শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চেম্পিয়নছ ট্ৰফীৰ পৰা কিয় বাহিৰ হ’ল পাকিস্তান! বাখ্যা কৰিলে প্ৰশিক্ষকে; পোহৰলৈ সংঘাতৰো খবৰ

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বিদায় ল’লে আয়োজক পাকিস্তানে।চ ইয়াৰ পিছতে পাকিস্তান ক্ৰিকেট দল তথা ব’ৰ্ড সন্মুখীন হৈছে কঠোৰ নিন্দাৰ। এনে নিন্দা তথা সমালোচনাৰ মাজতে দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক আকিব জাভেদে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ পৰাজয়ৰ সমান্তৰালকৈ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে।

চেম্পিয়নছ ট্ৰফীৰ পৰা কিয় বাহিৰ হ’ল পাকিস্তান! বাখ্যা কৰিলে প্ৰশিক্ষকে; পোহৰলৈ সংঘাতৰো খবৰ
পাকিস্তানৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক আকিব জাভেদ
monjit-dutta
Monjit Dutta | Published: 27 Feb 2025 15:27 PM

চূড়ান্ত হতাশাজনক প্ৰদৰ্শনেৰে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বিদায় ল’লে আয়োজক পাকিস্তানে। প্ৰথমখন মেচতে নিউজিলেণ্ডৰ বিপক্ষে পৰাস্ত হোৱাৰ পিছত দ্বিতীয়খন মেচতো ভাৰতৰ বিপক্ষে পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ বিদায় প্ৰায় নিশ্চিত হৈ পৰিছিল। ইয়াৰ পিছত নিউজিলেণ্ডে বাংলাদেশক পৰাস্ত কৰাৰ লগে আয়োজক দেশখনে আনুষ্ঠানিকভাৱে বিদায় লয় চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা। ইয়াৰ পিছতে পাকিস্তান ক্ৰিকেট দল তথা ব’ৰ্ড সন্মুখীন হৈছে কঠোৰ নিন্দাৰ।

অনুৰাগীৰ লগতে দেশৰ প্ৰাক্তন খেলুৱৈসকলেও কঠোৰ নিন্দাৰে থকাসৰকা কৰিছে ব’ৰ্ড তথা দলক। এনে নিন্দা তথা সমালোচনাৰ মাজতে দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক আকিব জাভেদে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ পৰাজয়ৰ সমান্তৰালকৈ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে। মুখ্য প্ৰশিক্ষক আকিব জাভেদে গ্ৰুপ পৰ্যায়ত দলৰ ধাৰাবাহিক ব্যৰ্থতা স্বীকাৰ কৰি লৈছে।

ভাৰতৰ বিৰুদ্ধে পৰাজয়ে প্ৰতিযোগিতাখনত দলৰ যাত্ৰা অন্ত পেলোৱাত নিৰ্ণায়ক ভূমিকা লোৱা বুলি উল্লেখ কৰি জাভেদে দলটোৰ প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ খেলুৱৈৰ অনুপস্থিতিৰ স্পষ্ট প্ৰভাৱ পৰিছিল বুলি স্বীকাৰ কৰে। তেওঁ বিশেষভাৱে ফখৰ জামান আৰু চেইম আয়ুবৰ অনুপস্থিতিৰ কথা উল্লেখ কৰি দল গঠন আৰু দলীয় কৌশলৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

নিউজিলেণ্ড আৰু ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ বেটিং প্ৰদৰ্শন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ উত্তৰত আকিব জাভেদে ভাৰতীয় লাইনআপৰ তুলনাত পাকিস্তানী দলৰ ভিতৰত অভিজ্ঞ মেচ-বিজয়ীৰ অভাৱ বুলি স্বীকাৰ কৰে। তেওঁৰ মতে, মেচৰ চাপৰ সময়ত পাকিস্তানী বেটিং অৰ্ডাৰত ধাৰাবাহিক প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈৰ অভাৱ আৰু এই কাৰকে তেওঁলোকৰ সামগ্ৰিক প্ৰদৰ্শনত যথেষ্ট প্ৰভাৱ পেলাইছিল।

দলৰ পৰাজয় তথা প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত সৃষ্টি হোৱা ক্ষোভ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আকিব জাভেদে এই সময়ত খেলুৱৈসকল নিজেই যথেষ্ট হতাশ হৈ পৰিছে বুলি মন্তব্য কৰে। খেলুৱৈসকলৰ আৱেগ যিকোনো অনুৰাগী বা বিশ্লেষকে কল্পনা কৰাতকৈ বহু বেছি বুলিও জাভেদে লগতে কয়। ইফালে জাভেদৰ এনে প্ৰতিক্ৰিয়াৰ মাজতে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত দলটোৰ ভিতৰচৰাত হোৱা সংঘাতৰ খবৰো সম্প্ৰতি চৰ্চালৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি মুখ্য প্ৰশিক্ষক আকিব জাভেদে নিজা পছন্দ মতে এগৰাকী খেলুৱৈৰ বাছনি কৰিছিল আৰু তেওঁৰ এই সিদ্ধান্তত অধিনায়ক মহম্মদ ৰিজৱান সুখী হোৱা নাছিল। আকিব জাভেদে ফাহিম আশ্ৰাফক দলত স্থান দিছিল যদিও এই সিদ্ধান্ত সন্দৰ্ভত বাছনি সমিতি আৰু মহম্মদ ৰিজৱান সন্মত নাছিল বুলি পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। পিচিবিৰ অধ্যক্ষ মহছিন নাকভিও জাভেদৰ সিদ্ধান্তৰ পক্ষত নাছিল বুলি প্ৰকাশ পাইছে।

এই মতানৈক্যৰ প্ৰভাৱ পাকিস্তান দলৰ ভিতৰচৰাত পৰিছিল আৰু ইয়াৰ ফলস্বৰূপে খেলুৱৈসকলে দল হিচাপে একত্ৰিত হ’ব নোৱাৰিলে বুলি দাবী কৰা হৈছে প্ৰতিবেদনত। এনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীৰ পিছতে পাকিস্তান ক্ৰিকেটত ব্যাপক সালসলনি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। বৰ্তমানৰ অন্তৱৰ্তীকালীন প্ৰশিক্ষক আকিব জাভেদকো ব’ৰ্ডে বৰ্খাস্ত কৰিব পাৰে বুলি ব্যাপক চৰ্চা চলিছে।