Champions trophy: চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে বিপদত টিম ইণ্ডিয়া! ঘৰলৈ উভতিল প্ৰশিক্ষক…
Champions trophy: কাইলৈৰ পৰা আৰম্ভ হ'ব আই চি চিৰ চেম্পিয়নছ ট্ৰফী। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে বিশ্বৰ ৮টাকৈ ক্ৰিকেট দল। কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে আহিছে এক বেয়া খবৰ।

মাজত মাত্ৰ কেইটামান ক্ষণ। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বহু অপেক্ষিত ICC চেম্পিয়নছ ট্ৰফী। কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটো এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে। ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছে টিম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক মৰ্ণ মৰ্কেল। বলিং প্ৰশিক্ষকগৰাকীয়ে জনোৱা অনুসৰি ব্যক্তিগত কাৰণত তেওঁ ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছে। একাংশৰ মতে, মৰ্কেলৰ পিতৃৰ মৃত্যু হৈছে, যাৰ বাবে তেওঁ চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ঘৰলৈ উভতি আহিছে। খবৰ অনুসৰি ১৭ ফেব্ৰুৱাৰীত টিম ইণ্ডিয়াৰ অনুশীলনৰ সময়তো তেওঁ উপস্থিত নাছিল।
একাংশই দাবী কৰা অনুসৰি, ১৬ ফেব্ৰুৱাৰীৰ বিয়লি টিম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত মৰ্কেল উপস্থিত আছিল। কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই যে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তিগৰাকীৰ প্ৰকৃততে কি হৈছে। একাংশৰ মতে, প্ৰশিক্ষকগৰাকীৰ পিতৃৰ মৃত্যু হৈছে। তেনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সময়ত মৰ্কেলে পুনৰ টিম ইণ্ডিয়াত যোগদান কৰিব নে নাই সেই সন্দৰ্ভত কোনো খবৰ এতিয়ালৈকে প্ৰকাশ পোৱা নাই। পৰৱৰ্তী সময়ত ইয়াৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Morne Morkel's father has sadly passed away. pic.twitter.com/1a4eEYGMBe
— KnightRidersXtra (@KKR_Xtra) February 17, 2025
কি প্ৰভাৱ পৰিব ভাৰতীয় ক্ৰিকেট দলত
জানিব পৰা মতে, ১৮ ফেব্ৰুৱাৰীত ৰোহিত শৰ্মা এণ্ড কোম্পানীয়ে প্ৰশিক্ষণ গ্ৰহণ নকৰে। বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া খেলৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৱে ১৯ ফেব্ৰুৱাৰীত অনুশীলনৰ বাবে পোনপটীয়াকৈ নেটলৈ যাব। উল্লেখ কৰা প্ৰয়োজন যে, অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ খেল। এই খেলত দেখা নাযাব বুমৰাহক। এনে পৰিস্থিতিত ডুবাইত বলিং প্ৰশিক্ষক মৰ্ণ মৰ্কেলৰ অনুপস্থিতিয়ে প্ৰতিযোগিতাখনত টিম ইণ্ডিয়াৰ আশা আৰু অধিক ম্লান কৰিব পাৰে।
বাংলাদেশৰ বিৰুদ্ধে খেলাৰ পাছত ভাৰতীয় ক্ৰিকেট দলটোৱে পৰৱৰ্তী খেল ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে খেলিব। ২ মাৰ্চত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ইণ্ডিয়াই। এইবাৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব, যাৰ বাবে টীম ইণ্ডিয়াই আটাইকেইখন খেল ডুবাইত খেলিব। যদি পৰৱৰ্তী সময়ত টিম ইণ্ডিয়া ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই মেচবোৰো ডুবাইত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ;ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫। চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেল পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। অৱশ্যে, এই সকলোবোৰৰ মাজত ২৩ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মাজত হ’বলগীয়া খেলখনৰ বাবে অধীৰ অপেক্ষা কৰি আছে ক্ৰিকেট অনুৰাগীসকলে।