শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CSK vs RCB Live Score, IPL 2025: চেপ’কত ব্যৰ্থতাৰ অৱসান ঘটালে আৰচিবিয়ে, অন্তিম ক্ষণত ধোনীয়ে তুলিলে আনন্দৰ বন্যা

Chennai Super Kings vs Royal Challengers Bengaluru, Live Score in Assamese: আজি মুখামুখি হ’ব আই পি এলৰ অন্যতম সফল দল চেন্নাই চুবাৰ কিংছ আৰু এতিয়ালৈকে এবাৰো খিতাপৰ সোৱাদ লাভ নকৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। চেন্নাইৰ চেপ’ক ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব অনুৰাগীৰ এই বহু প্ৰতীক্ষিত মেচখন। পুনৰ এবাৰ ক্ৰিকেটপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ মাজৰ প্ৰতিদ্বন্দিতাৰ ৰোমাঞ্চ।

monjit-dutta
Monjit Dutta | Updated On: 28 Mar 2025 23:30 PM
CSK vs RCB Live Score, IPL 2025: চেপ’কত ব্যৰ্থতাৰ অৱসান ঘটালে আৰচিবিয়ে, অন্তিম ক্ষণত ধোনীয়ে তুলিলে আনন্দৰ বন্যা
চেপ’কত আজি CSK বনাম RCBৰ যুঁজ

চেপ’কত আজি ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষিত আই পি এল মেচ। এই মেচত আজি মুখামুখি হ’ব আই পি এলৰ অন্যতম সফল দল চেন্নাই চুবাৰ কিংছ আৰু এতিয়ালৈকে এবাৰো খিতাপৰ সোৱাদ লাভ নকৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। অৱশ্যে পূৰ্বৰ ব্যৰ্থতা পাহৰি এইবাৰ আৰচিবিয়ে ন শক্তিৰে প্ৰতিযোগিতাত নামিছে। ৰজত পাটিদাৰৰ নেতৃত্বত দলটোৱে এইবাৰ ঘটাইছে প্ৰত্যাশিত আৰম্ভণি। ইফালে গায়কোৱাডৰ নেতৃত্বত চেন্নায়েও প্ৰথমখন মেচতে মুম্বাইক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। পিছে অধিনায়ক নহ’লেও আজিৰ মেচখনত অনুৰাগীৰ প্ৰধান আকৰ্ষণ হ’ব মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলী। গতিকে অনুৰাগীৰ মন জয় কৰি আজি কোনগৰাকী তাৰকাই জয়ৰ সোৱাদ লভিব পাৰে সেয়া হ’ব লক্ষণীয়।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 28 Mar 2025 11:18 PM (IST)

    ঘৰতে পৰাস্ত চেন্নাইৰ, সহজ জয় আৰচিবিৰ

    ১৭ বছৰৰ পিছত চেন্নাইক ঘৰুৱা খেলপথাৰত পৰাস্ত কৰিলে আৰচিবিয়ে। আজিৰ মেচখনত বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সুবাদত ৫০ ৰানত বিজয় সাব্যস্ত কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। ছিজনত দলটোৰ এয়া ক্ৰমাগত দ্বিতীয় বিজয়।

  • 28 Mar 2025 11:13 PM (IST)

    ধোনীৰ বেটৰ পৰা ছয়

    পৰাজয় নিশ্চিত হৈ পৰিলেও চেপ’কত শুনা গৈছে চেন্নাইৰ অনুৰাগীৰ আনন্দৰ চিঞৰ। এই আনন্দৰ কাৰণ হৈছে ধোনীৰ বেটিং। একেৰাহে দুটাকৈ ছয় কোবাই ধোনীয়ে অনুৰাগীক দিয়ে আনন্দৰ ক্ষণ।

  • 28 Mar 2025 11:10 PM (IST)

    জাদেজাৰ বিদায়

    ইতিমধ্যে পৰাজয় নিশ্চিত হৈ পৰিছে চেন্নাই চুপাৰ কিংছৰ। চেন্নাইৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰা জোছ হেজেলউডে ইনিংছৰ ১৯ সংখ্যক অভাৰত দখল কৰিছে জাদেজাৰ উইকেট। এইদৰে মেচখনত ৩টা উইকেট দখল কৰে পেচাৰগৰাকীয়ে।

  • 28 Mar 2025 10:53 PM (IST)

    অশ্বিনৰ উইকেট পতনৰ পিছতে ক্ৰীজত ধোনী

    লিভিংষ্ট’নে অশ্বিনক বিদায় দিয়াৰ পিছতে ক্ৰীজলৈ আহে মহেন্দ্ৰ সিং ধোনী। খেলপথাৰত ধোনীৰ প্ৰৱেশৰ লগে লগে চেপ’কৰ গেলাৰীত শুনা গ’ল দৰ্শকৰ তীব্ৰ হৰ্ষোল্লাস।

  • 28 Mar 2025 10:39 PM (IST)

    দয়ালৰ হাতলৈ আন এটা উইকেট

    একেটা অভাৰতে দুটা সাফল্য লাভ কৰিছে দয়ালে। প্ৰথমে ৰচিন ৰবীন্দ্ৰক বিদায় দিয়াৰ পিছত দয়ালে অভাৰৰ পঞ্চমটো বলত শিৱম ডুবেকো বিদায় দিয়ে। ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা ডুবেই ১৫ বলত ১৯ ৰান সংগ্ৰহ কৰে।

  • 28 Mar 2025 10:35 PM (IST)

    য়শ দয়ালৰ বৃহৎ সাফল্য

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক বৃহৎ সফলতা প্ৰদান কৰিছে য়শ দয়ালে। চেন্নাইৰ অপেনাৰ ৰচিন ৰবীন্দ্ৰক বিদায় দি দয়ালে লাভ কৰে প্ৰথমটো উইকেট। ৰবীন্দ্ৰৰ বেটৰ পৰা আহে ৩১ বলত ৪১ ৰানৰ ইনিংছ।

  • 28 Mar 2025 10:14 PM (IST)

    লিভিংষ্ট’নে বিদায় দিলে কুৰাণক

    চেন্নায়ে হেৰুৱাইছে ইনিংছৰ চতুৰ্থটো উইকেট। লিয়াম লিভিংষ্ট’নৰ বলত ক্ৰুনাল পাণ্ডিয়াৰ হাতত কেচ তুলি দি বিদায় লৈছে ছেম কুৰাণে। কুৰাণৰ বেটৰ পৰা আহে মাত্ৰ ৮ ৰান।

  • 28 Mar 2025 09:56 PM (IST)

    ভুৱনেশ্বৰে পালে প্ৰথমটো উইকেট

    লক্ষ্য অনুসৰণ কৰি বিপদত পৰিছে চেন্নাই। হেজেলউডৰ পিছত এইবাৰ ভুৱনেশ্বৰ কুমাৰেও লাভ কৰিছে সফলতা। ছিজনত নিজৰ প্ৰথমটো উইকেটৰ ৰূপত ভুৱনেশ্বৰে বিদায় দিয়ে দীপক হুদাক।

  • 28 Mar 2025 09:41 PM (IST)

    গায়কোৱাডো ব্যৰ্থ

    একেটা অভাৰতে দ্বিতীয়টো সফলতা লাভ কৰিছে হেজেলউডে। ত্ৰিপাঠীৰ পিছত হেজেলউডে এইবাৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডকো বিদায় দিছে। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে গায়কোৱাড উভতে পেভিলিয়নলৈ।

  • 28 Mar 2025 09:38 PM (IST)

    ত্ৰিপাঠীক বিদায় দিলে হেজেলউডে

    ইনিংছৰ দ্বিতীয় অভাৰতে উইকেট হেৰুৱাইছে চেন্নায়ে। জোছ হেজেলউডৰ বলত ফিল ছল্টৰ হাতত কেচ দি পেভিলিয়নলৈ উভতে ৰাহুল ত্ৰিপাঠী।

  • 28 Mar 2025 09:31 PM (IST)

    প্ৰথম বলতে ছুইঙৰ চমক ভুৱিৰ

    ১৯৭ ৰানৰ লক্ষ্য আগত লৈ ক্ৰীজত নামিছে চেন্নাইৰ দুই অপেনাৰ ৰচিন আৰু ত্ৰিপাঠী। ইফালে আৰচিবিৰ হৈ বলিং আৰম্ভ কৰি প্ৰথমটো বলতে পৰিচিত ছুইঙৰ চমক দিছে ভুৱনেশ্বৰ কুমাৰে।

  • 28 Mar 2025 09:15 PM (IST)

    চেন্নাইৰ সমুখত ১৯৭ ৰানৰ লক্ষ্য

    টিম ডেভিদে অন্তিম অভাৰত কোবোৱা তিনিটাকৈ ছয়ৰ সহায়ত আৰচিবিয়ে ইনিংছৰ সমাপ্তিলৈ সংগ্ৰহ কৰে ১৯৬ ৰান। এইদৰে ১৯৭ ৰানৰ লক্ষ্য লাভ কৰিছে চেন্নাই চুপাৰ কিংছে।

  • 28 Mar 2025 09:12 PM (IST)

    বেট হাতত লৈ হেট্ৰিক ডেভিদৰ

    ছেম কুৰাণে কৰা ইনিংছৰ অন্তিম অভাৰৰ প্ৰথম দুটা বল ডট হোৱাৰ পিছত পৰৱৰ্তী ৩টা বলত ৩টা ছয়েৰে ছিক্সাৰৰ হেট্ৰিক কৰে টিম ডেভিদে।

  • 28 Mar 2025 09:06 PM (IST)

    পাথিৰানাৰ আন এক সফলতা

    একেটা অভাৰতে দ্বিতীয়টো সফলতা লাভ কৰিছে মথিছা পাথিৰানাই। এইবাৰ পাথিৰানাই বিদায় দিছে ক্ৰুনাল পাণ্ডিয়াক। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পাণ্ডিয়া পেভিলিয়নলৈ উভতিবলগা হয়।

  • 28 Mar 2025 09:03 PM (IST)

    পাটিদাৰৰো বিদায়

    ষষ্ঠটো উইকেটৰ পতন ঘটিছে আৰচিবিৰ। এইবাৰ পেভিলিয়নলৈ উভতিছে অধিনায়ক ৰজত পাটিদাৰ। মথিছা পাথিৰানাৰ বলত কুৰাণৰ হাতত কেচ তুলি দি বিদায় লোৱাৰ পূৰ্বে পাটিদাৰে ৩২টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে ৫১ ৰান সংগ্ৰহ কৰে।

  • 28 Mar 2025 08:59 PM (IST)

    জীতেশক বিদায় দিলে খলীলে

    আৰচিবিয়ে হেৰুৱাইছে আন এটা উইকেট। এইবাৰ খলীল আহমেদে বিদায় দিয়ে জীতেশ শৰ্মাক। জীতেশৰ বেটৰ পৰা আহে ১২ ৰান।

  • 28 Mar 2025 08:57 PM (IST)

    পাটিদাৰে সম্পূৰ্ণ কৰিলে অৰ্ধশতক

    তিনিবাৰকৈ জীৱনদান পোৱাৰ পিছত অৰ্ধশতম সম্পূৰ্ণ কৰিলে অধিনায়ক ৰজত পাটিদাৰে। খলীলৰ এটা বলত চাৰি কোবাই পাটিদাৰে ৩০ বলত ৫০ ৰান সম্পূৰ্ণ কৰে।

