইগৰাকী খেলুৱৈ হ’ব নতুন ‘অস্ত্ৰ’!
সমগ্ৰ ক্ৰিকেট বিশ্বই অপেক্ষা কৰিছে অহা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম পাকিস্তানৰ হেভীৱেইট যুঁজখনলৈ। দুয়ো চুবুৰীয়া ক্ৰিকেট শক্তিয়ে স্বাভাৱিকতেই এই মেচখনৰ বাবে দলীয় ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত। ভাৰতীয় তাৰকা কোহলীৰ বাবেও নিশ্চিতভাৱে পাকিস্তানে পৃথক ৰণনীতি তৈয়াৰ কৰিছে। এই ৰণনীতিৰ প্ৰধান অস্ত্ৰ হ’ব পাৰে দলটোৰ এগৰাকী যুৱ তাৰকা।

কোহলীৰ বিপক্ষে ৰণনীতি পাকিস্তানৰ
বাংলাদেশৰ বিপক্ষে সহজ জয়েৰে বৃ্হস্পতিবাৰে চেম্পিয়নছ ট্ৰফী ২০২৫ত প্ৰত্যাশিত আৰম্ভণি ঘটাইছে ভাৰতে। এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বই অপেক্ষা কৰিছে অহা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম পাকিস্তানৰ হেভীৱেইট যুঁজখনলৈ। ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ সদায়েই ক্ৰিকেট অনুৰাগীৰ আকৰ্ষণ হৈ আহিছে আৰু সেয়ে আগন্তুক মেচখনো ৰোমাঞ্চিত হৈ উঠিব বুলি সকলোৱে আশাৰে বাট চাইছে। দুয়ো চুবুৰীয়া ক্ৰিকেট শক্তিয়ে স্বাভাৱিকতেই এই মেচখনৰ বাবে দলীয় ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত।
ইফালে পাকিস্তানৰ বিপক্ষে বিগত সময়ছোৱাত ভাৰতীয় দলৰ অন্যতম শক্তি হিচাপে পৰিগণিত হৈ আহিছে বিৰাট কোহলী। তাৰকা বেটাৰগৰাকীয়ে সদায়েই পাকিস্তানৰ বিপক্ষে মেচত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই আহিছে। সাম্প্ৰতিক সময়ত নিজৰ শ্ৰেষ্ঠতম ফৰ্মত নাথাকিলেও কোহলী আগন্তুক এই মেচখনতো ভাৰতীয় দলৰ অন্যতম প্ৰধান ভৰসা হ’ব। সেয়ে পাকিস্তান দলেও কোহলীৰ বাবে পৃথক ৰণনীতিৰে খেলপথাৰত নামিব।
বৃ্হস্পতিবাৰে বাংলাদেশৰ বিপক্ষে মেচত কোহলীয়ে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল। মেচখনত কোহলীয়ে ৩৮টা বলত এটা চাৰিৰে ২২ ৰান সংগ্ৰহ কৰিছিল। এই মেচখনতো কোহলীৰ ক্ৰীজত লেগ স্পীনৰ বিপক্ষে শেহতীয়াকৈ দেখা পোৱা দুৰ্বলতা স্পষ্ট হৈ পৰিছিল। বাংলাদেশী লেগ স্পিনাৰ ৰিছাদ হুছেইনৰ চিকাৰ হৈছিল কোহলী। এতিয়া পাকিস্তানেও কোহলীৰ বাবে এই ৰণকৌশলেই অৱলম্বন কৰাৰ সম্ভাৱনা আছে।
বিগত সময়ছোৱাত অফ ষ্টাম্পৰ বাহিৰৰ বলত কোহলীৰ দুৰ্বলতাই সমগ্ৰ ক্ৰিকেট বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই দুৰ্বলতাৰ সুযোগ লৈছিল প্ৰতিপক্ষই। এই দুৰ্বলতাৰ লগতে এতিয়া লেগ স্পীনো কোহলীৰ আন এক দুৰ্বলতা ৰূপে পৰিগণিত হৈছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা কোহলী ধাৰাবাহিকভাৱে লেগ স্পিনাৰৰ চিকাৰ হৈ আহিছে। ২০২৪ চনৰ পৰা লেগ স্পিনাৰৰ বিৰুদ্ধে ৫ খন এদিনীয়া ইনিংছত ৫ বাৰ আউট হৈছে বিৰাট কোহলি।
এই সময়ছোৱাত তেওঁ লেগ স্পিনাৰৰ ৪৬টা বলৰ মুখামুখি হৈছে আৰু মাত্ৰ ২১ ৰানহে সংগ্ৰহ কৰিছে। কোহলীৰ এই দুৰ্বলতাৰ প্ৰতি নিশ্চিতভাৱে পাকিস্তান দলেও লক্ষ্য ৰাখিছে আৰু সেই অনুসাৰে হয়তো বিশেষ ৰণকৌশল প্ৰস্তুত কৰিব। এইক্ষেত্ৰত পাকিস্তানৰ মূল অস্ত্ৰ হৈ পৰিব পাৰে আব্ৰাৰ আহমেদ। পাকিস্তানৰ এই মিস্ত্ৰী স্পিনাৰগৰাকীয়ে শেহতীয়াকৈ নিজৰ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছে।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচতো আব্ৰাৰে সুন্দৰ বলিং কৰিছিল। ১০ অভাৰত ৪৭ ৰান খৰচ কৰি ১ উইকেট দখল কৰিছিল স্পিনাৰগৰাকীয়ে। মিষ্ট্ৰী স্পিনাৰ হিচাপে আব্ৰাৰ অফ স্পীনৰ সমান্তৰালকৈ লেগ স্পীন কৰাতো সিদ্ধহস্ত। অভাৰৰ মাজতে আকস্মিকভাৱে আব্ৰাৰৰ লেগ স্পীন কোহলীৰ সমুখত ঘাতক হৈ উঠিব পাৰে। পাকিস্তানৰ এই অস্ত্ৰ কোহলীয়ে ক্ৰীজত ব্যৰ্থ কৰিব, সেয়া চাবলৈ এতিয়া অপেক্ষাৰত ভাৰতীয় অনুৰাগী।