বিধ্বস্ত ইংলেণ্ডঃ চেম্পিয়নছ ট্ৰফীৰ ছেমিত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ, কোন হ’ব প্ৰতিদ্বন্দী!
গ্ৰুপৰ আটাইকেইখন মেচত পৰাজয়ৰ সন্মুখীন হৈ কোনো পইণ্ট সংগ্ৰহ নকৰাকৈয়েই ইংলেণ্ডে আজি চেম্পিয়নছ ট্ৰফীৰ অভিযান অন্ত পেলায়। আনহাতে আজিৰ চমকপ্ৰদ জয়েৰে চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে দক্ষিণ আফ্ৰিকাই।

অধিনায়ক হিচাপে নিজৰ অন্তিম মেচো সুখকৰ নহ’ল জ’ছ বাটলাৰৰ। ধাৰাবাহিক ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিতত অধিনায়ক পদ ত্যাগ কৰা বাটলাৰক আজি অন্তিমখন মেচতো জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হৈছে ইংৰাজ বাহিনী। বৰঞ্চ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে আজি চেম্পিয়নছ ট্ৰফীৰ যাত্ৰা সমাপ্ত ঘটে ইংলেণ্ডৰ। গ্ৰুপৰ আটাইকেইখন মেচত পৰাজয়ৰ সন্মুখীন হৈ কোনো পইণ্ট সংগ্ৰহ নকৰাকৈয়েই ইংলেণ্ডে আজি চেম্পিয়নছ ট্ৰফীৰ অভিযান অন্ত পেলায়। আনহাতে আজিৰ চমকপ্ৰদ জয়েৰে চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে দক্ষিণ আফ্ৰিকাই।
অৱশ্যে প্ৰটিয়াছ বাহিনীৰ ছেমিৰ পথ কালিয়েই একপ্ৰকাৰ নিশ্চিত হৈ পৰিছিল। অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত কালি অনুষ্ঠিত হোৱা মেচখন বৰষুণৰ বাবে বাতিল হোৱাৰ লগে লগে গ্ৰুপ বিৰ পৰা প্ৰথমটো দল হিচাপে ছেমিত প্ৰৱেশ কৰিছিল অষ্ট্ৰেলিয়াই। আনহাতে ছেমিৰ দৌৰত থকা আফগানিস্তানৰ আশা এই ফলাফলে প্ৰায় ভংগ কৰি তুলিছিল। দলটোৱে সামান্য আশাৰে বাট চাইছিল আজিৰ ফলাফললৈ।
আফগানিস্তান ছেমিত প্ৰৱেশ কৰিবলৈ হ’লে আজিৰ মেচখনত ইংলেণ্ডৰ হাতত ২০৭ ৰানৰ বৃ্হৎ ব্যৱধানত পৰাজিত হ’ব লাগিছিল দক্ষিণ আফ্ৰিকা। এনে অৱস্থাত আফগান বাহিনীৰ আশা প্ৰায় নাছিল বুলিবই পাৰি। আনহাতে মেচত পৰাস্ত হ’লেও ব্যৱধান কম হ’লেই দক্ষিণ আফ্ৰিকাৰ ছেমিৰ পথ নিশ্চিত হৈ আছিল। গতিকে প্ৰটিয়াছ বাহিনীৰ বাবে ছেমি ফাইনেল যাত্ৰাত কেৱল আনুষ্ঠানিকতাহে বাকী আছিল। আজি সহজ জয়েৰে এই আনুষ্ঠানিকতা পূৰ্ণ কৰে দলটোৱে।
আজি মেচখনত টছত জয়ী হৈ ইংলেণ্ডৰ অধিনায়ক বাটলাৰে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় যদিও দলটোৰ বেটিং লাইন আপৰ চূড়ান্ত ব্যৰ্থতাৰ ফলত মাত্ৰ ১৭৯ ৰানতে ইনিংছ সামৰে। ইনিংছৰ প্ৰথমৰ পৰাই বিপৰ্যয়ৰ সন্মুখীন হোৱা দলটোৰ হৈজ’ ৰুটে সৰ্বাধিক ৩৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে টেইল এণ্ডাৰ বেটাৰ জ’ফ্ৰা আৰ্চাৰৰ বেটৰ পৰা দ্বিতীয় সৰ্বাধিক ২৫ ৰানৰ বৰঙনি আহে। আনহাতে ডাকেটে ২৪ আৰু বাটলাৰে ২১ ৰানৰ অৱদান আগবঢ়ায়।
দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জেনচেন আৰু মুল্ডাৰে ৩টাকৈ, মহাৰাজে ২টা, এনগিডি আৰু ৰাবাডাই এটাকৈ উইকেট লাভ কৰে। ইফালে জয়ৰ বাবে ১৮০ ৰানৰ এই সহজ লক্ষ্য দক্ষিণ আফ্ৰিকাই মাত্ৰ ২৯.১ অভাৰত ৩টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। দলটোৱে আৰম্ভণিতেই অপেনাৰ ষ্টাবছৰ উইকেট হেৰুৱালেও ডুছেন আৰু ক্লাছেনৰ অৰ্ধশতকৰ সহায়ত বিজয় লক্ষ্যত উপনীত হয়। ক্লাছেনে ৬৪ ৰান কৰি বিদায় ল’লেও ডুছেনে ৭২ ৰান কৰি অপৰাজিত থাকে।
ছেমিৰ চাৰিওটা দল নিৰ্দিষ্ট হৈ পৰাৰ পিছত এতিয়া কোনটো দলে কাৰ বিপক্ষে অৱতীৰ্ণ হ’ব সেয়া চৰ্চিত বিষয় হৈ পৰিছে। এই প্ৰশ্নৰ উত্তৰৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে এতিয়া বাট চাব লাগিব কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভাৰত নিউজিলেণ্ডৰ মেচখনৰ ফলাফললৈ। গ্ৰুপ বিৰ দক্ষিণ আফ্ৰিকাই শীৰ্ষস্থানৰ দল হিচাপে ছেমিত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত থাকে।
যদি কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মেচখনত ভাৰত জয়ী হয়, তেতিয়া ভাৰত গ্ৰুপ এৰ শীৰ্ষস্থানত উপনীত হ’ব আৰু নিউজিলেণ্ড দ্বিতীয় স্থানত থাকিব। তেনে পৰিস্থিতিত ভাৰতে অষ্ট্ৰেলিয়াৰ বিপক্ষে আৰু দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডৰ বিপক্ষে ছেমিত অৱতীৰ্ণ হ’ব। আনহাতে নিউজিলেণ্ড জয়ী হ’লে বা কাইলৈ মেচখন অনিৰ্ণায়ক হৈ ৰ’লে দক্ষিণ আফ্ৰিকা আৰু ভাৰত ছেমিত মুখামুখি হ’ব। আনখন ছেমি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত।