শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইউৰোপত প্ৰশিক্ষণৰ দ্বাৰা কিমান উপকৃত হ’ল ‘ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ’! কৰা হ’ল তথ্যভিত্তিক পৰীক্ষণ

দেশত ফুটবলৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি টিভি৯ নেটৱৰ্কে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপ ‘ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ’ৰ সফল সামৰণি পৰিছে। ইউৰোপত এক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণৰ পিছত এতিয়া স্বদেশলৈ উভতি আহিছে যুৱ ফুটবল খেলুৱৈসকল।

ইউৰোপত প্ৰশিক্ষণৰ দ্বাৰা কিমান উপকৃত হ’ল ‘ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ’! কৰা হ’ল তথ্যভিত্তিক পৰীক্ষণ
প্ৰশিক্ষণ লাভ কৰা খেলুৱৈসকল
monjit-dutta
Monjit Dutta | Published: 08 Apr 2025 18:49 PM

দেশত ফুটবলৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি টিভি৯ নেটৱৰ্কে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপ ‘ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ’ৰ সফল সামৰণি পৰিছে। ইউৰোপত এক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণৰ পিছত এতিয়া স্বদেশলৈ উভতি আহিছে যুৱ ফুটবল খেলুৱৈসকল। এই পদক্ষেপৰ অধীনত সমগ্ৰ দেশজুৰি যুৱ প্ৰতিভাৰ সন্ধান চলোৱা হৈছিল আৰু ইয়াৰ নিৰ্বাচিত হোৱা ‘স্পেচিয়েল ২৮’ জন যুৱ খেলুৱৈয়ে প্ৰশিক্ষণৰ বাবে অষ্ট্ৰিয়া আৰু জাৰ্মানীলৈ এক যুগান্তকাৰী যাত্ৰা আৰম্ভ কৰে। এই ইউৰোপ ভ্ৰমণ সামৰি ইতিমধ্যে খেলুৱৈসকল উভতি আহিছে।

এই যুৱ খেলুৱৈসকল স্বদেশত উপস্থিত হোৱাৰ পিছতে ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডব্যই তেওঁলোকক সাক্ষাৎ কৰে। টিভি৯ নেটৱৰ্কৰ এই পদক্ষেপক প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩৬ চনৰ অলিম্পিক আৰু ফিফা বিশ্বকাপৰ বাবে প্ৰচেষ্টা চলাবলৈ উৎসাহিত কৰে। ইয়াৰ পিছতে দিল্লীস্থিত অষ্ট্ৰিয়াৰ দূতাবাসে খেলুৱৈসকলক আদৰণি জনায়। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূত কেথাৰিনা উইজাৰে এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলকো প্ৰশংসা কৰে।

উল্লেখ্য যে ভাৰতীয় যুৱ খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণৰ লগতে গ্মুণ্ডেন ফুটবল একাডেমীৰ বিৰুদ্ধে প্ৰীতি মেচতো অংশ লৈছিল। অষ্ট্ৰিয়া চৰকাৰৰ সমৰ্থনে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ফলত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজত ক্ৰীড়া কূটনীতিও শক্তিশালী হোৱা বুলিব পাৰি।

এই প্ৰশিক্ষণকালত ভাৰতীয় খেলুৱৈসকলৰ তথ্য ভিত্তিক প্ৰদৰ্শন পৰীক্ষা কৰা হৈছিল। ইয়াৰ জৰিয়তে ইউৰোপৰ ১৪ বছৰ অনুৰ্ধৰ অভিজাত একাডেমীৰ মানদণ্ডৰ সৈতে তুলনা কৰা হৈছিল। স্বাভাৱিকতেই ভাৰতীয় যুৱ প্ৰতিভাসকলৰ বাবে এয়া আছিল প্ৰথম অভিজ্ঞতা। এই মূল্যায়নত গতি, শক্তি, ভাৰসাম্য, ফুটবল আইকিউ আদি দিশৰ ওপৰত আলোকপাত কৰা হৈছিল।

প্ৰশিক্ষণৰ সামৰণি দিনটোত সকলো খেলুৱৈ, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থীয়ে স্থানীয় ক্লাবটোৰ সভাপতি তথা ইণ্ডিয়া ফুটবল চেণ্টাৰৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি গেৰহাৰ্ড ৰিডলৰ সৈতে এক আন্তৰিকতাপূৰ্ণ ক্ষণ কটোৱাৰ সুযোগ লাভ কৰে। হয়। প্ৰতিজন খেলুৱৈক ইণ্ডিয়া ফুটবল চেণ্টাৰ, গ্মুণ্ডেনাৰ মিলচ (চেম্পিয়ন ক্লাব), আৰু টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ কাৰ্যসূচীৰ ল’গ’ থকা কাষ্টম টি-চাৰ্ট প্ৰদান কৰা হয়।