চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় দলৰ সদস্যৰ মাতৃৰ মৃত্যুঃ দল এৰি ঘূৰিল স্বগৃহলৈ

চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় দলৰ এগৰাকী সদস্য সন্মুখীন হৈছে জীৱনৰ এক কঠিন সময়ৰ। প্ৰতিযোগিতাৰ বাবে দলৰ সৈতে ডুবাইত থকাৰ সময়তে এই সদস্যগৰাকীয়ে হেৰুৱাইছে নিজ মাতৃক। মাতৃৰ মৃত্যুৰ বাবে দল এৰি এতিয়া ডুবাইৰ পৰা স্বগৃ্হলৈ উভতি আহিছে তেওঁ

চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় দলৰ সদস্যৰ মাতৃৰ মৃত্যুঃ দল এৰি ঘূৰিল স্বগৃহলৈ

ভাৰতীয় দলৰ সদস্যৰ মাতৃৰ মৃত্যু

Published: 

03 Mar 2025 10:14 AM

সম্প্ৰতি ডুবাইত চেম্পিয়নছ ট্ৰফীত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। ইতিমধ্যে গ্ৰুপৰ আটাইকেইখন মেচতে জয়েৰে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম দুখন মেচত ক্ৰমে বাংলাদেশ আৰু পাকিস্তানক সহজে পৰাস্ত কৰাৰ পিছত দেওবাৰে অন্তিমখন মেচত নিউজিলেণ্ডকো পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থানৰ দল হিচাপে ছেমিত প্ৰৱেশ কৰিছে ভাৰতীয় দলে। এতিয়া মঙলবাৰে অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰথমখন ছেমিত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এইপৰ্যন্ত অপৰাজেয় ধাৰা অব্যাহত ৰখা ভাৰতীয় দলে এই ধাৰাৰেই খিতাপ জয় কৰিব বুলি আশাৰে বাট চাইছে অনুৰাগীয়ে।

পিছে চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় দলৰ এগৰাকী সদস্য সন্মুখীন হৈছে জীৱনৰ এক কঠিন সময়ৰ। প্ৰতিযোগিতাৰ বাবে দলৰ সৈতে ডুবাইত থকাৰ সময়তে এই সদস্যগৰাকীয়ে হেৰুৱাইছে নিজ মাতৃক। মাতৃৰ মৃত্যুৰ বাবে দল এৰি এতিয়া ডুবাইৰ পৰা স্বগৃ্হলৈ উভতি আহিছে তেওঁ। দলৰ এই সদস্যজনে সন্মুখীন হোৱা এনে এক শোকৰ সময়ত ভাৰতীয় দল তথা অনুৰাগীকো শোকাহত কৰি তুলিছে।

হায়দৰাবাদ ক্ৰিকেট সন্থাই এক বিবৃতি প্ৰকাশ কৰি এই তথ্য প্ৰদান কৰিছে। তথ্য অনুসৰি, চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সময়তে ভাৰতীয় দলৰ মেনেজাৰ আৰ দেৱৰাজৰ মাতৃৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত দেৱৰাজ ঘূৰি আহিছে হায়দৰাবাদলৈ। আৰ দেৱৰাজ পুনৰ ডুবাইলৈ যাব নে নাযায় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেল মেচখনৰ পিছত আৰ দেৱৰাজ এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।

বৰ্তমান দেৱৰাজে ভাৰতীয় দলৰ মেনেজাৰৰ লগতে হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনে এক বিবৃতি প্ৰকাশ কৰি দেৱৰাজৰ মাতৃ কমলেশ্বৰী গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জনায়। উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ ঠিক আগে আগে ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেলৰ পিতৃৰ মৃত্যু হৈছিল।

ইয়াৰ পিছতে তেওঁ ডুবাইৰ পৰা দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছিল। অৱশ্যে প্ৰতিযোগিতাখনৰ মাজতে মৰ্নে মৰ্কেল ডুবাইলৈ উভতি আহি পুনৰ ভাৰতীয় দলত যোগদান কৰে। কিন্তু টিম মেনেজাৰ আৰ দেৱৰাজ পুনৰ ডুবাইলৈ ঘূৰিব নে নাই সেই সন্দৰ্ভত কোনো আপডেট এইপৰ্যন্ত প্ৰকাশ পোৱা নাই। ভাৰতীয় দলে কাইলৈ ছেমিত জয়ী হ’লে ৯ মাৰ্চত ফাইনেলত অৱতীৰ্ণ হ’ব লাগিব। এই সময়তে দেৱৰাজ পুনৰ ডুবাইলৈ যাব নে নাযায়, সেই সন্দৰ্ভত তথ্য পোহৰলৈ আহিব পাৰে।

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