কোন হ’ব চেম্পিয়নছ ট্ৰফীত ভাৰত-পাক মেচৰ আম্পায়াৰ! চাওক সবিশেষ….
আইচিচি চেম্পিয়নছ ট্ৰফীৰ বহু প্ৰত্যাশিত ভাৰত বনাম পাকিস্তান মেচৰ বাবে ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে উন্মাদনা। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তিৰ এই বহুচৰ্চিত মেচখন। এই মেচখনত আম্পায়াৰ তথা মেচ ৰেফাৰী কোন হ’ব, এই বিষয়ে জনাৰ হেঁপাহ অনুৰাগীসকলৰ মনত পৰিলক্ষিত হৈছে।

আইচিচি চেম্পিয়নছ ট্ৰফীৰ বহু প্ৰত্যাশিত ভাৰত বনাম পাকিস্তান মেচৰ বাবে ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে উন্মাদনা। সমগ্ৰ ক্ৰিকেট বিশ্বতে এই মেচখনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে চৰ্চা। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তিৰ এই বহুচৰ্চিত মেচখন। এই মেচখনত আম্পায়াৰ তথা মেচ ৰেফাৰী কোন হ’ব, এই বিষয়ে জনাৰ হেঁপাহ অনুৰাগীসকলৰ মনত পৰিলক্ষিত হৈছে। শেহতীয়াকৈ আইচিচিয়ে এই বিষয়ে ঘোষণা কৰিছিল।
বিশ্ব ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি ভাৰত-পাকিস্তানৰ মাজত হ’বলগা এই মেচখনত পল ৰেইফেল আৰু ৰিচাৰ্ড ইলিংৱৰ্থক অন-ফিল্ড আম্পায়াৰ হিচাপে নিযুক্তি দিয়া হৈছে। মেচখনৰ বাবে মাইকেল গফ টিভি আম্পায়াৰ হিচাপে নিযুক্ত হোৱাৰ বিপৰীতে এড্ৰিয়ান হোল্ডষ্টকক চতুৰ্থ আম্পায়াৰ হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে ডেভিদ বুনে এই হাইভল্টেজ মেচখনত মেচ ৰেফাৰীৰ দায়িত্ব গ্ৰহণ কৰিব।
উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীত মুঠ ১২খন লীগ মেচ অনুষ্ঠিত হ’ব। এই লীগ মেচসমূহৰ বাবে আইচিচিয়ে শেহতীয়াকৈ আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ তালিকা প্ৰকাশ কৰিছে। আইচিচিয়ে প্ৰকাশ কৰা এই তালিকা মতে ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী মেচত ৰিচাৰ্ড কেটলব’ৰ’ আৰু শ্বাৰফুডডুলা ইব্নে শ্বাহিদ অন-ফিল্ড আম্পায়াৰৰ দায়িত্বত থাকিব।
একেদৰে জোৱেল উইলছন টিভি আম্পায়াৰ আৰু এলেক্স ৱাৰ্ফে চতুৰ্থ আম্পায়াৰ হিচাপে দায়িত্ব পালন কৰাৰ বিপৰীতে মেচখনত এণ্ড্ৰু পাইক্ৰফ্ট মেচ ৰেফাৰী হিচাপে দায়িত্বত থাকিব। ভাৰতে ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচ খেলিব। এই মেচখনৰ বাবে ৰেইফেল আৰু হোল্ডষ্টকক অন-ফিল্ড আম্পায়াৰ হিচাপে নিযুক্ত কৰা হৈছে। আনহাতে ইলিংৱৰ্থ টিভিৰ আম্পায়াৰ, মাইকেল গফ চতুৰ্থ আম্পায়াৰ আৰু বুন হ’ব মেচ ৰেফাৰী।
২ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম নিউজিলেণ্ডৰ মেচখনৰ অন-ফিল্ড আম্পায়াৰ হ’ব গফ আৰু ইলিংৱৰ্থ। মেচখনত টিভি আম্পায়াৰ হিচাপে হোল্ডষ্টক, চতুৰ্থ আম্পায়াৰ হিচাপে ৰেইফেল আৰু মেচ ৰেফাৰী হিচাপে বুনক নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে প্ৰায় দুসপ্তাহজোৰা এই প্ৰতিযোগিতাত পাকিস্তান আৰু ইউ এ ইত ১৯ দিনৰ ভিতৰত ১৫খন মেচত শীৰ্ষ আঠটা দলে অংশগ্ৰহণ কৰিব।
প্ৰতিযোগিতাৰ গ্ৰুপ এত বাংলাদেশ, ভাৰত, পাকিস্তান, আৰু নিউজিলেণ্ডক স্থান দিয়াৰ বিপৰীতে গ্ৰুপ বিত আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া, আৰু দক্ষিণ আফ্ৰিকাক স্থান দিয়া হৈছে। ইতিমধ্যে দুবাৰকৈ চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতীয় দল প্ৰতিযোগিতাখনৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ লগতে সফল দল হিচাপে স্বীকৃত। এইবাৰ অষ্ট্ৰেলিয়াক অতিক্ৰমী প্ৰতিযোগিতাখনৰ আটাইটকৈ সফল দল হিচাপে পৰিগণিত হোৱাৰ সুযোগ লাভ কৰিব ভাৰতে।