CSK vs SRH Live Score, IPL 2025: ঘৰৰ মাটিতো ব্যৰ্থতা দূৰ নহ’ল চেন্নাইৰঃ সহজ জয়েৰে উত্তৰণ হায়দৰাবাদৰ
Chennai Super Kings vs Sunrisers Hyderabad Live Score in Assamese: আই পি এল ২০২৫ত সপ্তম পৰাজয়ৰ সন্মুখীন হৈছে চেন্নাই চুপাৰ কিংছ। পইণ্ট তালিকাৰ অন্তিম স্থানত থকা দলটোক আজি ঘৰৰ মাটিতে ৫ উইকেটত পৰাস্ত কৰি তালিকাত নিজৰ স্থান উন্নত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে।

আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। চেন্নাইৰ ঘৰুৱা খেলপথাৰ চেপ’ক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। চলিত প্ৰতিযোগিতাত এইপৰ্যন্ত দুয়োটা দলেই হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে আৰু পইণ্ট তালিকাৰ অন্তিম দুটা স্থানত অৱস্থান কৰিছে। দুয়োটা দলেই এইপৰ্যন্ত ছিজনত ৮খন মেচ খেলিছে আৰু মাত্ৰ দুখনত জয়লাভ কৰাৰ বিপৰীতে ছয়খন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে। এইদৰে চেন্নাই পইণ্ট তালিকাৰ অন্তিম স্থানত থকাৰ বিপৰীতে সামান্য উন্নত ৰান ৰেটৰ আধাৰত হায়দৰাবাদ নৱম স্থানত অৱস্থান কৰিছে। এনে ব্যৰ্থতাৰ পিছত আজিৰ মেচখন দুয়োটা দলৰ বাবে প্ৰত্যাৱৰ্তনৰ যুঁজ স্বৰূপ হৈ পৰিছে।
LIVE NEWS & UPDATES
-
পুনৰ পৰাস্ত চেন্নাই
ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে চেন্নাই চুপাৰ কিংছৰ। আজি পুনৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে ৫ উইকেটত পৰাজয় সহিবলগা হৈছে দলটোৱে। চেন্নাইয়ে বান্ধি দিয়া ১৫৫ ৰানৰ লক্ষ্য হায়দৰাবাদে ১৮.৪ অভাৰত ৫ উইকেট হেৰুৱাই অতিক্ৰম কৰে আৰু ছিজনত নিজৰ তৃতীয় জয়েৰে পইণ্ট তালিকাত অষ্টম স্থানলৈ উন্নীত হয়। আনহাতে আজি সপ্তমখন মেচত পৰাজয়েৰে প্লে’ অফৰ আশা প্ৰায় হেৰুৱাই পেলাইছে চেন্নাই চুপাৰ কিংছে।
-
১৮ বলত প্ৰয়োজন ১৩ ৰানৰ
প্ৰায় জয় নিশ্চিত হৈ পৰিছে হায়দৰাবাদৰ। অন্তিম তিনি অভাৰত দলটোক জয়ৰ বাবে প্ৰয়োজন আৰু মাত্ৰ ১৩ ৰানৰ। হাতত এতিয়াও বাকী আছে ৫টা উইকেট।
-
অনিকেতক বিদায় দিলে নুৰে
এক সহজ লক্ষ্য অনুসৰণ কৰিও কিছু সংকটত পৰিছে হায়দৰাবাদ। ১০৬ ৰানত দলটোৱে হেৰুৱাইছে পঞ্চমটো উইকেট। ইনিংছৰ ১৩.৫ অভাৰত নুৰ আহমেদৰ বলত দীপক হুদাৰ হাতত কেচ দি বিদায় লৈছে অনিকেত বাৰ্মাই। তেওঁৰ বেটৰ পৰা আহে ১৯ ৰান।
-
কিষাণৰ বিদায়
৩৪টা বলত ৪৪ ৰানৰ এক যুঁজাৰু ইনিংছ খেলি বিদায় লৈছে ঈশান কিষাণে। নুৰ আহমেদৰ বলত কিষাণে কোবোৱা এক শ্বটত বাউণ্ডেৰীত চমকপ্ৰদভাৱে কেচ আয়ত্ব কৰে চেম কুৰাণে।
-
জাদেজাই বিদায় দিলে ক্লাছেনক
হায়দৰাবাদে হেৰুৱাইছে আন এটা গুৰুত্বপূৰ্ণ উইকেট। এইবাৰ দলৰ তাৰকা বেটাৰ হেনৰিখ ক্লাছেনক পেভিলিয়নৰ পথ দেখুৱাইছে ৰবীন্দ্ৰ জাদেজাই। ক্লাছেনৰ বেটৰ পৰা আহে মাত্ৰ ৭ ৰান।
-
৫০ ৰান সম্পূৰ্ণ
ইনিংছত ৫০ৰ সীমা পাৰ কৰিছে হায়দৰাবাদে। ৭.৪ অভাৰত চেম কুৰাণৰ বলত কিষাণে এটা চাৰি কোবাই দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায়।
-
কম্বোজে বিদায় দিলে হেডক
হায়দৰাবাদে হেৰুৱাইছে দ্বিতীয়টো উইকেট। এইবাৰ অংশুল কম্বোজৰ বলত পেভিলিয়নলৈ উভতিছে ট্ৰেভিছ হেড। হেডৰ বেটৰ পৰা আহে ১৬টা বলত ১৯ ৰান।
-
খলীলে দিলে সফলতা
ছিজনত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত আছে খলীল আহমেদৰ। চেন্নাইৰ ইনিংছত ইনিংছৰ দ্বিতীয় বলতে আঘাত হানি খলীলে বিদায় দিছে অভিষেক শৰ্মাক, দেখুৱাইছে প্ৰত্যাৱৰ্তনৰ আশা।
-
হায়দৰাবাদৰ সমুখত ১৫৫ ৰানৰ লক্ষ্য
১৫৪ ৰানত ইনিংছ সমাপ্ত হৈছে চেন্নাইৰ। অন্তিম অভাৰৰ পঞ্চমতো বলত জয়দেৱ উনাডকাটে দীপক হুদাৰ উইকেট দখল কৰি চেন্নাইৰ ইনিংছৰ যতি পেলায়। এইদৰে জয়ৰ বাবে ১৫৫ ৰানৰ তুলনামূলকভাৱে সহজ লক্ষ্য লাভ কৰিছে হায়দৰাবাদে।
-
১৫০ৰ পাৰ ইনিংছ
দীপক হুদাৰ প্ৰচেষ্টাত ১৫০ ৰানৰ সীমা পাৰ কৰিছে চেন্নাইয়ে। এতিয়া অন্তিম চাৰিটা বলত চেন্নাইৰ ইনিংছত আৰু কিমান ৰান যোগ হয়, সেয়া লক্ষণীয় হ’ব।
-
নুৰো হ’ল হৰ্ষলৰ চিকাৰ
চমকপ্ৰদ প্ৰদৰ্শনেৰে মেচত নিজৰ চতুৰ্থটো উইকেট দখল কৰিছে হৰ্ষল পেটেলে। নুৰ আহমেদক পেভিলিয়নৰ পথ দেখুৱাই হৰ্ষলে চেন্নাইৰ ইনিংছ চমু চপাই আনিছে।
-
অষ্টম উইকেটৰ পতন
চেন্নাইৰ ইনিংছৰ অষ্টমটো উইকেটৰ পতন ঘটিছে। এইবাৰ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সৰ হাতলৈ আহিছে সফলতা। তেওঁৰ বলত উইকেটকীপাৰ ক্লাছেনৰ হাতত কেচ দি বিদায় লয় অংশুল কম্বোজে।
-
ধোনীয়েও ল’লে বিদায়
চেন্নাইৰ ইনিংছৰ অন্তিম আশা অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও এৰিছে ক্ৰীজ। ১০টা বলত মাত্ৰ ৬ ৰান সংগ্ৰহ কৰিয়েই তেওঁ আউট হয়। ধোনীৰ উইকেট দখল কৰে হৰ্ষল পেটেলে।
-
ডুবেৰ বিদায়
অব্যাহত আছে চেন্নাইৰ বেটিং বিপৰ্যয়। ১১৮ ৰানত দলটোৱে হেৰুৱাইছে ষষ্ঠটো উইকেট। এইবাৰ উনাডকাটৰ চিকাৰ হৈ ক্ৰীজ এৰিছে শিৱম ডুবেই।
-
মেণ্ডিছৰ চমকত বিদায় ব্ৰেভিছৰ
বাউণ্ডেৰীৰ কাষত কামিণ্ডু মেণ্ডিছে আয়ত্ব কৰা এক অভাৱনীয় কেচৰ পৰিণতিত ক্ৰীজ এৰিছে ডেৱাল্ড ব্ৰেভিছে। চেন্নাইৰ বেটিং বিপৰ্যয়ৰ মাজতে ব্ৰেভিছে দলটোৰ হৈ নিজৰ অভিষেক মেচত ২৫টা বলত এটা চাৰি আৰু ৪টা ছয়েৰে ৪২ ৰান সংগ্ৰহ কৰে। তেওঁৰ উইকেট দখল কৰে হৰ্ষল পেটেলে।
-
ব্ৰেভিছৰ চমকেৰে শতক পাৰ চেন্নাইৰ
চেন্নাইৰ হৈ অভিষেক মেচতে উজলিছে ডেৱাল্ড ব্ৰেভিছ। ইনিংছৰ ১২ নং অভাৰত ব্ৰেভিছে কামিণ্ডু মেণ্ডিছৰ বলত তিনিটা ছয় কোবায়। এইদৰে চেন্নাইৰ ইনিংছেও অতিক্ৰম কৰে শতকৰ সীমা।
-
জাদেজাক বিদায় দিলে মেণ্ডিছে