  • 28 Mar 2025 08:49 PM (IST)

    ১৫০ৰ পাৰ হ’ল আৰচিবিৰ স্ক’ৰ

    লিভিংষ্টনৰ উইকেট পতনৰ পিছতে ক্ৰীজলৈ অহা জিতেশ শৰ্মাই এক দৰ্শনীয় ছয় কোবাই দলৰ স্ক’ৰ ১৫০ৰ পাৰ কৰায়। ১৬ অভাৰৰ সমাপ্তিত এইদৰে দলৰ ইনিংছ ১৫৩ ৰান হৈছে।

  • 28 Mar 2025 08:48 PM (IST)

    নুৰৰ স্পীন যাদুৰ চিকাৰ হ’ল লিভিংষ্টন

    চেপ’কত অব্যাহত আছে নুৰ আহমেদৰ যাদু। ছল্ট, কোহলীৰ পিছত এইবাৰ নুৰ আহমেদে এইবাৰ বিদায় দিছে লিয়াম লিভিংষ্টনক। এটা ছয় কোবোৱাৰ পিছতে লিভিংষ্টনক পেভিলিয়নৰ পথ দেখুৱায় নুৰে।

  • 28 Mar 2025 08:35 PM (IST)

    তৃতীয়বাৰলৈ জীৱনদান পাটিদাৰৰ

    মাত্ৰ ৯টা বলৰ ব্যৱধানত তৃতীয়বাৰলৈ জীৱনদান পাইছে ৰজত পাটিদাৰে। প্ৰথমে জাদেজাৰ বলত হুদাই কেচ ড্ৰপ কৰাৰ পিছত নুৰ আহমেদৰ একেটা অভাৰত প্ৰথমে ৰাহুল ত্ৰিপাঠীয়ে আৰু তাৰ পিছত খলীল আহমেদে ড্ৰপ কৰে পাটিদাৰে তুলি দিয়া কেচ।

  • 28 Mar 2025 08:32 PM (IST)

    কোহলীক বিদায় দিলে নুৰ

    প্ৰথম মেচৰ দৰেই চমক অব্যাহত ৰাখিছে নুৰ আহমেদে। ফিল ছল্টক বিদায় দিয়াৰ পিছত এইবাৰ নুৰে বিদায় দিছে আৰচিবিৰ বেটিং লাইন আপৰ প্ৰধান ভৰসা বিৰাট কোহলীক। ৰচিন ৰবীন্দ্ৰৰ হাতত কেচ তুলি বিদায় লোৱাৰ পূৰ্বে কোহলীয়ে সংগ্ৰহ কৰে ৩১ ৰান।

  • 28 Mar 2025 08:28 PM (IST)

    জীৱনদান পালে পাটিদাৰে

    ব্যক্তিগত ১৭ ৰানত জীৱনদান পাইছে আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে। জাদেজাৰ বলত পাটিদাৰে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত বিফল হয় দীপক হুদাই।

  • 28 Mar 2025 08:24 PM (IST)

    আক্ৰমণক প্ৰত্যাক্ৰমণেৰে প্ৰত্যুত্তৰ কোহলীৰ

    মথিছা পাথিৰানাৰ এক বাউন্সাৰে বিৰাট কোহলীৰ হেলমেটত আঘাত কৰাৰ পিছতে আক্ৰমণাত্মক হৈ উঠিছে কোহলী। বাউন্সাৰৰ পিছতে ক্ৰমাগতভাৱে এটা ছয় আৰু চাৰি কোবাই কোহলীয়ে পাথিৰানাক দিয়ে প্ৰত্যুত্তৰ।

  • 28 Mar 2025 08:21 PM (IST)

    ১০ অভাৰত আৰচিবিৰ সংগ্ৰহ ৯৩ ৰান

    আৰচিবিৰ ইনিংছৰ আধা অংশ অৰ্থাৎ ১০ অভাৰৰ অন্ত পৰিছে। ১০ অভাৰৰ সামৰণিলৈ দলটোৱে ২টা উইকেট হেৰুৱাই ৯৩ ৰান সংগ্ৰহ কৰিছে। ক্ৰীজত আছে বিৰাট কোহলী আৰু ৰজত পাটিদাৰ।

  • 28 Mar 2025 08:11 PM (IST)

    পাড়িকালক বিদায় দিলে অশ্বিনে

    নিজ স্পেলৰ দ্বিতীয় অভাৰত গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে ৰবিচন্দ্ৰন অশ্বিনে। আক্ৰণাত্মক শৈলীৰে ইনিংছ আগুৱাই নিয়া দেৱদত্ত পাড়িকালক বিদায় দি অশ্বিনে চেন্নাইক দিয়ে সফলতা। পাড়িকালৰ বেটৰ পৰা আহে ১৪ বলত ২৭ ৰান।

  • 28 Mar 2025 08:00 PM (IST)

    ৫০ৰ সীমা পাৰ আৰচিবিৰ

    পাৱাৰ প্লে’ৰ অন্ত পৰাৰ অন্তিমটো বলৰ পূৰ্বে আৰচিবিৰ ইনিংছে অতিক্ৰম কৰিছে ৫০ ৰানৰ সীমা। কুৰাণৰ অভাৰৰ পঞ্চম বলত এটা ছয় কোবাই পাড়িকালে দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায়।

  • 28 Mar 2025 07:57 PM (IST)

    চেপ’কত ধোনীৰ যাদু, ছল্টক বিদায় দিলে নুৰে

    উইকেটৰ পিছফালে পুনৰ এবাৰ দেখা গৈছে মহেন্দ্ৰ সিং ধোনীৰ হাতৰ যাদু। নুৰ আহমেদৰ বলত এক দৰ্শনীয় ষ্টাম্পিঙেৰে ধোনীয়ে পেভিলিয়নৰ পথ দেখুৱায় ফিল ছল্টক। আক্ৰমণাত্মক আৰম্ভণি কৰা ছল্টৰ বেটৰ পৰা আহে ৩২ ৰান।

  • 28 Mar 2025 07:30 PM (IST)

    ক্ৰীজত কোহলী-ছল্ট, খলীলৰ হাতত বল

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ ইনিংছ আৰম্ভ কৰিবলৈ ক্ৰীজলৈ আহিছে বিৰাট কোহলী আৰু ফিল ছল্ট। আনহাতে চেন্নাইৰ হৈ বলিং আৰম্ভ কৰিছে খলীল আহমেদে।

  • 28 Mar 2025 07:11 PM (IST)

    চেন্নাই চুপাৰ কিংছৰ মূল একাদশ

    চেন্নাই চুপাৰ কিংছৰ মূল একাদশত থাকিব ৰচিন ৰবিন্দ্ৰ, ৰুতুৰাজ গায়কোৱাড (অধিনায়ক), ৰাহুল ত্ৰিপাঠী, দীপক হুদা, ছেম কুৰাণ, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনী, ৰবিচন্দ্ৰন অশ্বিন, নুৰ আহমেদ, মথিছা পাথিৰানা, খলিল আহমেদ।

  • 28 Mar 2025 07:10 PM (IST)

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ

    বাংগালুৰুৰ মূল একাদশত থাকিব বিৰাট কোহলী, ফিলিপ ছল্ট, দেৱদত্ত পাড়িকাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল।

  • 28 Mar 2025 07:05 PM (IST)

    টছত জয়ী হ’ল গায়কোৱাড, প্ৰথমে কৰিব বলিং

    ইতিমধ্যে হৈ গৈছে এই মেচৰ টছ। টছত জয়ী হৈ চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ প্ৰথমে বেটিং কৰিব ৰজত পাটিদাৰ নেতৃত্বাধীন বাংগালুৰুৱে।

Published On - Mar 28,2025 6:58 PM