ডুবাইত ইতিহাস ৰচিলে কিং কোহলীয়েঃ আৰ্জিলে এই দুই কৃতিত্ব, অতিক্ৰম শচীনক

পাকিস্তানৰ বিপক্ষে মেচৰ সময়তে আজি সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীয়ে দুটাকৈ ঈৰ্ষণীয় অভিলেখ স্থাপন কৰে। প্ৰথমে ফিল্ডিঙত আৰু তাৰ পিছত হাতত বেট লৈ কোহলীয়ে ৰচিছে ইতিহাস।

ডুবাইত ইতিহাস ৰচিলে কিং কোহলীয়েঃ আৰ্জিলে এই দুই কৃতিত্ব, অতিক্ৰম শচীনক

বিৰাট কোহলীৰ ইতিহাস

Updated On: 

23 Feb 2025 23:10 PM

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ মেচত আজি পাকিস্তানৰ বিপক্ষে বহু প্ৰত্যাশিত মেচত অৱতীৰ্ণ হৈছে ভাৰত। এই মেচখনত এইপৰ্যন্ত জয়ৰ দিশে গতি কৰিছে ভাৰতে। পাকিস্তানে বান্ধি দিয়া ২৪২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে আৰম্ভণিতে ৰোহিতৰ উইকেট হেৰুৱালেও গিল আৰু কোহলীয়ে ভাৰতীয় ইনিংছ আগবঢ়াই নিয়ে। এই সময়তে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীয়ে দুটাকৈ ঈৰ্ষণীয় অভিলেখ স্থাপন কৰে। প্ৰথমে ফিল্ডিঙত আৰু তাৰ পিছত হাতত বেট লৈ কোহলীয়ে ৰচিছে ইতিহাস।

ৰোহিতৰ বিদায়ৰ পিছত ক্ৰীজলৈ অহা কোহলীৰ কান্ধত পৰে অতিৰিক্ত দায়িত্ব। এই দায়িত্ব পালন কৰি ধৈৰ্যসহকাৰে ইনিংছ আগুৱাই নিয়ে কোহলীয়ে। ব্যক্তিগত ১৩ ৰানৰ স্ক’ৰত বেটিং কৰি থকাৰ সময়তে কোহলীয়ে এটা বাউণ্ডেৰী কোবায় আৰু ইয়াৰ লগে লগে কোহলীয়ে অৰ্জন কৰে এক অনন্য কৃতিত্ব। এই বাউণ্ডেৰীটোৰ সহায়ত কোহলীয়ে নিজৰ এদিনীয়া কেৰিয়াৰত সম্পূৰ্ণ কৰে ১৪ ৰান। এই সাফল্য লভা ক্ৰিকেট ইতিহাসৰ কেৱল তৃতীয়গৰাকী খেলুৱৈ কোহলী।

বিৰাট কোহলীৰ পূৰ্বে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু শ্ৰীলংকাৰ কিংবদন্তি তাৰকা কুমাৰ ছাংগাকাৰাই এই কৃতিত্ব অৰ্জন কৰিছে। অৱশ্যে এই দুই তাৰকাক অতিক্ৰমি কোহলীয়ে এদিনীয়াত দ্ৰুততম ১৪০০০ ৰান সম্পূৰ্ণ কৰাৰ অভিলেখ গঢ়িছে। পূৰ্বে ৩৫০টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰা শচীনৰ নামত এই অভিলেখ আছিল যদিও কোহলীয়ে ২৮৭ সংখ্যক ইনিংছতে ১৪ হাজাৰ ৰানৰ ক্লাৱত প্ৰৱেশ কৰি নতুন অভিলেখ স্থাপন কৰে।

এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত বিৰাট কোহলী তৃতীয় স্থানত আছে। ১৪২৩৪ ৰান সংগ্ৰহেৰে ছাংগাকাৰা দ্বিতীয় স্থানত আৰু শচীন ১৮,৪২৬ ৰাণেৰে প্ৰথম স্থানত আছে। ইয়াৰ পূৰ্বে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়াত সৰ্বাধিক কেচ ধৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপে আন এক অভিলেখ প্ৰতিষ্ঠা কৰে। পাকিস্তানৰ ইনিংছৰ সময়ত কোহলীয়ে দুটা কেচ ধৰে। ইয়াৰে প্ৰথমটো কেচ ধৰাৰ সময়তে এই অভিলেখ ৰচে কোহলীয়ে।

পাকিস্তানী ইনিংছৰ ৪৭ অভাৰত কুলদীপ যাদৱৰ বলত নাছিম শ্বাহে তুলি দিয়া কেচ আয়ত্ব কৰে কোহলীয়ে। নিজৰ ২৯৯ সংখ্যক এদিনীয়া মেচত বিৰাট কোহলীৰ এয়া আছিল ১৫৭ সংখ্যক কেচ। ইয়াৰ লগে লগে তেওঁ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ অভিলেখ ভংগ কৰে। নিজ কেৰিয়াৰত আজহাৰুদ্দিনে এদিনীয়াত ১৫৬টা কেচ ধৰিছিল। প্ৰায় ২৫ বছৰ পিছত কোহলীয়ে এতিয়া এই অভিলেখ নিজৰ নামলৈ আনে।

ইয়াৰ পিছতে কোহলীয়ে খুছদিল শ্বাহৰ কেচ ধৰি এদিনীয়াত নিজৰ কেচৰ সংখ্যা ১৫৮টালৈ বৃদ্ধি কৰে। বিশ্ব ক্ৰিকেটত সৰ্বাধিক কেচৰ ক্ষেত্ৰত কোহলী এতিয়া তৃতীয় স্থানত আছে। এদিনীয়া মেচত সৰ্বাধিক কেচৰ অভিলেখ আছে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মহেলা জয়ৱৰ্ধনেৰ নামত। ২১৮টা কেচেৰে তেওঁ প্ৰথম স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং ১৬০টা কেচেৰে দ্বিতীয় স্থানত আছে।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...