শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ বাবে ছেমি ফাইনেলত পৰাস্ত হ’ল নেকি দক্ষিণ আফ্ৰিকা? ডেভিদ মিলাৰে জগৰীয়া কৰিলে ICCক 

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দক্ষিণ আফ্ৰিকা। প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ পিছত  আইচিচিৰ ওপৰত ক্ষুব্ধ হোৱা যেন দেখা গৈছিল দক্ষিণ আফ্ৰিকাৰ প্ৰখ্যাত খেলুৱৈ ডেভিদ মিলাৰ। এই সন্দৰ্ভত খেলুৱৈগৰাকীয়ে আগবঢ়াইছে এক ডাঙৰ মন্তব্য।

ভাৰতৰ বাবে ছেমি ফাইনেলত পৰাস্ত হ’ল নেকি দক্ষিণ আফ্ৰিকা? ডেভিদ মিলাৰে জগৰীয়া কৰিলে ICCক 
ডেভিদ মিলাৰ
trishna-kalita
Trishna Kalita | Published: 06 Mar 2025 14:20 PM

আই চি চিৰ ট্ৰফী লাভৰ বাবে এতিয়াও অপেক্ষাৰত দক্ষিণ আফ্ৰিকাৰ দলটো। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত দলটোৱে সকলোকে আচৰিত কৰিছিল। এই মেচত তেওঁলোকে নিউজিলেণ্ডৰ বিৰুদ্ধে ৫০ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই মেচখন হাই স্ক’ৰিং আছিল যদিও দক্ষিণ আফ্ৰিকাৰ দলটোৱে নিউজিলেণ্ডে বান্ধি দিয়া ৩৬৩ ৰানৰ লক্ষ্য ভেদিব নোৱাৰিলে। এই পৰাজয়ৰ পিছত দক্ষিণ আফ্ৰিকাৰ প্ৰখ্যাত খেলুৱৈ ডেভিদ মিলাৰে এটা ডাঙৰ বক্তব্য আগবঢ়াই। তেওঁ দলটোৰ পৰাজয়ৰ বাবে আইচিচিক জগৰীয়া কৰে।

ডেভিদ মিলাৰে কিয় আইচিচিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল?

প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ পিছত আইচিচিৰ ভ্ৰমণ ব্যৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ডেভিদ মিলাৰে। আচলতে এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে, য’ত টীম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলি আছে আৰু আন দলৰ মেচসমূহ পাকিস্তানত অনুষ্ঠিত হৈছিল। আনহাতে প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচলৈকে ভাৰতে কোনটো দলৰ সৈতে ছেমি ফাইনেলত খেলিব সেয়াও স্পষ্ট হোৱা নাছিল। এনে পৰিস্থিতিত গ্ৰুপ বিৰ দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া দুয়োটা ছেমি ফাইনেলিষ্ট দলে পাকিস্তানৰ পৰা ডুবাইলৈ আহিবলগীয়া হৈছিল। কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকা আকৌ এবাৰ পাকিস্তানলৈ উভতি যাবলগীয়া হৈছিল, কাৰণ তেওঁলোকৰ ছেমি ফাইনেল লাহোৰত অনুষ্ঠিত হ’বলগীয়া আছিল। মিলাৰে এই অতিৰিক্ত যাত্ৰাক ভুল বুলি অভিহিত কৰে।

ডেভিদ মিলাৰে কয়, “বিমানখন মাত্ৰ এঘণ্টা ৪০ মিনিটৰ আছিল, কিন্তু আমি এই যাত্ৰা কৰিবলগীয়া হৈছিল, যিটো ঠিক নাছিল। ৰাতিপুৱাৰ বিমান আছিল, মেচৰ পিছত আমি যাত্ৰা কৰিবলগীয়া হৈছিল। তাৰ পিছত সন্ধিয়া ৪ বজাত ডুবাই পালোঁ আৰু ৰাতিপুৱা ৭:৩০ বজাত উভতি আহিব লগা হ’ল। এনে নহয় যে আমি ৫ ঘণ্টাৰ বিমান যাত্ৰা কৰি উভতি আহিব লগা হৈছিল,  জিৰণি লৈ সম্পূৰ্ণ সুস্থ হ’বলৈ যথেষ্ট সময় আছিল। কিন্তু এই পৰিস্থিতি একেবাৰে আদৰ্শগত নাছিল”।

ছেমি ফাইনেল মেচত দক্ষিণ আফ্ৰিকা পৰাস্ত হ’লেও ডেভিদ মিলাৰৰ বেটৰ পৰা দেখা গ’ল যুঁজাৰু ইনিংছ। ডেভিড মিলাৰে ৬৭টা বলত ১০০ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। য’ত ১০টা চাৰি আৰু ৪টা ছিক্স অন্তৰ্ভূক্ত আছিল। উল্লেখ্য যে,  এইটোও আছিল চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম শতক। কিন্তু তেওঁ নিজৰ দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে। ইফালে ৯ মাৰ্চত ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল।