১২ বছৰীয়া কেৰিয়াৰত ১০ বাৰেই ব্যৰ্থতা! এইগৰাকী তাৰকাই পালে প্ৰথমটো আইচিচিচ খিতাপৰ সোৱাদ
চেম্পিয়নছ ট্ৰফীৰ জৰিয়তে বহুকেইগৰাকী ভাৰতীয় তাৰকাই প্ৰথমবাৰৰ বাবে আইচিচি খিতাপৰ সোৱাদ লাভ কৰিছে। ইয়াৰে ভিতৰত এগৰাকী অভিজ্ঞ তাৰকাৰ বাবে এই খিতাপ অত্যন্ত বিশেষ হৈ পৰিছে। কিয়নো ১২ বছৰীয়া দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ প্ৰথমবাৰৰ বাবে লাভ কৰিছে এনে সাফল্য।

দেওবাৰে সামৰণি পৰিল আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫। প্ৰত্যাশিতভাৱেই প্ৰতিযোগিতাখনত অপৰাজেয় ধাৰা অব্যাহত ৰাখি খিতাপ জয় কৰিলে ভাৰতীয় দলে। বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পিছত এইদৰে ভাৰতীয় দলে একেৰাহে দ্বিতীয়টো আইচিচি ইভেণ্টত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। লক্ষণীয়ভাৱে চেম্পিয়নছ ট্ৰফীৰ জৰিয়তে বহুকেইগৰাকী ভাৰতীয় তাৰকাই প্ৰথমবাৰৰ বাবে আইচিচি খিতাপৰ সোৱাদ লাভ কৰিছে। ইয়াৰে ভিতৰত এগৰাকী অভিজ্ঞ তাৰকাৰ বাবে এই খিতাপ অত্যন্ত বিশেষ হৈ পৰিছে। কিয়নো ১২ বছৰীয়া দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ প্ৰথমবাৰৰ বাবে লাভ কৰিছে এনে সাফল্য।
সুদীৰ্ঘ ১২ বছৰীয়া কেৰিয়াৰত এই খেলুৱৈগৰাকীয়ে মুঠ ১১ বাৰ আইচিচি ইভেণ্টত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। কিন্তু বিগত ১০ বাৰেই তেওঁ খিতাপত চুম্বন দিয়াৰ পৰা বঞ্চিত হৈ ৰৈছে। অৱশেষত চেম্পিয়নছ ট্ৰফীৰ জৰিয়তে এই খিতাপৰ খৰাং অন্ত পেলাই তেওঁ ভাৰতীয় দলৰ সাফল্যৰ অন্যতম অংশীদাৰ হৈ পৰিল। এই অভিজ্ঞ তাৰকাগৰাকী আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় পেচ আক্ৰমণৰ অন্যতম কাণ্ডাৰী মহম্মদ ছামি।
আঘাতৰ বাবে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা খেলপথাৰৰ বাহিৰত থকা ছামিৰ ফিটনেছক লৈ চলিছিল ব্যাপক চৰ্চা। ঘৰুৱা ক্ৰিকেটৰ জৰিয়তে তেওঁ খেলপথাৰলৈ পুনৰ প্ৰত্যাৱৰ্তন ঘটালেও চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবনে, সেই সন্দৰ্ভত জল্পনা-কল্পনা চলি আছিল। অৱশ্যে নিৰ্বাচকে ছামিৰ ওপৰত আস্থা প্ৰকাশ কৰি ছামিক দলত অন্তৰ্ভুক্ত কৰে আৰু বুমৰাহৰ অনুপস্থিতিত তেওঁ ভাৰতৰ পেচ আক্ৰমণৰ দায়িত্ব চম্ভালে।
উল্লেখ্য যে মহম্মদ ছামিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ হৈছিল ২০১৩ চনৰ পৰা। ইয়াৰ পিছত তেওঁ ২০১৪ চনৰ টি-২০ বিশ্বকাপ, ২০১৫ চনৰ এদিনীয়া বিশ্বকাপ, ২০১৬ চনৰ টি-২০ বিশ্বকাপ, ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফী, ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ, ২০২১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২১ চনৰ টি-২০ বিশ্বকাপ, ২০২২ চনৰ টি-২০ বিশ্বকাপ, ২০২৩ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত দলক প্ৰতিনিধিত্ব কৰে।
লক্ষণীয়ভাৱে ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত দলত স্থান পালেও খেলাৰ সুযোগ লাভ কৰা নাছিল ছামিয়ে। এইবাৰ দলৰ প্ৰধান পেচাৰ হিচাপে ছামিয়ে মূল একাদশতো স্থান লাভ কৰে আৰু চেম্পিয়নছ ট্ৰফীৰ অভিষেক মেচখনতে বাংলাদেশৰ বিপক্ষে ৫টা উইকেট দখলেৰে অভিলেখ ৰচে। প্ৰতিযোগিতাত মুঠ ৯টা উইকেট দখলেৰে তেওঁ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপেও পৰিগণিত হয় ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়ত অন্যতম প্ৰধান ভূমিকা লয়।
কালি নিউজিলেণ্ডৰ বিপক্ষে ফাইনেলত ভাৰতীয় দলে জয়লাভ কৰাৰ লগে লগে ছামিয়ে ১২ বছৰীয়া কেৰিয়াৰত আইচিচি ইভেণ্টত দেখি অহা ব্যৰ্থতাৰো অন্ত পৰে। অভিজ্ঞ পেচাৰগৰাকীৰ উপৰিও শ্ৰেয়স আয়াৰ, কে এল ৰাহুল আৰু শুভমন গিলেও নিজৰ কেৰিয়াৰৰ প্ৰথমটো আইচিচি ট্ৰফীত চুম্বন দিয়াৰ সুযোগ লাভ কৰে।