Champions Trophy 2025: চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিপক্ষে ভাৰতৰ পৰাজয়ৰ শংকা! এনে কাৰণত চিন্তা বাঢ়িছে অনুৰাগীৰ
আইচিচিৰ গুৰুত্বপূৰ্ণ ইভেণ্ট চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত মুখামুখি হ’ব দুই ক্ৰিকেট শক্তি ভাৰত-পাকিস্তান। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। স্বাভাৱিকতেই এই মেচখনৰ প্ৰতি যথেষ্ট উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীয়ে। পিছে ভাৰতীয় অনুৰাগীৰ মনত মেচখনলৈ অপেক্ষাৰ সমান্তৰালকৈ আছে এক দুঃচিন্তাও।
![Champions Trophy 2025: চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিপক্ষে ভাৰতৰ পৰাজয়ৰ শংকা! এনে কাৰণত চিন্তা বাঢ়িছে অনুৰাগীৰ Champions Trophy 2025: চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিপক্ষে ভাৰতৰ পৰাজয়ৰ শংকা! এনে কাৰণত চিন্তা বাঢ়িছে অনুৰাগীৰ](https://images.assamtv9.com/uploads/2025/02/India-vs-Pakistan.jpg?w=1280)
ক্ৰিকেট বিশ্বত ভাৰত বনাম পাকিস্তানৰ মেচ মানেই এক বিশেষ উৎকণ্ঠা। দুয়োটা দলৰ মাজত ক্ৰিকেটীয় যুঁজৰ উন্মাদনাই স্পৰ্শ কৰে সকলোকে। কিছুদিনৰ পিছতে ক্ৰিকেট বিশ্বই পুনৰ এবাৰ উপভোগ কৰিব এই পৰম আকাংক্ষিত মেচখন। আইচিচিৰ গুৰুত্বপূৰ্ণ ইভেণ্ট চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত মুখামুখি হ’ব এই দুই ক্ৰিকেট শক্তি। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। স্বাভাৱিকতেই এই মেচখনৰ প্ৰতি যথেষ্ট উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীয়ে। পিছে ভাৰতীয় অনুৰাগীৰ মনত মেচখনলৈ অপেক্ষাৰ সমান্তৰালকৈ আছে এক দুঃচিন্তাও।
বৰ্তমান সময়ত পাকিস্তান ক্ৰিকেট দলতকৈ তুলনামূলকভাৱে ভাৰতীয় দল কিছু শক্তিশালী যেন অনুভৱ হ’লেও পাক দলৰ শক্তি উলাই কৰা উচিত নহ’ব। তদুপৰি পুৰণি ৰেকৰ্ডৰ দিশৰ পৰাও ভাৰতীয় দল কিছু সাৱধান হ’ব লাগিব। এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিপক্ষে ভাৰতে সদায়েই আধিপত্য বিস্তাৰ কৰি আহিছে। একেদৰে টি-২০ বিশ্বকাপৰ ক্ষেত্ৰতো ভাৰতীয় দলৰ অভিলেখ যথেষ্ট উন্নত। কিন্তু ব্যতিক্ৰম চেম্পিয়নছ ট্ৰফীত।
আইচিচিৰ এই টুৰ্ণামেণ্টত পাকিস্তানৰ বিপক্ষে ভাৰতৰ পূৰ্বৰ ৰেকৰ্ড কিছু হতাশাজনক। বিগত বাৰৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো ভাৰতক পৰাস্ত কৰি খিতাপ জয় কৰিছিল পাকিস্তানে। লক্ষণীয়ভাৱে ১৯৯৮ চনত আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা। তাৰ পিছৰে পৰা এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তান পাঁচবাৰ মুখামুখি হৈছে। ইয়াৰে ভিতৰত পাকিস্তানে তিনিবাৰ জয়লাভ কৰে। আনহাতে দুবাৰ জয়ী হৈছে ভাৰত।
২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তানে পৰস্পৰৰ বিৰুদ্ধে দুখন মেচ খেলিছিল। গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত জয়ী হোৱাৰ বিপৰীতে ফাইনেলত জয়ী হৈছিল পাকিস্তান। উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ’ব। এদিনীয়া ফৰ্মেটত পৰস্পৰৰ বিৰুদ্ধে যদি দুয়োটা দলৰ অভিলেখ চোৱা যায়, এইক্ষেত্ৰতো পাকিস্তান দল ভাৰতীয় দলতকৈ যথেষ্ট আগবাঢ়ি আছে।
এই পৰ্যন্ত দুয়োটা দলৰ মাজত ১৩৫ খন এদিনীয়া খেল অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত ভাৰতে মাত্ৰ ৫৭খন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৭৩খন মেচত জয়লাভ কৰিছে। আনহাতে পাঁচখন মেচ অনিৰ্ণায়ক হৈ ৰৈছে। অৱশ্যে শেহতীয়া সময়ছোৱাত পাকিস্তানৰ দলীয় শক্তিৰ তুলনাত ভাৰতীয় দল কিছু আগবাঢ়ি থকা বুলিব পাৰি। সেয়ে পূৰ্বৰ অভিলেখ পাহৰি ভাৰতে চেম্পিয়নছ ট্ৰফীত সফলতা পাব বুলি আশা কৰা হৈছে।
অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’ব। প্ৰতিযোগিতাখনত ভাৰতীয় দলে নিজৰ সকলো মেচ ডুবাইত খেলিব। ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে মেচৰ জৰিয়তে অভিযান আৰম্ভ কৰিব ভাৰতে। ইয়াৰ পিছত ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিপক্ষে আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিপক্ষে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। ৯ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল মেচ।