পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে কঠোৰ অনুশীলনত ব্যস্ত হ’বলৈ পৰামৰ্শ দিয়ে লাভলীনা বৰগোঁহাইক। এইবাৰ পদক জয় কৰিব নোৱাৰিলেও শক্তিশালী যুঁজ দিছিল অসম কন্যা লাভলীনাই ৷
সদ্য সমাপ্ত পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা বক্সাৰ লাভলীনা বৰগোহাঁইক মঙলবাৰে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক দিনত যাতে অধিক উৎসাহেৰে লাভলীনা বৰগোহাঁইয়ে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কঠোৰ অনুশীলনত ব্যস্ত হ’বলৈ পৰামৰ্শ দিয়ে লাভলীনা বৰগোঁহাইক। এইবাৰ পদক জয় কৰিব নোৱাৰিলেও শক্তিশালী যুঁজ দিছিল অসম কন্যা লাভলীনাই ৷
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ লগতে লাভলীনাই ফটো শ্বেয়াৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাই লিখিছে- ‘সদ্যসমাপ্ত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহা লাভলীনাৰ সৈতে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সৌহার্দ্যপূর্ণ সাক্ষাতত মিলিত হওঁ৷ লাভলীনা বৰগোহাঁই আমাৰ সম্পদ—তেওঁলৈ অন্তৰভৰা শুভকামনা জ্ঞাপন কৰিলোঁ৷ স্বনাম আৰু ৰাজ্য তথা দেশৰ নাম উজলাই তুলি সমৃদ্ধ কৰক ভৱিষ্যতৰ সময়, সেয়াই কামনা কৰিলোঁ৷ ক্ৰীড়াৰ সৈতে জড়িত আজিৰ বিশেষ দিনটোৰ শুভ ক্ষণত আমাৰ প্ৰতিগৰাকী ক্ৰীড়াবিদক অন্তৰৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ৷
On behalf of the people of Assam, I congratulated @LovlinaBorgohain for her outstanding performance at the #ParisOlympics2024. On this #StateSportsDay, let’s celebrate the inspiring dedication of all our exceptional sportsmen and sportswomen’.
লাভলীনাৰ যাত্ৰা
তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে। ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা’ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়।
উল্লেখ্য যে ২০২১ চনৰ ৪ আগষ্টৰ দিনটোতে টকিঅ’ত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই । কিন্তু এইবাৰ পেৰিছত পৰাজয় স্বীকাৰ কৰিলে লাভলীনাই । পেৰিছত ৪ আগষ্টত কোৱাৰ্টাৰ ফাইনেলত পৰাজয় বৰণ কৰে লাভলীনাই । চীনৰ অভিজ্ঞ প্রতিদ্বন্দ্বী লী কিয়ানে ৪-১ ব্যৱধানত হৰুৱাই লাভলীনাক ।