CSK vs MI Live Score, IPL 2025: চেপ’কত সহজ জয়েৰে অভিযান আৰম্ভ কৰিলে চেন্নায়ে, ৪ উইকেটত পৰাস্ত মুম্বাই
Chennai Super Kings vs Mumbai Indians, Live Score in Assamese: চেন্নাইৰ চেপ’কত আজি চলিত ছিজনৰ নিজৰ প্ৰথমখন মেচত নামিছিল প্ৰতিযোগিতাৰ দুই সফলতম দল চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। নিজৰ ঘৰুৱা দৰ্শকক নিৰাশ নকৰি চেন্নায়ে মেচখনত মুম্বাইক ৪ উইকেটত সহজে পৰাস্ত কৰে আৰু প্ৰত্যাশিত আৰম্ভণি ঘটায় আই পি এল ২০২৫ত।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই পি এলৰ আটাইতকৈ হাইপ্ৰফাইল মেচ, মুখামুখি হৈছে প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দুটা দল চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ। টছত জয়ী হৈ চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডে এই মেচখনত প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়। লক্ষণীয়ভাৱে মেচখনত নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়া নিলম্বনৰ শাস্তিৰ বাবে অনুপস্থিত থকাৰ ফলত সূৰ্যকুমাৰ যাদৱে মুম্বাইৰ নেতৃত্ব বহন কৰিছে।
LIVE NEWS & UPDATES
-
নুৰ আহমেদলৈ মেন অৱ দ্য মেচ
দৰ্শনীয় বলিঙেৰে মুম্বাইৰ বেটিং লাইন আপক বিপৰ্যস্ত কৰি তোলা নুৰ আহমেদ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। নুৰে ৪ অভাৰত মাত্ৰ ১৮ ৰান খৰচ কৰি দখল কৰিছিল সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ৰবিন মিঞ্জ আৰু নমন ধীৰৰ উইকেট।
-
সহজ জয়েৰে অভিযান আৰম্ভ চেন্নাইৰ
প্ৰথমে নুৰ আহমেদৰ স্পীন ঘূৰ্ণী আৰু তাৰ পিছত গায়কোৱাড, ৰচিনৰ অৰ্ধশকেৰে মুম্বাইৰ বিপক্ষে সহজ জয়েৰে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিছে চেন্নায়ে। চেপ’কত ছিজনৰ প্ৰথমখন মেচত চেন্নাই সহজে ৪ উইকেটত জয়ী হয়। দৰ্শনীয় বেটিঙেৰে ৬৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৰচিন ৰবীন্দ্ৰ।
-
ক্ৰীজত থালা ধোনী
জয়ৰ বাবে মাত্ৰ ৪ ৰান বাকী থকা অৱস্থাত দুৰ্ভাগ্যৱশতঃ ৰান আউট হয় জাদেজা। তেওঁৰ বিদায়ৰ পিছতে ক্ৰীজলৈ আহে মহেন্দ্ৰ সিং ধোনী। থালা খ্যাত ধোনী খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে চেপ’কত শুনা গ’ল দৰ্শকৰ হৰ্ষোল্লাস।
-
ৰচিন ৰবীন্দ্ৰৰ অৰ্ধশতক
দৰ্শনীয় বেটিঙেৰে চেন্নাইক প্ৰায় জয়ৰ কাষ চপাই নিছে ৰচিন ৰবীন্দ্ৰই। দায়িত্বশীল বেটিঙেৰে ৰবীন্দ্ৰই ইতিমধ্যে সম্পূৰ্ণ কৰিছে অৰ্ধশতক।
-
জেকছে বিদায় দিলে কুৰাণক
বেটিঙত বিফল হ’লেও বলিঙত এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে উইল জেকছে। চেম কুৰাণক বিদায় দি জেকছে মুম্বাইক দিছে পঞ্চমটো সাফল্য।
-
মুম্বাইক আশা দেখুৱাইছে ভিগনেছে
অভিষেককাৰী ভিগনেছৰ হাতলৈ গৈছে আৰু এটা উইকেট। দীপক হুডাক পেভিলিয়নৰ পথ দেখুৱাই তিনিটা উইকেট নিজৰ দখললৈ আনিছে যুৱ স্পিনাৰগৰাকীয়ে।
-
শতক সম্পূৰ্ণ চেন্নাইৰ ইনিংছত
ইনিংছৰ ১১ নং অভাৰত শতক সম্পূৰ্ণ কৰিছে চেন্নাই চুপাৰ কিংছে। দলটোক জয়ৰ বাবে এতিয়া মাত্ৰ ৫৫ ৰানৰ প্ৰয়োজন।
-
এইবাৰ ডুবেৰ উইকেট দখল ভিগনেছৰ
অভিষেকতে চমক দিছে যুৱ স্পিনাৰ ভিগনেছ পুথুৰে। প্ৰথমে গায়কোৱাডৰ উইকেট দখল কৰাৰ পিছত এইবাৰ ভিগনেছে দখল কৰিছে শিৱম ডুবেক (৯)।
-
গায়কোৱাডক বিদায় দিলে ভিগনেছে
অভিষেককাৰী যুৱ স্পিনাৰ ভিগনেছ পুথুৰে বিদায় দিছে গায়কোৱাডক। চেন্নাইৰ অধিনায়গৰাকীয়ে খেলে ৫৩ ৰানৰ এক দৰ্শনীয় ইনিংছ।
-
গায়কোৱাডৰ অৰ্ধশতক
চমকপ্ৰদ বেটিঙেৰে চেপ’কত অৰ্ধশতক সম্পূৰ্ণ কৰিছে অধিনায়ক ৰুতুৰাজ গায়কোৱাডে। মাত্ৰ ২২ বলতে এই কৃতিত্ব অৰ্জন কৰে তাৰকাগৰাকীয়ে।
-
পাৱাৰ প্লে’ত ৬২ ৰান সংগ্ৰহ চেন্নাইৰ
অধিনায়কোচিত বেটিঙেৰে চেন্নাইৰ ইনিংছ আগুৱাই নিছে ৰুতুৰাজ গায়কোৱাডে। তেওঁৰ লগতে ৰচিন ৰবীন্দ্ৰৰ দায়িত্বশীল বেটিঙৰ সহায়ত পাৱাৰ প্লে’ত ৬২ ৰান সংগ্ৰহ কৰিছে চেন্নায়ে।
-
৪ অভাৰত ৩৫ ৰান সংগ্ৰহ চেন্নাইৰ
ৰাহুল ত্ৰিপাঠীৰ উইকেট পতন হ’লেও চেন্নাইৰ ইনিংছ আগুৱাই নিছে ৰচিন ৰবীন্দ্ৰ আৰু অধিনায়ক গায়কোৱাডে। দলটোৱে ৪ অভাৰত সংগ্ৰহ কৰিছে ৩৫ ৰান।
-
ইম্পেক্ট নপৰিল ত্ৰিপাঠীৰ
চেন্নাইৰ ইম্পেক্ট প্লেয়াৰৰ ৰূপত খেলপথাৰত নমা ৰাহুল ত্ৰিপাঠীয়ে বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয়। দীপক চাহাৰে নিজৰ প্ৰথমটো অভাৰতে ত্ৰিপাঠিক বিদায় দি মুম্বাইক সফলতা দিয়ে।
-
ক্ৰীজত চেন্নাইৰ অপেনাৰদ্বয় ৰচিন-ৰাহুল, ব’ল্টৰ হাতত বল
১৫৬ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইৰ ইনিংছ আৰম্ভ কৰিছে ৰচিন ৰবীন্দ্ৰ আৰু ৰাহুল ত্ৰিপাঠীয়ে। আনহাতে ব’ল্টে আৰম্ভ কৰি কৰিছে মুম্বাইৰ বলিং।
-
১৫৫ ৰান সংগ্ৰহ মুম্বাইৰ
অন্তিম সময়ত দীপক চাহাৰৰ ১৫ বলত ২৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত মুম্ৱাই ইণ্ডিয়ানছে ১৫৫ ৰানৰ এক সন্মানজনক স্ক’ৰ থিয় কৰাইছে। অৰ্থাৎ চেন্নায়ে জয়ৰ বাবে লাভ কৰিছে ১৫৬ ৰানৰ লক্ষ্য।
-
চাহাৰৰ প্ৰচেষ্টাত ১৫০ৰ সীমা স্পৰ্শ মুম্বাইৰ
দীপক চাহাৰৰ গুৰুত্বপূৰ্ণ বেটিঙৰ সহায়ত মুম্বাইৰ ইনিংছত সম্পূৰ্ণ হৈছে ১৫০ ৰান।
-
নৱম উইকেট পতন মুম্বাইৰ
খলীল আহমেদৰ হাতলৈ গৈছে তৃতীয়টো উইকেট। নিজৰ স্পেলৰ অন্তিমটো বলত খলীলে দখল কৰে ব’ল্টৰ উইকেট।
