শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Champions Trophy live Streaming: ঘৰ বা অফিচ…যিকোনো ঠাইৰ পৰা এই প্লেটফৰ্মত বিনামূলীয়াকৈ চাওক চেম্পিয়নছ ট্ৰফীৰ মেচ 

Champions Trophy live Streaming:  আজিৰে পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫। চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেল দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হ'ব। প্ৰথমখন খেল হ’ব পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত। এই মেচখনৰ প্ৰতিটো আপডেটৰ বাবে এই OTT প্লেটফৰ্মসমূহত লাইভ চাব পাৰিব।

Champions Trophy live Streaming: ঘৰ বা অফিচ…যিকোনো ঠাইৰ পৰা এই প্লেটফৰ্মত বিনামূলীয়াকৈ চাওক চেম্পিয়নছ ট্ৰফীৰ মেচ 
চেম্পিয়নছ ট্ৰফী
trishna-kalita
Trishna Kalita | Updated On: 19 Feb 2025 13:29 PM

২০১৭ বৰ্ষৰ পিছত আজিৰ পৰা আকৌ এবাৰ চেম্পিয়নছ ট্ৰফী উপভোগ কৰিবলৈ সাজু হৈছে ক্ৰিকেট প্ৰেমী। চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত সংঘৰ্ষ দেখা যাব। য’ত ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, বাংলাদেশ, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডৰ দলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। যদি আপুনি মেচৰ প্ৰতিটো আপডেটৰ ওপৰত চকু ৰাখিব বিচাৰে আৰু বিশেষ মুহূৰ্তৰ সাক্ষী হ’ব বিচাৰে, তেন্তে এই প্লেটফৰ্মসমূহত লাইভ মেচ চাব পাৰিব।  JioHotstar OTT প্লেটফৰ্মত বিনামূলীয়াকৈ খেলখন চোৱাৰ সুযোগ লাভ কৰিব অনুৰাগীসকলে। ইয়াৰ বাবে কোনো ধৰণৰ চাবস্ক্ৰিপচন ল’ব নালাগে। এই প্ৰতিবেদনত আমি আপোনালোকক জনাম যে OTT প্লেটফৰ্মৰ বাহিৰেও কোনবোৰ চেনেল আপোনালোকে লাইভ মেচ চাব পাৰিব।

চেম্পিয়নছ ট্ৰফীৰ মেচ ক’ত আৰু কেনেকৈ বিনামূলীয়াকৈ চাব?

যদি আপুনি ঘৰতে টিভিত চেম্পিয়নছ ট্ৰফী চাব বিচাৰে তেন্তে সহজেই চাব পাৰিব। ষ্টাৰ স্প’ৰ্টছ আৰু স্প’ৰ্টছ 18 চেনেলত চাব পাৰিব চেম্পিয়নছ ট্ৰফীৰ মেচ। অৱশ্যে এই মেচ টিভিত বিজ্ঞাপনৰ সৈতে চাব লাগিব। আনহাতে যদি আপুনি ইয়াক OTT প্লেটফৰ্মত চাব বিচাৰে তেন্তে  JioHotstar ত লাইভ চাব পাৰে। যদি আপুনি প্ৰিমিয়াম চাবস্ক্ৰিপচন থকা সদস্য তেন্তে আপুনি টিভিত বিজ্ঞাপনৰ পৰা মুক্তি পাব। কিন্তু যদি আপুনি বিনামূলীয়াকৈ ইয়াক ব্যৱহাৰ কৰি আছে তেন্তে আপুনি বিজ্ঞাপনৰ সৈতে মেচখন চাব লাগিব।

ষ্টাৰ স্প’ৰ্টছৰ চেনেল নম্বৰ

ষ্টাৰ স্প’ৰ্টছ টাটা প্লে’ত চেনেল নম্বৰ ৪৬০ত উপলব্ধ। ইয়াৰ বাবে আপুনি ২২.৪২ টকা খৰচ কৰিব লাগিব।  টাটা স্কাইত ষ্টাৰ স্পৰ্টছ ১ চেনেলটো ৪৫৫ নম্বৰত পাব। স্প’ৰ্টছ ষ্টাৰ ১ এয়াৰটেল ডিজিটেল টিভি চেনেল ২৭৭ত চাব পাৰিব। যদি আপোনাৰ ঘৰত ডিচ টিভি ইনষ্টল কৰা হৈছে তেন্তে আপুনি ৬০৩ নম্বৰ চেনেলত ষ্টাৰ স্প’ৰ্টছত মেচ চাব পাৰিব।

JioHotstar ত ক্ৰিকেট লাইভ

JioHotstar ত আপুনি Jio Cinema আৰু Disney Hotstar ৰ সকলো প্ৰিমিয়াম আৰু ফ্ৰী কন্টেন্ট চাবলৈ পাব। গ্ৰাহকসকলে দুয়োটা অ’টিটি প্লেটফৰ্মৰ বিষয়বস্তু একে ঠাইতে চোৱাৰ সুবিধা লাভ কৰিছে। গতিকে এই প্লেটফৰ্মত ক্ৰিকেটৰ লাইভ ষ্ট্ৰীমিং আৰু সকলো খেলৰ হাইলাইট কোনো ধৰণৰ বাধা নোহোৱাকৈ সহজেই চাব পাৰিব।

লগতে পঢ়ক: ১৯ দিন, ৮টা দল, ১৫ খন মেচ…আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী, চাওক মেচৰ সম্পূৰ্ণ সূচী