India vs Pakistan: ৰিজৱানে কৰিলে এনে কামঃ নিজ দেশৰে নহয়, ভাৰতীয় অনুৰাগীৰো জিনিলে হৃদয়
ভদ্ৰলোকৰ খেল বুলি কোৱা হয় ক্ৰিকেটক। এই ধাৰণাক অধিক সজীৱ কৰি তুলি আজি সমগ্ৰ ক্ৰিকেট বিশ্বৰ প্ৰশংসা বুটলিছে পাকিস্তানৰ অধিনায়ক মহম্মদ ৰিজৱানে। টছৰ সময়ত ৰিজৱানে কৰা এক বিশেষ আচৰণৰ বাবে প্ৰশংসাত মুখৰ হৈ পৰিছে ক্ৰিকেটপ্ৰেমী।

প্ৰশংসিত ৰিজৱান
ভদ্ৰলোকৰ খেল ক্ৰিকেট। অতীতৰ পৰা বৰ্তমানলৈ বিশ্ব ক্ৰিকেটৰ বহু কেইগৰাকী ৰথী-মহাৰথীয়ে নিজৰে আচৰণেৰে বাৰে বাৰে প্ৰমাণিত কৰি আহিছে এই কথা। সাম্প্ৰতিক সময়তো বহুকেইজন ক্ৰিকেটাৰে নিজৰ ভদ্ৰ আৰু খেলুৱৈসুলভ আচৰণেৰে সকলোৰে প্ৰশংসা আদায় কৰিছে। আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত বনাম পাকিস্তানৰ মেচতো দেখিবলৈ পোৱা গ’ল তেনে এক দৃশ্য। এই দৃশ্যই এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। সামাজিক মাধ্যমত অনুৰাগীয়ে তুলিছে প্ৰশংসাৰ বৰষুণ।
ভাৰত-পাকিস্তান মেচ বুলিলেই পূৰ্বে খেলপথাৰত দেখিবলৈ পোৱা গৈছিল খেলুৱৈৰ আক্ৰমণাত্মক ৰূ। পৰস্পৰ দলৰ খেলুৱৈৰ মাজত দেখিবলৈ পোৱা গৈছিল মৌখিক আক্ৰমণ। পিছে বিগত কেইটামান বৰ্ষত এনে পৰিস্থিতিৰ সলনি হৈছে। খেলপথাৰৰ বাহিৰৰ লগতে ভিতৰতো পৰিলক্ষিত হয় এতিয়া বন্ধুত্বপূৰ্ণ আচৰণ। তেনে এক নিদৰ্শন দাঙি ধৰিয়েই আজি প্ৰশংসিত হৈছে পাকিস্তানৰ অধিনায়ক মহম্মদ ৰিজৱান।
মেচখনত আজি প্ৰথমে বেটিং কৰি পাকিস্তানে ১০ অভাৰৰ ভিতৰতে ২টাকৈ উইকেট হেৰুৱাই কিছু বিপদত পৰিছিল পাকিস্তান। ইয়াৰ পিছতে অধিনায়ক ৰিজৱান আৰু চাকিলে এক শতকীয় যুটিৰে দলক বিপদৰ পৰা উদ্ধাৰ কৰে। চাকিলে সৰ্বাধিক ৬২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰিজৱানে ৪৬ ৰান সংগ্ৰহ কৰি বিদায় লয়। বেটিঙৰ পূৰ্বে টছৰ সময়ত ৰিজৱানে কৰা এক বিশেষ কামৰ বাবে এতিয়া যথেষ্ট চৰ্চা হৈছে।
ভাৰতৰ বিপক্ষে এই মেচখন ৰিজৱানৰ বাবে দুটা কাৰণত বিশেষ হৈ পৰিছে। প্ৰথম, এই মেচত পৰাস্ত হ’লেই পাকিস্তান চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ হ’ব। দ্বিতীয়তে, ভাৰতৰ বিপক্ষে প্ৰথমবাৰৰ বাবে তেওঁ পাকিস্তানৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিছে। অধিনায়ক হিচাপে টছ কৰিবলৈ আহি সফলতা লাভ কৰে ৰিজৱানে আৰু টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। টছৰ পিছতে তেওঁ ভাৰতীয় অধিনায়ক ৰোহিতক মেচৰ বাবে শুভকামনা জনায়।
টছৰ পিছত ৰিজৱানে দায়িত্বত থকা ৰবি শাস্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে আৰু নিজ সিদ্ধান্তৰ কথা অৱগত কৰি আঁতৰি যোৱাৰ পিছত তাৰ ৰোহিত শৰ্মা ৰবি শাস্ত্ৰীৰ কাষলৈ আগবাঢ়ে। এই সময়ত ৰিজৱানে ৰোহিত শৰ্মাক মেচখনৰ বাবে শুভকামনা জনায় আৰু ‘গুড লাক ভায়া’ বুলি কোৱা শুনা যায়। ৰোহিতৰ প্ৰতি ৰিজৱানে কৰা এই ভাতৃত্বসূচক সম্বোধনে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীকে মোহিত কৰে।
ইয়াৰ পিছতে সমগ্ৰ ক্ৰিকেট বিশ্বৰ অনুৰাগীয়ে ৰিজৱানৰ এনে ভদ্ৰ আচৰণক সামাজিক মাধ্যমত উচ্চ প্ৰশংসা কৰিছে। পিছ পৰি নাথাকিল ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলো। ভাৰতীয় অনুৰাগীসকলেও সামাজিক মাধ্যমত পাকিস্তানী অধিনায়কগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।