শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CSK vs RCB Playing XI IPL 2025: আজি চেপ’কত মুখামুখি হ’ব বিৰাট-মাহীঃ কেনে হ’ব পাৰে দুয়ো দলৰ মূল একাদশ

Chennai Super Kings vs Royal Challengers Bengaluru Preview: চলিত ছিজনৰ এই অষ্টম মেচখনত আজি মুখামুখি হ’ব প্ৰতিযোগিতাৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছ আৰু অন্যতম ‘ব্যৰ্থ’ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই ছিজনত প্ৰথমবাৰৰ বাবে খেলপথাৰত আজি একেলগে দেখা যাব ভাৰতীয় ক্ৰিকেটৰ দুই মহাতাৰকা বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীক।

CSK vs RCB Playing XI IPL 2025: আজি চেপ’কত মুখামুখি হ’ব বিৰাট-মাহীঃ কেনে হ’ব পাৰে দুয়ো দলৰ মূল একাদশ
CSK আৰু RCBৰ সম্ভাৱ্য একাদশ
monjit-dutta
Monjit Dutta | Published: 28 Mar 2025 17:28 PM

আজি আই পি এল ২০২৫ৰ এক বহু প্ৰতীক্ষিত মেচ। চলিত ছিজনৰ এই অষ্টম মেচখনত আজি মুখামুখি হ’ব প্ৰতিযোগিতাৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছ আৰু অন্যতম ‘ব্যৰ্থ’ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই মেচখনৰ বাবে অনুৰাগীৰ প্ৰতীক্ষাৰ আঁৰত আছে এক বিশেষ কাৰণ। এই ছিজনত প্ৰথমবাৰৰ বাবে খেলপথাৰত আজি একেলগে দেখা যাব ভাৰতীয় ক্ৰিকেটৰ দুই মহাতাৰকা বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীক। নেতৃত্বত নাথাকিলেও দুই মহাতাৰকা নিজ নিজ দলৰ প্ৰধান মুখ হিচাপে পৰিগণিত হৈ আহিছে, লগতে হৈ পৰিছে ফ্ৰেন্সাইজি দুটাৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে এই ছিজনৰ প্ৰথমখন মেচত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হৈছিল। মেচখনত সহজ জয়েৰে ছিজনৰ আৰম্ভণি ঘটাইছিল আৰচিবিয়ে। আনহাতে চেন্নায়ে ছিজনৰ প্ৰথমখন মেচ খেলিছিল প্ৰতিযোগিতাৰ আন এটা সফলতম দল মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে। মুম্বাইক সহজে পৰাস্ত কৰি চেন্নায়েও জয়েৰে আৰম্ভ কৰিছিল এই ছিজন। আজি দুয়োটা দল ছিজনত নিজৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব।

অৱশ্যে জয়ৰ সোৱাদ লাভ কৰিলেও আজি দুয়োটা দলেই প্ৰথম মেচত অৱতীৰ্ণ হোৱা দলৰ সৈতেই আজি খেলপথাৰত নমাৰ আশা কম। অৰ্থাৎ আজৰ মেচখনত দুয়োটা দলৰে মূল একাদশত পৰিৱৰ্তন ঘটিব পাৰে। আৰচিবিয়ে এইবাৰ বলিং বিভাগ শক্তিশালী কৰাত মনোনিৱেশ কৰি অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰক নিলামত ক্ৰয় কৰিছিল। দলটোৰ প্ৰথমখন মেচত অৱশ্যে মূল একাদশৰ পৰা বাহিৰত আছিল ভুৱনেশ্বৰ।

আঘাতৰ বাবে প্ৰথম মেচৰ পৰা বাহিৰ হ’লেও আজিৰ মেচখনত ভুৱনেশ্বৰ কুমাৰৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত। ক্তিবদ্ধ কৰিছে আৰচিবিয়ে। ফিটনেছৰ সমস্যাৰ বাবে তেওঁ প্ৰথমখন মেচত উপলব্ধ নহ’ল। এই মেচৰ পূৰ্বে তেওঁলোকে কঠোৰ অনুশীলন কৰিছিল। চেন্নাই খেলপথাৰত আৰচিবিৰ জাৰ্চি পিন্ধি অভিষেক ঘটাব পাৰে ভুৱনেশ্বৰ কুমাৰে। আনহাতে চেন্নায়েও আজি মথিছা পাথিৰানাক দলত অন্তৰ্ভুক্ত কৰিব পাৰে।

চেন্নাইৰ চেপ’কত স্পিনাৰে বিশেষ সহায় লাভ কৰাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা দলেই আজি স্পীন বিভাগত বিশেষ গুৰুত্ব দিয়াটো প্ৰায় নিশ্চিত। গতিকে প্ৰথম মেচৰ দৰে আজিও চেন্নায়ে অশ্বিন, জাদেজা আৰু নুৰ আহমেদৰ সৈতে খেলপথাৰত নামিব। আনহাতে বাংগালুৰুৱে আজি উইকেটৰ প্ৰতি লক্ষ্য ৰাখি স্বপ্নীল সিঙক সুযোগ দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। চাওঁ আহক দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশ-

চেন্নাই চুপাৰ কিংছৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট চাবঃ ৰচিন ৰবীন্দ্ৰ, ৰুতুৰাজ গায়কোৱাড, ৰাহুল ত্ৰিপাঠী, দীপক হুদা, শিৱম ডুবে, ছেম কুৰাণ, ৰবীন্দ্ৰ জাদেজা, মহেন্দ্ৰ সিং ধোনী, ৰবিচন্দ্ৰন অশ্বিন, মথিছা পাথিৰানা, নুৰ আহমেদ, খলিল আহমেদ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট চাবঃ বিৰাট কোহলী, ফিল ছল্ট, ৰজত পাটিদাৰ, দেৱদত্ত পাড়িকাল/সুয়শ শৰ্মা, লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল, স্বপ্নীল সিং।