শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডুবাইত ’১৭ৰ বেদনা দূৰ কৰাৰ সুযোগ! পাকিস্তানক বিদায় দিবলৈ সাজু মেন ইন ব্লু

দেওবাৰে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ মেচত পৰস্পৰৰ মুখামুখি হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান। ভাৰতীয় দলে কাইলৈ ২০১৭ চনত সহিবলগীয়া এক কঠিন বেদনা দূৰ কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব।

ডুবাইত ’১৭ৰ বেদনা দূৰ কৰাৰ সুযোগ! পাকিস্তানক বিদায় দিবলৈ সাজু মেন ইন ব্লু
কাইলৈ ভাৰত বনাম পাকিস্তানৰ মেচ
monjit-dutta
Monjit Dutta | Updated On: 22 Feb 2025 18:00 PM

কাইলৈ ডুবাইত ক্ৰিকেট বিশ্বৰ বহু প্ৰত্যাশিত ভাৰত বনাম পাকিস্তানৰ মেচ। দুই চুবুৰীয়া ক্ৰিকেট শক্তি দেওবাৰে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ মেচত পৰস্পৰৰ মুখামুখি হ’ব। এই মেচখন চলিত চেম্পিয়নছ ট্ৰফীত দুয়োটা দলৰে গ্ৰুপ পৰ্যায়ত দ্বিতীয়খন মেচ হ’ব। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত পাকিস্তান নিউজিলেণ্ডৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে বৃ্হস্পতিবাৰে বাংলাদেশক পৰাস্ত কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিছিল ভাৰতে।

এনে স্থিতিত কাইলৈৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰতে নিশ্চিতভাৱে এই মেচখনত জয়েৰে ছেমিৰ পথ প্ৰশস্ত কৰিব বিচাৰিব। আনহাতে কাইলৈ পৰাস্ত হ’লেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব পাকিস্তান। এইদৰে ভাৰতীয় দলে কাইলৈ চেম্পিয়নছ ট্ৰফীৰ বিগত সংস্কৰণত সহিবলগীয়া বেদনা দূৰ কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব। পিছে ভাৰতীয় দলৰ এই বেদনাৰ আঁৰৰ কাৰণ কি!

চেম্পিয়নছ ট্ৰফীৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হৈছিল ২০১৭ চনত। বিগত এই সংস্কৰণৰ ফাইনেলত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান। এই ফাইনেল মেচত ভাৰতক প্ৰায় বিধ্বস্ত কৰি প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰিছিল পাকিস্তানে। এতিয়া ভাৰতে দেওবাৰে ২০২৭ চনত সন্মুখীন হোৱা এই পৰাজয়ৰ পোতক তোলাৰ লগতে পাকিস্তানক প্ৰতিযোগিতাৰ পৰা বিদায় দি ১৭ৰ সেই ব্যথা দূৰ কৰাৰ সুযোগ পাব।

অৱশ্যে শেহতীয়া ফৰ্মলৈ চালে কাইলৈ ভাৰতীয় দলৰ জয়ৰ সম্ভাৱনাই অধিক। শেহতীয়া প্ৰদৰ্শনলৈ চাই ভাৰতীয় দল পাকিস্তানতকৈ কিছু শক্তিশালী স্থিতিত আছে। ঘৰুৱা মাটিতে পাকিস্তানে শেহতীয়াকৈ খেলা চাৰিখন এদিনীয়াৰ ভিতৰত তিনিখনত পৰাস্ত হৈছে। চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পূৰ্বে পাকিস্তানে ত্ৰিদেশীয় শৃংখলাৰ ফাইনেলসহ দুখন মেচত কিৱি দলটোৰ হাতত পৰাস্ত হৈছিল।

সততে শক্তিশালী বলিং আক্ৰমণৰ বাবে পৰিচিত পাকিস্তানৰ শেহতীয়া বলিং প্ৰদৰ্শনো নিৰাশাজনক। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পাকিস্তানৰ বলাৰে অন্তিম ৬০টা বলত ১১৩ ৰান খৰচ কৰাৰ লগতে মাত্ৰ এটাহে উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে ভাৰতীয় দলৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট উৎসাহজনক। বৃ্হস্পতিবাৰে বাংলাদেশৰ বিপক্ষে জয়ৰ লগতে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডক ক্লীন ছুইপ কৰিছিল ভাৰতে।

বেটিং-বলিং উভয় দিশতে ভাৰতৰ শেহতীয়া প্ৰদৰ্শন চিন্তামুক্ত। অধিনায়ক ৰোহিতে ফৰ্ম ঘূৰাই পোৱাটো দলৰ বাবে উৎসাহৰ খবৰ। অৱশ্যে কোহলী পৰিচিত ফৰ্মলৈ ঘূৰি অহাৰ বাবে বাট চাইছে দলৰ অনুৰাগীসকলে। লক্ষণীয়ভাৱে ডুবাইত এদিনীয়া ফৰ্মেটত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু পাকিস্তানৰ দল। এতিয়ালৈকে এই খেলপথাৰত এদিনীয়া ফৰ্মেটত দুয়োটা দলৰ মাজত মাত্ৰ দুখন মেচহে অনুষ্ঠিত হৈছে।

এই দুয়োখন মেচ ২০১৮ এছিয়া কাপৰ সময়ত অনুষ্ঠিত হৈছিল আৰু দুয়োখন খেলতে ভাৰতে জয়লাভ কৰিছিল। গ্ৰুপ পৰ্যায়ত ভাৰতে ৮ উইকেটত জয়লাভ কৰিছিল। ইয়াৰ পাছতে ছুপাৰ ৪ত ভাৰতৰ হাতত ৯ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল পাকিস্তান। এই জয়ৰ ধাৰা ব্যাহত ৰাখিবলৈ ভাৰতে পূৰ্ণ চেষ্টা চলাব। মেচখনত ভাৰতৰ মূল একাদশ অপৰিৱৰ্তিত হৈ থকাৰ সম্ভাৱনাই অধিক।