চতুৰ্থটো উইকেট পতন ঘটিছে চেন্নাইৰ ইনিংছত। এইবাৰ দলটোৰ অভিস্য তাৰকা ৰবীন্দ্ৰ জাদেজাক বিদায় দিছে কামিণ্ডু মেণ্ডিছে। জাদেজাই ১৭টা বলত এটা চাৰি আৰু এটা ছয়েৰে ২১ ৰান সংগ্ৰহ কৰে।
-
মাহাত্ৰেৰ বিদায়
সফল আৰম্ভণিক দীঘলীয়া ইনিংছৰ ৰূপ দিয়াত পুনৰ এবাৰ ব্যৰ্থ হৈছে আয়ুস মাহাত্ৰে। ১৯টা বলত ৬টা চাৰিৰে ৩০ ৰান সংগ্ৰহ কৰি মাহাত্ৰেই পেট কামিন্সৰ বলত কিষাণৰ হাতত কেচ তুলি দি বিদায় লয়।
-
ব্যৰ্থ কুৰাণ
পুনৰ এবাৰ ব্যৰ্থ হৈছে চেম কুৰাণ। আজি ১০টা বল খেলি মাত্ৰ ৯ ৰান সংগ্ৰহ কৰিয়েই কুৰাণে ক্ৰীজ এৰিছে। নিজ স্পেলৰ তৃতীয়টো বলতে হৰ্ষল পেটেলে লাভ কৰিছে সফলতা।
-
পুনৰ মন জিনিছে মাহাত্ৰেই
নিজৰ অভিষেক মেচতে ১৫টা বলত ৩২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলা আয়ুস মাহাত্ৰেই আজিৰ মেচতো আশানুৰূপ আৰম্ভণই ঘটাইছে। এইপৰ্যন্ত যুৱ খেলুৱৈগৰাকীয়ে ১৭ বলত সংগ্ৰহ কৰিছে ২৯ ৰান।
-
প্ৰথম বলতে উইকেট
মেচৰ প্ৰথম বলতে উইকেট দখল কৰিছে অভিজ্ঞ তাৰকা মহম্মদ ছামিয়ে। চেন্নাইৰ যুৱ অপেনাৰ শ্বেইক ৰছিদে প্ৰথমটো বলতে শ্লিপত থকা অভিষেক শৰ্মাৰ হাতত কেচ তুলি দি বিদায় লয়।
-
ধোনীৰ ৪০০ সংখ্যক মেচ
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আজিৰ মেচখন হ’ব ধোনীৰ টি-২০ কেৰিয়াৰৰ ৪০০ সংখ্যক মেচ। এই কৃতিত্ব অৰ্জন কৰা দেশৰ চতুৰ্থজন খেলুৱৈ হ’ব ধোনী। তেওঁৰ পূৰ্বে ৰোহিত শৰ্মা, দিনেশ কাৰ্তিক আৰু কোহলীয়ে নিজ কেৰিয়াৰত ৪০০ খন টি-২০ মেচ খেলিছে।
-
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশত আজি দেখা যাব অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, কামিন্দু মেণ্ডিছ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জয়দেৱ উনাডকাট, জিশান আনচাৰী, মহম্মদ ছামি। আনহাতে ইম্পেক্ট চাবত থাকিব ট্ৰেভিছ হেড, অভিনৱ মনোহৰ, শচীন বেবী, ৰাহুল চাহাৰ, উইয়ান মুল্ডাৰ।
-
চেন্নাই চুপাৰ কিংছৰ মূল একাদশ
চেন্নাই চুপাৰ কিংছৰ মূল একাদশত আজি দেখা গৈছে পৰিৱৰ্তন। দলটোৰ হৈ আজি অভিষেক ঘটিব ডেৱাল্ড ব্ৰেভিছৰ। দলটোৰ মূল একাদশ- শ্বেইক ৰছিদ, আয়ুস মাহাত্ৰে, চেম কুৰাণ, ৰবীন্দ্ৰ জাদেজা, ডেৱাল্ড ব্ৰেভিছ, শিৱম ডুবে, এম এছ ধোনী (অধিনায়ক), দীপক হুডা, নুৰ আহমেদ, খলিল আহমেদ, মথিশা পাথিৰানা। আনহাতে ইম্পেক্ট চাবত থাকিব অংশুল কম্বোজ, ৰবিচন্দ্ৰন অশ্বিন, কমলেশ নগৰকোটি, ৰামকৃষ্ণ ঘোষ, জেমি অভাৰটন।
-
প্ৰথমে বলিঙৰ সিদ্ধান্ত কামিন্সৰ
চেন্নাইৰ ঘৰুৱা খেলপথাৰ চেপ’কত প্ৰথমে বলিং কৰিব হায়দৰাবাদে। টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে ৰণকৌশল অনুসৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Published On - Apr 25,2025 7:02 PM