এতিয়াও নিশ্চিত নহয় ভাৰতৰ ছেমিৰ পথ! এইদৰে বাহিৰ হ’ব পাৰে প্ৰতিযোগিতাৰ পৰা
প্ৰথম মেচত বাংলাদেশ আৰু কালি পাকিস্তানৰ বিপক্ষে মেচত জয়েৰে ভাৰত বৰ্তমান গ্ৰুপৰ শীৰ্ষস্থানত আছে। আনহাতে ক্ৰমাগত দুখন মেচত পৰাজয়েৰে পাকিস্তান এতিয়া প্ৰায় প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে। লক্ষণীয়ভাৱে জয় সত্বেও ভাৰতীয় দলেও এইপৰ্যন্ত ছেমিত স্থান নিশ্চিত কৰা নাই, অৰ্থাৎ এতিয়াও প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব পাৰে ভাৰত!

নিশ্চিত হোৱা নাই ভাৰৰত ছেমিৰ পথ!
দেওবাৰে পুনৰ এবাৰ আনন্দত আন্দোলিত হৈ উঠিল ভাৰত। সমগ্ৰ দেশকে আনন্দ উপভোগৰ এক অনন্য সুযোগ কৰি ভাৰতীয় ক্ৰিকেট দলে দেওবাৰে চলিত চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ মেচত পৰাস্ত কৰে পাকিস্তানক। ডুবাইত অনুষ্ঠিত মেচখনত পাকিস্তানক ৬ উইকেটত সহজে পৰাস্ত কৰি প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয় জয় সাব্যস্ত কৰে ভাৰতে। মেচখনত বেটিং-বলিং উভয় দিশতে চমকপ্ৰদ প্ৰদৰ্শনেৰে পাকিস্তানক বিধ্বস্ত কৰি তোলে ৰোহিত বাহিনীয়ে। দৰ্শনীয় শতকেৰে জয়ৰ নায়ক ৰূপে পৰিগণিত হয় বিৰাট কোহলী।
প্ৰথম মেচত বাংলাদেশ আৰু কালি পাকিস্তানৰ বিপক্ষে মেচত জয়েৰে ভাৰত বৰ্তমান গ্ৰুপৰ শীৰ্ষস্থানত আছে। আনহাতে ক্ৰমাগত দুখন মেচত পৰাজয়েৰে পাকিস্তান এতিয়া প্ৰায় প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে। লক্ষণীয়ভাৱে জয় সত্বেও ভাৰতীয় দলেও এইপৰ্যন্ত ছেমিত স্থান নিশ্চিত কৰা নাই, অৰ্থাৎ এতিয়াও প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব পাৰে ভাৰত! গ্ৰুপৰ সাম্প্ৰতিক স্থিতি আৰু বাকী থকা মেচৰ ওপৰত এতিয়াও বাট চাব লাগিব ভাৰতীয় দলে।
অৱশ্যে তেনে সম্ভাৱনা যথেষ্ট ক্ষীণ যদিও ক্ৰিকেটত অসম্ভৱ বুলিও কোনো কথা নাই। ভাৰতীয় দলৰ ছেমিত প্ৰৱেশ তথা বাহিৰ হোৱাৰ ক্ষেত্ৰত আছে বিশেষ সমীকৰণ। একেৰাহে ২খন মেচত ভাৰতীয় দল সম্প্ৰতি ৪ পইণ্টেৰে প্ৰথম স্থানত থকাৰ বিপৰীতে নিউজিলেণ্ড ২ পইণ্টেৰে দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ অন্তিম দুটা স্থানত থকা বাংলাদেশ আৰু পাকিস্তানে এতিয়ালৈকে কোনো পইণ্ট লাভ কৰিবলৈ সক্ষম হোৱা নাই।
এই গ্ৰুপত এতিয়াও তিনিখন মেচ বাকী আছে। আজি ইয়াৰে এখন মেচত নিউজিলেণ্ড আৰু বাংলাদেশ মুখামুখি হ’ব। যদি আজি এই মেচখনত নিউজিলেণ্ড জয়ী হয় তেতিয়া বাংলাদেশ আৰু পাকিস্তানৰ যাত্ৰা ইমানতে সমাপ্ত হ’ব আৰু গ্ৰুপৰ পৰা ভাৰত, নিউজিলেণ্ড ছেমিত প্ৰৱেশ কৰিব। কিন্তু যদি বাংলাদেশ জয়ী হয়, সলনি হ’ব সবীকৰণ। যদি বাংলাদেশে এই মেচত জয়ী হয় তেতিয়া ২ পইণ্ট লাভ কৰিব।
বাংলাদেশৰ অন্তিমখন মেচ পাকিস্তানৰ সৈতে আৰু যদি এই মেচতো দলটো জয়ী হয় তেতিয়া বাংলাদেশৰ ৪ পইণ্ট হ’ব। আনহাতে নিউজিলেণ্ডে অন্তিমখন মেচত ভাৰতীয় দলৰ বিৰুদ্ধে খেলিব। সেই মেচত যদি নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰে তেতিয়া কিৱি দলেও মুঠ ৪ পইণ্ট লাভ কৰিব। এইদৰে গ্ৰুপ এৰ তিনিটা দলে ৪ পইণ্টেৰে সমতা স্থাপন কৰিব। এনে পৰিস্থিতিত নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ’ব।
যদি বাংলাদেশে দুয়োখন মেচতে বৃ্হৎ ব্যৱধানত জয়ী হয়, তেতিয়া দলটোৰ বৰ্তমানৰ -০.৪০৮ নেট ৰান ৰেটৰ উত্তৰণ হ’ব। বৰ্তমান ভাৰতৰ নেট ৰান ৰেট ০.৬৪৭, আনহাতে নিউজিলেণ্ডৰ নেট ৰান ৰেট ১.২০০। যদিহে ভাৰত অন্তিম মেচত নিউজিলেণ্ডৰ বিপক্ষে বৃ্হৎ ব্যৱধানত পৰাস্ত হয়, তেতিয়া ভাৰতীয় দলৰ ৰান ৰেট হ্ৰাস পাব। আনহাতে নিউজিলেণ্ডৰ ৰান ৰেট উন্নত হ’ব পাৰে।
এনে পৰিস্থিতিত যদি ভাৰতীয় দল নেট ৰাণ ৰেটৰ ক্ষেত্ৰত পিছ পৰি থাকে, তেতিয়া ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰত হ’ব আৰু বাংলাদেশ, নিউজিলেণ্ড ছেমি ফাইনেলত প্ৰৱেশ কৰিব। অৱশ্যে আজি নিউজিলেণ্ড জয়ী হোৱাৰ লগে লগে এই সমীকৰণ মূল্যহীন হৈ পৰিব। বাংলাদেশৰ পক্ষে শক্তিশালী নিউজিলেণ্ডক পৰাস্ত কৰাটো সহজ নহ’ব আৰু তেনে স্থিতিত ভাৰত আৰু নিউজিলেণ্ডে ছেমিত প্ৰৱেশ কৰাই সম্ভাৱনাই অধিক।