পেৰিছ অলিম্পিকত ভাৰতৰ ভাগ্য মুকলি, বিনা প্ৰতিদ্বন্দ্বিতাৰে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ চিৰাগ-সাত্বিকৰ যুটি | Chirag-Satwik duo enter Olympics final unopposed Assam news - Assam Tv9

পেৰিছ অলিম্পিকত ভাৰতৰ ভাগ্য মুকলি, বিনা প্ৰতিদ্বন্দ্বিতাৰে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ চিৰাগ-সাত্বিকৰ যুটি

Updated On: 

30 Jul 2024 11:39 AM

২০২৪ চনৰ পেৰিছ অলিম্পিকত খেলিব নোৱাৰাকৈয়ে বেডমিণ্টন পুৰুষৰ ডাবলছত সাত্বিকসাইৰাজ আৰু চিৰাগ শ্বেট্টীয়ে ডাঙৰ সুবিধা লাভ কৰিছে। এই যুটিয়ে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰিছে।

1 / 5পেৰিছ অলিম্পিক ২০২৪ৰ ভাৰতৰ তাৰকা বেডমিণ্টন যুটিৰ বাবে এটা ভাল খবৰ । পুৰুষৰ ডাবলছত সাত্বিক সাইৰাজ আৰু চিৰাগ শ্বেট্টীৰ দ্বিতীয়খন খেল বাতিল কৰা হয়। মাৰ্ভিন ছেইডেল আৰু মাৰ্ক লেমছফুছৰ জাৰ্মান যুটি আঘাতৰ বাবে আঁতৰি গৈছিল। ইয়াৰ বাবেই ভাৰতীয় যুটিটোৱে এতিয়া ডাঙৰ সুবিধা লাভ কৰিছে।

পেৰিছ অলিম্পিক ২০২৪ৰ ভাৰতৰ তাৰকা বেডমিণ্টন যুটিৰ বাবে এটা ভাল খবৰ । পুৰুষৰ ডাবলছত সাত্বিক সাইৰাজ আৰু চিৰাগ শ্বেট্টীৰ দ্বিতীয়খন খেল বাতিল কৰা হয়। মাৰ্ভিন ছেইডেল আৰু মাৰ্ক লেমছফুছৰ জাৰ্মান যুটি আঘাতৰ বাবে আঁতৰি গৈছিল। ইয়াৰ বাবেই ভাৰতীয় যুটিটোৱে এতিয়া ডাঙৰ সুবিধা লাভ কৰিছে।

2 / 5

আচলতে প্ৰথমখন মেচত ভাৰতীয় যুটিটোৱে আয়োজক ফৰাচী যুটি কৰ্ভি লুকাছ আৰু লেবাৰ ৰ’নানৰ বিৰুদ্ধে ২১-১৭, ২১-১৪ গ’লত জয়লাভ কৰিছিল। একে সময়তে এতিয়া ফ্ৰান্সৰ কৰ্ভি লুকাছ আৰু লেবাৰ ৰ’নানৰ যুটিয়েও ইণ্ডোনেছিয়াৰ ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়াণ্টোৰ হাতত পৰাস্ত হৈছে। এনে পৰিস্থিতিত সাতৱিক আৰু চিৰাগৰ যুটি তেওঁলোকৰ গ্ৰুপৰ টপ-২ত থকাটো নিশ্চিত।

3 / 5

সাত্বিক আৰু চিৰাগৰ যুটিয়ে শীৰ্ষ ২ ৰে গ্ৰুপ পৰ্যায়ৰ অন্ত পেলাব। এনে পৰিস্থিতিত এই যুটিয়ে কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। ইয়াৰ লগে লগে সাত্বিক আৰু চিৰাগে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় ডাবলছ যুটি হিচাপে পৰিগণিত হৈছে। বেডমিণ্টনত ভাৰতৰ বাবে এয়া এক ডাঙৰ কৃতিত্ব।

4 / 5

ভাৰতৰ তাৰকা যুটি সাত্বিকছাইৰাজ আৰু চিৰাগ শ্বেট্টীয়ে পৰৱৰ্তী সময়ত ৩০ জুলাইত ইণ্ডোনেছিয়াৰ ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্দিয়াণ্টোৰ বিৰুদ্ধে খেলিব। এই মেচত যদি ইণ্ডোনেছিয়ান যুটিক পৰাস্ত কৰে, তেন্তে ভাৰতীয় যুটিয়ে গ্ৰুপ পৰ্যায়ত শীৰ্ষত উপনীত হ’ব।

5 / 5

৩০ জুলাইৰ সন্ধিয়া ০৫:৩০ বজাত যুটিটোৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। তেওঁলোকৰ চকু এটা জয়ৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ ওপৰত থাকিব।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?