-
চেণ্টনাৰো পেভিলিয়নলৈ
অষ্টমটো উইকেট পতন ঘটিছে মুম্বাইৰ। নাথান এলিছে বিদায় দিলে মিচেল চেণ্টনাৰক (১১)।
-
নুৰৰ সফল স্পেলৰ সামৰণি
চমকপ্ৰদ বলিঙেৰে মুম্বাইৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰি এক সফল স্পেলৰ সামৰণি পেলালে নুৰ আহমেদে। নিজৰ ৪ অভাৰৰ স্পেলত নুৰে ১৮ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে।
-
আন এক সফলতা নুৰৰ
মুম্বাইৰ ইনিংছত একপ্ৰকাৰে সন্ত্ৰাস হৈ পৰিছে নুৰ আহমেদ। নমন ধীৰৰ ৰূপত স্পিনাৰগৰাকীৰ দখললৈ আহিল চতুৰ্থটো উইকেট।
-
মুম্বাইৰ শতক সম্পূৰ্ণ
দলীয় স্ক’ৰবৰ্ডত কোনোমতে ১০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হপিছে মুম্বাই ইণ্ডিয়ানছে। ইনিংছৰ ১৪ নং অভাৰৰ অন্তিমটো বলত মুম্বাইৰ দলীয় শতক পূৰ হয়।
-
নুৰৰ স্পীন ঘূৰ্ণী, তিলকৰো বিদায়
মাত্ৰ ৯৮ ৰানতে ৬টা উইকেট হেৰুৱাইছে মুম্বাইয়ে। নুৰ আহমেদে একেটা অভাৰতে ৰবিন মিঞ্জ (৩) আৰু তিলক বাৰ্মাক (৩১) বিদায় দি মুম্বাইক বিপৰ্যস্ত কৰি তুলিছে।
-
সূৰ্যও উভতিল পেভিলিয়নলৈ
দায়িত্বশীল বেটিঙেৰে মুম্বাইৰ বিপৰ্যয় ৰোধ কৰি অধিনায়ক সূৰ্যই কিছু আশা জগাইছিল যদিও নুৰ আহমেদে সূৰ্যক বিদায় দি মুম্বাইক পুনৰ এবাৰ বিপৰ্যয়লৈ ঠেলি দিছে। সূৰ্যৰ বেটৰ পৰা আহে ২৯ ৰান।
-
সূৰ্য-তিলকৰ দায়িত্বশীল বেটিং
মাত্ৰ ৩৬ ৰানতে ৩টা উইকেট হেৰুওৱাৰ পিছত দলক উদ্ধাৰৰ চেষ্টা চলাইছে সূৰ্য আৰ তিলকে। দুয়ো এইপৰ্যন্ত চতুৰ্থ উইকেটত ৪০ ৰান যোগ দিছে।
-
পাৱাৰ প্লে’ত মুম্বাইৰ সংগ্ৰহ ৫৩ ৰান
তিনিটাকৈ উইকেট হেৰুৱালেও পাৱাৰ প্লে’ত কিছু সন্তোষজনক স্থিতিলৈ আগবাঢ়িছে মুম্বাই। সূৰ্যকুমাৰ আৰু তিলকৰ প্ৰচেষ্টাত মুম্বায়ে ৬ অভাৰত সংগ্ৰহ কৰিছে ৫৩ ৰান।
-
অৰ্ধশতক সম্পূৰ্ণ মুম্বাইৰ
প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত দলীয় স্ক’ৰকাৰ্ডত ৫০ ৰান সম্পূৰ্ণ হৈছে মুম্বাইৰ। ৫.৩ অভাৰত এটা ছয় কোবাই ভাৰপ্ৰাপ্ত অধিনায়ক সূৰ্যই দলৰ স্ক’ৰ ৫০লৈ নিয়ে।
-
প্ৰথমটো অভাৰতে অশ্বিনৰ সফলতা
নিজৰ প্ৰথমটো অভাৰতে সফলতা লাভ কৰিছে অশ্বিনে। উইল জেকছক বিদায় দি অশ্বিনে মুম্বাইৰ শিবিৰত দিলে আন এক আঘাত।
-
পুনৰ চেন্নাইৰ জাৰ্চিৰে বল হাতত তুলিলে অশ্বিনে
কেইবাটাও ছিজনৰ পিছত পুনৰ চেন্নাই চুপাৰ কিংছলৈ উভতা ৰবিচন্দ্ৰন অশ্বিনৰ হাতত বল তুলি দিছে অধিনায়ক গায়কোৱাডে।
-
মুম্বাইৰ দুৰ্বল আৰম্ভণি
প্ৰথম অভাৰত ৰোহিতৰ উইকেট হেৰুওৱাৰ পিছত তৃতীয় অভাৰত ৰিকেল্টনৰ ৰূপত দ্বিতীয়টো উইকেট পতন ঘটিছিল মুম্বাইৰ। দুয়োটা উইকেট দখল কৰে খলীল আহমেদে।
Published On - Mar 23,2025 7:50 PM