শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অলিম্পিকত অন্তৰ্ভুক্ত ক্ৰিকেটঃ অংশ ল’ব ছয়টা দলে, কিদৰে কৰিব যোগ্যতা অৰ্জন!

অলিম্পিক কমিটীৰ সিদ্ধান্তমৰ্মে ক্ৰিকেটে ১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ প্ৰত্যাৱৰ্তন কৰিব। ইয়াৰ পূৰ্বে অলিম্পিকৰ ১৯০০ চনৰ সংস্কৰণত অন্তিমবাৰৰ বাবে ক্ৰিকেট দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়া ২০২৮ চনত পুনৰ অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট।

অলিম্পিকত অন্তৰ্ভুক্ত ক্ৰিকেটঃ অংশ ল’ব ছয়টা দলে, কিদৰে কৰিব যোগ্যতা অৰ্জন!
অলিম্পিকত দেখা যাব ক্ৰিকেট
monjit-dutta
Monjit Dutta | Updated On: 10 Apr 2025 16:07 PM

ক্ৰীড়াবিশ্বত দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ হিচাপে খ্যাত অলিম্পিক ক্ৰীড় মহাসমাৰোহ। এই মহাসমাৰোহত পিছে দেখিবলৈ পোৱা নাযায় এই সময়ৰ অন্যতম জনপ্ৰিয় ক্ৰীড়া ইভেণ্ট ক্ৰিকেট। বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বিষয়ত আলোচনা চলি আছিল। এনে ধাৰাবাহিক আলোচনাৰ অন্তত অৱশেষত মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪১ সংখ্যক অধিৱেশনৰ সময়ত ক্ৰিকেটে আনুষ্ঠানিকভাৱে ক্ৰীড়াৰ এই সৰ্ববৃহৎ সমাৰোহত স্থান পাবলৈ সক্ষম হৈছে। সেই অনুসাৰে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিত অনুমোদন জনোৱা হৈছে।

অলিম্পিক কমিটীৰ এই সিদ্ধান্তৰ লগে লগে ক্ৰিকেটে ১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ প্ৰত্যাৱৰ্তন কৰিব। ইয়াৰ পূৰ্বে অলিম্পিকৰ ১৯০০ চনৰ সংস্কৰণত অন্তিমবাৰৰ বাবে ক্ৰিকেট দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়া ২০২৮ চনত পুনৰ অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট। পিছে অলিম্পিকত অংশ লোৱা সকলো দেশেই ক্ৰিকেটত অংশ ল’ব পাৰিবনে, সেয়া স্বাভাৱিকতেই ক্ৰিকেটপ্ৰেমীৰ মনত উদয় হোৱা প্ৰশ্ন। এই সন্দৰ্ভত অলিম্পিক কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ১২ খন পূৰ্ণাঙ্গ সদস্য দেশ আছে, আনহাতে সহযোগী দেশ আছে ৯৪ খন। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে লছ এঞ্জেলছ অলিম্পিক ২০২৮ত পুৰুষ আৰু মহিলা শাখাত ৬টাকৈ দলক অন্তৰ্ভুক্ত কৰাতহে অনুমোদন জনাইছে। এই অলিম্পিকত ক্ৰিকেট টি-২০ ফৰ্মেটত খেলোৱা হ’ব। পুৰুষ-মহিলা দুয়োটা শাখাতে প্ৰতিটো দলে অলিম্পিকৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিব পাৰিব।

প্ৰকাশিত খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে প্ৰতিযোগিতাখনত ক্ৰিকেটৰ মানদণ্ড শীৰ্ষ মানৰ হ’ব লাগে বুলি ইতিমধ্যে আইচিচিক জানিবলৈ দিছিল। অলিম্পিক কমিটীৰ এই প্ৰস্তাৱ মতেই আইচিচিয়ে ৬টা শ্ৰেষ্ঠ দলক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছে। অৰ্থাৎ অলিম্পিকত বহু দেশে অংশ ল’লেও মাত্ৰ ৬ টা দলেহে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। কিন্তু ইয়াৰ বাবে দলকেইটাই কিদৰে যোগ্যতা অৰ্জন কৰিব, সেই সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

অৱশ্যে খবৰ অনুসৰি আমেৰিকাৰ ক্ৰিকেট দলে আয়োজক হোৱাৰ বাবে প্ৰত্যক্ষভাৱে প্ৰৱেশ লাভ কৰিব পাৰে। ইয়াৰ পিছত আইচিচি ৰেংকিঙৰ ভিত্তিত বাকী ৫ টা স্থানৰ বাবে দল নিৰ্বাচন কৰা হ’ব পাৰে। অৰ্থাৎ আইচিচিৰ শীৰ্ষ ৫ টা দলে অলিম্পিকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাই প্ৰবল। ইয়াৰ বাবে ৰেংকিঙৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা হ’ব পাৰে। উল্লেখ্য যে লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটকে ধৰি মুঠ ৩৫১টা পদক ইভেণ্ট অনুষ্ঠিত হ’ব।