চেম্পিয়নছ ট্ৰফীলৈ মাত্ৰ কেইটামান দিনঃ ভাৰত-পাক মেচৰ পূৰ্বে অনুৰাগীলৈ এনে চিন্তাৰ খবৰ

স্বাভাৱিকতেই ক্ৰিকেট বিশ্বত ভাৰত বনাম পাকিস্তানৰ মেচ আটাইতকৈ ৰোমাঞ্চকৰ মেচ হিচাপে বিবেচিত হৈ আহিছে। চেম্পিয়নছ ট্ৰফীত অনুষ্ঠিত হ’বলগা ভাৰত-পাক মেচৰ বাবেও সেয়ে ক্ৰিকেটপ্ৰেমীয়ে অত্যন্ত উছাহেৰে অপেক্ষা কৰিছে। পিছে এই মেচখনৰ পূৰ্বে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক অনাকাংক্ষিত খবৰ।

চেম্পিয়নছ ট্ৰফীলৈ মাত্ৰ কেইটামান দিনঃ ভাৰত-পাক মেচৰ পূৰ্বে অনুৰাগীলৈ এনে চিন্তাৰ খবৰ

ভাৰত-পাক মেচৰ পূৰ্বে অনুৰাগীলৈ দুখবৰ

Updated On: 

18 Feb 2025 11:01 AM

ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰত্যাশিত আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত আছে আৰু মাত্ৰ কেইটামান দিন। আইচিচিৰ এই অনন্য প্ৰধান প্ৰতিযোগিতাৰ বাবে সমগ্ৰ ক্ৰিকেট বিশ্বত অনুৰাগীৰ মাজত যথেষ্ট উছাহ ইতিমধ্যে পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ ক্ৰিকেটপ্ৰেমীয়ে প্ৰতিযোগিতাৰ এখন বিশেষ মেচৰ বাবে অধিক উৎকণ্ঠাৰে বাট চাইছে। স্বাভাৱিকতেই ক্ৰিকেট বিশ্বত ভাৰত বনাম পাকিস্তানৰ মেচ আটাইতকৈ ৰোমাঞ্চকৰ মেচ হিচাপে বিবেচিত হৈ আহিছে। চেম্পিয়নছ ট্ৰফীত অনুষ্ঠিত হ’বলগা ভাৰত-পাক মেচৰ বাবেও সেয়ে ক্ৰিকেটপ্ৰেমীয়ে অত্যন্ত উছাহেৰে অপেক্ষা কৰিছে।

দুই চুবুৰীয়া ক্ৰিকেট শক্তি অহা ২৩ ফেব্ৰুৱাৰীত ইউ এ ইৰ ডুবাইত মুখামুখি হ’ব। এই মেচখনৰ টিকটো শেহতীয়াকৈ বিক্ৰী হৈ গৈছে। এতিয়া ভাৰত আৰু পাকিস্তানৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বৰ অনুৰাগীসকলে মেচখনৰ বাবে অপেক্ষা কৰি আছে। পিছে এই মেচখনৰ পূৰ্বে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক অনাকাংক্ষিত খবৰ। প্ৰকাশিত খবৰ অনুসৰি এই মেচখনৰ বাবে অনুৰাগীসকলে ভিছা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে।

ভাৰত-পাক মেচৰ সময়ত ষ্টেডিয়ামত সদায়েই দেখা যায় দৰ্শকৰ পূৰ্ণ সঁহাৰি। দুয়োটা দলৰ অনুৰাগীয়ে সদায়েই ভিৰ কৰে গেলাৰীত। নিজ নিজ দলক সমৰ্থনৰ বাবে ডুবাইতো অনুৰাগীৰ ভিৰ হোৱা হ’ব বুলি আশা কৰা হৈছিল। পিছে ইউ এ ইৰ পৰা পাকিস্তানী অনুৰাগীয়ে লাভ কৰা নাই ভিছা। ভাৰত-পাকিস্তানৰ মেচৰ টিকট থকাৰ পাছতো পাকিস্তানী নাগৰিকৰ ভিছা নাকচ কৰাৰ বহুকেইটা খবৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে পাকিস্তানে এই আইচিচি চেম্পিয়নছ ট্ৰফীৰ আয়োজন স্বত্ব লাভ কৰিছে যদিও ভাৰতীয় দলে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে বিচিচিআইৰ প্ৰস্তাৱ অনুসৰি ভাৰতীয় দলৰ সকলো মেচ ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ভাৰতীয় দলৰ প্ৰথমখন মেচ ১৯ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। তাৰ পিছত পাকিস্তানৰ বিপক্ষে ২৩ ফেব্ৰুৱাৰীত আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে।

গ্ৰুপ পৰ্যায়ত সফলতা লাভ কৰি ভাৰতীয় দল নক্ আউট পৰ্যায়লৈ উন্নীত হ’লে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰিলে এই ফাইনেল মেচখনো ডুবাইতে অনুষ্ঠিত হ’ব। অন্যথা পাকিস্তানত অনুষ্ঠিত হ’ব নকআউট মেচ। এই পৰ্যন্ত চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তানৰ মাজত মুঠ ৫ খন মেচ অনুষ্ঠিত হৈছে। এই পাঁচখন মেচৰ ভিতৰত ভাৰতে দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে তিনিখন মেচত জয়লাভ কৰিছে।

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত