Team India’s 2025 Cricket Schedule: ২০২৫ বৰ্ষৰ বাবে টীম ইণ্ডিয়াৰ সম্পূৰ্ণ খেলৰ সূচী চাওঁক…

ছিডনী ক্ৰিকেট খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ জৰিয়তে ভাৰতে ২০২৫ বৰ্ষৰ আৰম্ভণি কৰিব। ছিডনী টেষ্টৰ পিছত চেম্পিয়নছ ট্ৰফীৰ বাবে সাজু হ'ব টীম ইণ্ডিয়া ।

Team India’s 2025 Cricket Schedule: ২০২৫ বৰ্ষৰ বাবে টীম ইণ্ডিয়াৰ সম্পূৰ্ণ খেলৰ সূচী চাওঁক...

টীম ইণ্ডিয়া

Updated On: 

31 Dec 2024 15:26 PM

সফলতা আৰু বিফলতা সামৰি ২০২৫ চনৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া । ২০২৫ চনত চেম্পিয়নছ ট্ৰফী, ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট, আৰু এছিয়া কাপত অংশগ্ৰহণ কৰিব টীম ইণ্ডিয়াই । ছিডনী ক্ৰিকেট খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ জৰিয়তে ভাৰতে ২০২৫ বৰ্ষৰ আৰম্ভণি কৰিব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ৰোহিত শৰ্মা আৰু তেওঁৰ দলটোৱে এই মেচত জয়ী হোৱাৰ অতি প্ৰয়োজন।

ছিডনী টেষ্টৰ পিছত চেম্পিয়নছ ট্ৰফীৰ বাবে সাজু হ’ব টীম ইণ্ডিয়া । ভাৰতে ডুবাইত নিজৰ মেচ খেলিব আৰু ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতে প্ৰথমে ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন টি-২০ আৰু তিনিখন এদিনীয়া খেলিব, যি শৃংখলা ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। বছৰৰ শেষৰ ফালে ভাৰতে ইংলেণ্ডলৈও পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে যাত্ৰা কৰাৰ কথা আছে ।  ২০২৫ চনত ভাৰতে দ্বিপাক্ষিক শৃংখলাত ১৮ খন টি-২০, ১০খন টেষ্ট আৰু ১২খন এদিনীয়া খেলিব।

২০২৫ চনৰ খেলৰ সূচী চাওক

ভাৰত বনাম অষ্ট্ৰেলিয়া, ৫ খনীয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট : ৩ পৰা ৭ জানুৱাৰী (চিডনী)

ভাৰত বনাম ইংলেণ্ড (৫ খন টি-২০, ৩ খন এদিনীয়া): জানুৱাৰী পৰা ফেব্ৰুৱাৰী ২০২৫

চেম্পিয়নছ ট্ৰফী -ফেব্ৰুৱাৰী পৰা মাৰ্চ ২০২৫ :

  • ভাৰত বনাম বাংলাদেশঃ ২০ ফেব্ৰুৱাৰী (ডুবাই)
  • ভাৰত বনাম পাকিস্তানঃ ২৩ ফেব্ৰুৱাৰী (ডুবাই)
  • ভাৰত বনাম নিউজিলেণ্ডঃ ২ মাৰ্চ (ডুবাই)
  • ছেমি ফাইনেল (যদি যোগ্যতা অৰ্জন কৰে): ৪ মাৰ্চ (ডুবাই)
  • ফাইনেল (যদি যোগ্যতা অৰ্জন কৰে): ৯ মাৰ্চ (ডুবাই)

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (যদি যোগ্যতা অৰ্জন কৰে) : জুন ২০২৫ (লৰ্ডছ ক্ৰিকেট খেলপথাৰ)

ভাৰত বনাম ইংলেণ্ড ( টেষ্ট): জুন পৰা আগষ্ট ২০২৫ (বিদেশত)

ভাৰত বনাম বাংলাদেশ (৩খন এদিনীয়া,৩ খন টি ২০): আগষ্ট ২০২৫ (বিদেশত)

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ (২ খন টেষ্ট): অক্টোবৰ ২০২৫

এছিয়া কাপ টি-২০: অক্টোবৰ-নৱেম্বৰ ২০২৫

ভাৰত বনাম অষ্ট্ৰেলিয়া (৩ খন এদিনীয়া, ৫ খন টি-২০): নৱেম্বৰ ২০২৫ (বিদেশত)

ভাৰত বনাম দক্ষিণ আফ্ৰিকা (২ খন টেষ্ট, ৩ খন এদিনীয়া, ৫ খন টি-২০): নৱেম্বৰ-ডিচেম্বৰ ২০২৫

উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি