Mohammed Shami: ডুবাইত ইতিহাস ৰচনা ছামিৰঃ সম্পূৰ্ণ ২০০ এদিনীয়া উইকেট, গঢ়িলে বিশ্ব ৰেকৰ্ড

আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীত ছামিৰ অংশগ্ৰহণ সন্দৰ্ভত অনিশ্চয়তাই দেখা দিছিল। কিন্তু সকলো জল্পনা-কল্পনা দূৰ কৰি অৱশেষত নিৰ্বাচকে ছামিক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত দলত স্থান দিয়ে আৰু বুমৰাহৰ অনুপস্থিতিত তেওঁৰ কান্ধতে পৰে বলিং বিভাগক নেতৃত্ব প্ৰদানৰ দায়িত্ব। অৱশ্যে দল তথা অনুৰাগীক নিৰাশ কৰা নাই ছামিয়ে। তাৰ প্ৰমাণ দেখা গ’ল আজি ডুবাইত।

Mohammed Shami: ডুবাইত ইতিহাস ৰচনা ছামিৰঃ সম্পূৰ্ণ ২০০ এদিনীয়া উইকেট, গঢ়িলে বিশ্ব ৰেকৰ্ড

ছামিৰ চমক

Published: 

20 Feb 2025 19:05 PM

ভাৰতৰ মাটিত অনুষ্ঠিত হৈছিল ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ। এই বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত খেলাৰ সুযোগ লাভ কৰা নাছিল তাৰকা পেচাৰ মহম্মদ ছামিয়ে। কিন্তু মূল দলত সুযোগ লাভৰ পিছতে অপ্ৰতিৰোধ্য হৈ পৰে তাৰকা পেচাৰগৰাকী। নিজৰ বিধ্বংসী বলিঙেৰে প্ৰতিপক্ষৰ সমুখত ত্ৰাসৰ সৃষ্টি কৰিছিল দখল কৰিছিল এটাৰ পিছত আন এটাকৈ উইকেট, গঢ়িছিল অভিলেখ। ইয়াৰ পিছতে আঘাতৰ বাবে প্ৰায় ডেৰ বছৰ সময় খেলপথাৰৰ পৰা বাহিৰত থাকিবলৈ বাধ্য হৈ পৰিছিল অভিজ্ঞ তাৰকাগৰাকী। অংশ ল’ব পৰা নাছিল টি-২০ বিশ্বকাপত।

আঘাতৰ বাবেই চেম্পিয়নছ ট্ৰফীতো ছামিৰ অংশগ্ৰহণ সন্দৰ্ভত অনিশ্চয়তাই দেখা দিছিল। ফিটনেছৰ ক্ষেত্ৰত দেখা দিছিল সমস্যাই। কিন্তু সকলো জল্পনা-কল্পনা দূৰ কৰি অৱশেষত নিৰ্বাচকে ছামিক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত দলত স্থান দিয়ে আৰু বুমৰাহৰ অনুপস্থিতিত তেওঁৰ কান্ধতে পৰে বলিং বিভাগক নেতৃত্ব প্ৰদানৰ দায়িত্ব। অৱশ্যে দল তথা অনুৰাগীক নিৰাশ কৰা নাই ছামিয়ে। তাৰ প্ৰমাণ দেখা গ’ল আজি ডুবাইত।

বাংলাদেশৰ বিপক্ষে আজি অনুষ্ঠিত হোৱা এইবাৰৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ প্ৰথমখন মেচতে নিজ অভিজ্ঞতাৰে সাফল্যৰ লহৰ তুলিলে মহম্মদ ছামিয়ে। বিধ্বংসী বলিঙেৰে বাংলাদেশৰ বেটিং বিভাগত খহনীয়াৰ সৃষ্টি কৰি ছামিয়ে নিজ স্পেলত ৫৩ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ছামিৰ এই বলিং তাণ্ডৱৰ ফলতে বাংলাদেশে মাত্ৰ ২২৮ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। এই চমকপ্ৰদ স্পেলেৰে ছামিয়ে ৰচে কেইবাটাও অভিলেখ।

আজি মেচখনত ৩টা উইকেট দখল কৰাৰ লগে লগে ছামিয়ে নিজ এদিনীয়া কেৰিয়াৰত ২০০টা উইকেট সম্পূৰ্ণ কৰে। এই অনন্য কৃতিত্ব অৰ্জন কৰা দেশৰ দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হৈছে তাৰকা পেচাৰগৰাকী। প্ৰথম অভাৰতে অপেনাৰ সৌম্য সৰকাৰৰ উইকেট দখল কৰাৰ পিছত ছামিয়ে নিজ স্পেলৰ চতুর্থ অভাৰতো দখল কৰে মেহেদী হাছান মিৰাজৰ উইকেট। ইয়াৰ পিছতে ইনিংছৰ ৪৩তম অভাৰত ছামিয়ে দখল কৰে তৃতীয়টো উইকেট।

অভাৰটোৰ চতুৰ্থ বলত জাকেৰ আলীৰ উইকেট দখলেৰে ছামিয়ে সম্পূৰ্ণ কৰে ২০০টা এদিনীয়া উইকেট। লক্ষণীয়ভাৱে ২০০ এদিনীয়া উইকেট দখলৰ ক্ষেত্ৰত ছামি ভাৰতৰ দ্ৰুততম আৰু বিশ্বৰ দ্বিতীয় দ্ৰুততম বলাৰ। ছামিয়ে ১০৪ সংখ্যক মেচত ২০০ উইকেট সম্পূৰ্ণ কৰাৰ বিপৰীতে ১০২খন মেচত এই কৃতিত্ব অৰ্জনেৰে শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক। ছামিৰ সৈতে এই তালিকাত যুটিয়াভাৱে দ্বিতীয় স্থানত আছে কিংবদন্তি পাকিস্তানী স্পিনাৰ ছাকলেইন মুস্তাক।

আনহাতে বলৰ ক্ষেত্ৰত এইদিশত ষ্টাৰ্কতকৈ আগত আছে ছামি। এদিনীয়াত ২০০ উইকেট সম্পূৰ্ণ কৰিবলৈ ষ্টাৰ্কক ৫২৪০ বলৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ছামিয়ে ৫১২৬ বলত এই কৃতিত্ব অৰ্জন কৰিছে। ছামিয়ে লগতে আই চি চি ইভেণ্টত ভাৰতৰ হৈ সৰ্বাধিক উইকেটৰ অভিলেখো স্থাপন কৰিছে। এইপৰ্যন্ত বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীত ৭১টা উইকেট দখলেৰে কিংবদন্তি পেচাৰ জাহীৰ খানৰ নামত এই অভিলেখ অক্ষত আছিল।

কিন্তু ছামিয়ে আজি এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী আৰু টি-২০ বিশ্বকাপত মুঠ ৭৪টা উইকেট দখল কৰি জাহিৰক অতিক্ৰম কৰে। মাত্ৰ ৩৩খন মেচতে এই কৃতিত্ব অৰ্জন কৰিছে তাৰকা পেচাৰগৰাকীয়ে। লক্ষণীয়ভাৱে টি-২০ বিশ্বকাপক বাদ দিলে ছামিয়ে এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে মাত্ৰ ১৯খন মেচতে ৬০টা উইকেট দখল কৰিছে।

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত