বাতিল হ’ল বাংলাদেশৰ বিপক্ষে মেচঃ এখনো মেচত জয়ী নোহোৱাকৈয়ে বাহিৰ আয়োজক পাকিস্তান
বৰষুণৰ বাবে আজি বাংলাদেশৰ বিপক্ষে মেচ বাতিল হোৱাৰ ফলত আয়োজক পাকিস্তান এখনো মেচতো জয়ী নোহোৱাকৈয়ে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগা হয়। গ্ৰুপত নিজৰ প্ৰথম দুখন মেচত পাকিস্তান নিউজিলেণ্ড আৰু ভাৰতৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল।

লজ্জাজনক প্ৰদৰ্শনেৰে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অভিযান অন্ত পেলালে পাকিস্তানে। আজি প্ৰতিযোগিতাত দলটোৰ বাংলাদেশৰ বিপক্ষে অনুষ্ঠিত হ’বলগীয়া মেচ বৰষুণৰ বাবে বাতিল কৰিবলগা হয়। এনে পৰিস্থিতিত দুয়োটা দলৰ মাজতো এক পইণ্টকৈ ভাগ কৰা হয়। এই মেচখন বাতিল হোৱাৰ ফলত আয়োজক পাকিস্তান এখনো মেচতো জয়ী নোহোৱাকৈয়ে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগা হয়। গ্ৰুপত নিজৰ প্ৰথম দুখন মেচত পাকিস্তান নিউজিলেণ্ড আৰু ভাৰতৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল।
লক্ষণীয়ভাৱে ২০২৭ চনত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ বিগত সংস্কৰণত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল পাকিস্তানে। ফাইনেলত ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে দলটোৱে জয় কৰিছিল চেম্পিয়নছ ট্ৰফীৰ খিতাপ। ডিফেণ্ডিং চেম্পিয়ন দলটোৱে এইবাৰ প্ৰতিযোগিতাৰ আয়োজক হিচাপে খিতাপ অক্ষুণ্ণ ৰখাৰ এক সুন্দৰ সুযোগ লাভ কৰিছিল যদিও এই সুযোগ লোৱাত চূড়ান্তৰূপে ব্যৰ্থ হয়।
ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা পাকিস্তানে মাত্ৰ এক পণ্ট লাভ কৰি গ্ৰুপৰ অন্তিম স্থানৰ দল হিচাপেই অভিযানৰ অন্ত পেলাবলৈ বাধ্য হয়। উল্লেখ্য যে পাকিস্তানে সুদীৰ্ঘ ২৯ বছৰৰ পাছত কোনো আইচিচি টুৰ্ণামেণ্ট আয়োজন কৰাৰ সুযোগ লাভ কৰিছিল। কিন্তু মাত্ৰ ৮ দিনৰ ভিতৰতে লজ্জাজনক ৰূপত দলটোৰ এই যাত্ৰাৰ অন্ত পৰিল।
পূৰ্বে ঘোষিত সূচী অনুসৰি পাকিস্তান আৰু বাংলাদেশৰ এই মেচখনৰ স্থান ৰাৱালপিণ্ডি নিৰ্ধাৰণ কৰা হৈছিল। মেচ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰাৱালপিণ্ডিত বৰষুণ আৰম্ভ হৈছিল। বৰষুণ বন্ধ হৈছিল যদিও সেমেকা আউটফিল্ডৰ বাবে প্ৰথমে টছ পিছুৱাই দিব লগা হয়। কিন্তু বহু প্ৰচেষ্টাৰ পিছতো আউটফিল্ডৰ কোনো বিশেষ পৰিৱৰ্তন নঘটাৰ ফলত নিৰ্ধাৰিত সময়ৰ প্ৰায় ২ ঘণ্টাৰ পিছতো মেচখন আৰম্ভ নহ’ল।
ইয়াৰ পিছত পুনৰ বৰষুণ আৰম্ভ হোৱাৰ ফলস্বৰূপে মেচখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগে লগে জয়ৰ সোৱাদ নোলোৱাকৈয়ে চেম্পিয়নছ ট্ৰফীৰ পৰা বিদায় লয় আয়োজক দেশখনে। অৱশ্যে দলটোৰ সামগ্ৰিক ফলাফলত এই মেচখনৰ কোনো প্ৰভাৱ পৰা নাই। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিপক্ষে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ আৰু তাৰ পিছত যোৱা ২৩ ফেব্ৰুৱাৰীত ভাৰতৰ বিপক্ষে দলটোৰ পৰাজয়ৰ লগে লগে প্ৰায় নিৰ্বাপিত হৈছিল দলটোৰ আশা।
ইয়াৰ পিছত পাকিস্তানৰ ভাগ্য বাংলাদেশৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল যদিও নিউজিলেণ্ডে বাংলাদেশক পৰাস্ত কৰাৰ লগে লগে সেই আশাও নিৰ্বাপিত হয় আৰু দলটোৰ বিদায় নিশ্চিত হয়। এনে পৰিস্থিতিত আজি দলটোৱে সান্তনাৰ জয়ৰ লক্ষ্যৰে বাংলাদেশৰ বিপক্ষে মেচখনৰ বাবে অপেক্ষা কৰিছিল যদিও বৰষুণে দলটোৰ এই আশাও ভংগ কৰে।