DC vs GT Live Score, IPL 2025: বাটলাৰৰ বেটিং বিক্ৰমেৰে গৃহভূমিত সহজ জয় গুজৰাটৰঃ মেচৰ লগতে স্থানো হেৰুৱালে বাপু বাহিনীয়ে
Delhi Capitals vs Gujarat Titans Live Score in Assamese: ঘৰুৱা খেলপথাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি অহা দিল্লী কেপিটেলছক সহজেই ৭ উইকেটত পৰাস্ত কৰিছে গুজৰাট টাইটানছে। দলৰ জয়ত প্ৰধান ভূমিকা লৈ অপৰাজিত ৯৭ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলে বাটলাৰে।

আজি দিল্লী বনাম গুজৰাটৰ মেচ
আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব এই ছিজনৰ দুই উন্নত প্ৰদৰ্শনকাৰী দল দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ। গুজৰাটৰ ঘৰুৱা খেলপথাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। প্ৰতিযোগিতাত এইপৰ্যন্ত এবাৰো খিতাপ জয় কৰিব নোৱাৰিলেও চলিত ছিজনত অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লীয়ে দাঙি ধৰিছে চমকপ্ৰদ প্ৰদৰ্শন। এইপৰ্যন্ত ৬ খন মেচৰ ৫খনতে জয়েৰে দলটো পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। আনহাতে সমসংখ্যক মেচত চাৰিখনত জয়েৰে তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে গুজৰাটে। বেটিং-বলিং উভয় দিশতে দুয়োটা দলেই দেখুৱাইছে ধাৰাবাহিকতা। গতিকে আজিৰ মেচত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীয়ে।
LIVE NEWS & UPDATES
-
৭ উইকেটত জয়লাভ গুজৰাটৰ
জ’ছ বাটলাৰৰ অপৰাজিত ৯৭ ৰানৰ চমকপ্ৰদ বেটিঙৰ সহায়েৰে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে ঘৰুৱা দল গুজৰাট টাইটানছে। অন্তিম অভাৰত দলটোক ১০ ৰানৰ প্ৰয়োজন হৈছিল। ষ্টাৰ্কে কৰা অভাৰটোৰ প্ৰথম দুটা বলতে এটা ছয় আৰু এটা চাৰি কোবাই তেৱাটিয়াই জয়ী কৰায় দলক। এই জয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে গুজৰাট।
-
ৰাডাৰফৰ্ডৰ বিদায়
ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে দিল্লী-গুজৰাটৰ মেচ। ইনিংছৰ ১৯ সংখ্যক অভাৰৰ পঞ্চম বলত মুকেশ কুমাৰে বিদায় দিছে শ্বেৰফানে ৰাডাৰফৰ্ডক। তেওঁৰ বেটৰ পৰা আহে ৪৩ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান। দলটোক জয়ী হ’বৰ বাবে অন্তিম অভাৰত এতিয়া ১০ ৰানৰ প্ৰয়োজন।
-
-
জয়ৰ কাষ চাপিছে গুজৰাট
দিল্লী কেপিটেলছৰ বলিং আক্ৰমণে হেৰুৱাই পেলাইছে ছন্দ। জ’ছ বাটলাৰৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত মেচখনত প্ৰায় জয়ৰ কাষ চাপিছে গুজৰাট। ইফালে আই পি এলত নিজৰ আন এক শতক পূৰ কৰাৰ দিশে আগবাঢ়িছে বাটলাৰ।
-
বাটলাৰৰ সমুখত নিষ্প্ৰভ ষ্টাৰ্ক
জ’ছ বাটলাৰৰ আক্ৰমণাত্মক বেটিঙৰ সমুখত নিষ্প্ৰভ হৈ পৰিছে পেচ তাৰকা মিচেল ষ্টাৰ্ক। ইনিংছৰ ১৫ সংখ্যক অভাৰত বল কৰিবলৈ অহা ষ্টাৰ্কৰ ৫টা বলত একেলগে ৫টা চাৰি কোবাইছে বাটলাৰে।
-
অৰ্ধশতক সম্পূৰ্ণ বাটলাৰৰ
শীৰ্ষক্ৰমৰ দুই বেটাৰ গিল, সুদৰ্শনৰ বিদায়ৰ পিছত আহি পৰা অতিৰিক্ত দায়িত্বৰ পিছতো চাপহীনভাৱে খেলি গৈছে বাটলাৰে। দিল্লীৰ সমুখত বাধা ৰূপে থিয় দি বাটলাৰে মোহিত শৰ্মাৰ বলত এটা চাৰি কোবাই ৩২টা বলত অৰ্ধশতক পূৰ কৰে।
-
সুদৰ্শনক বিদায় দিলে কুলদীপে
নিজ স্পেলৰ প্ৰথম অভাৰতে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে কুলদীপ যাদৱে। ছিজনত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা ছাই সুদৰ্শনক বিদায় দি কুলদীপে নিজৰ প্ৰথম আৰু দলক দ্বিতীয় সাফল্য কঢ়িয়াই আনে।
-
পাৱাৰ প্লে’ত সবল স্ক’ৰ
ইনিংছৰ প্ৰথম ৬ অভাৰ অৰ্থাৎ বেটিং পাৱাৰ প্লে’ত শক্তিশালী স্থিতিত উপনীত হৈছে গুজৰাট। অধিনায়ক গিলে বিদায় ল’লেও সুদৰ্শন আৰু বাটলাৰে দলৰ ইনিংছ আগুৱাই নি ৬ অভাৰত ৬৭ ৰান সংগ্ৰহ কৰিছে।
-
অধিনায়ক গিলৰ বিদায়
বৃহৎ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতেই উজুটি খাইছে গুজৰাটে। ইনিংছৰ দ্বিতীয় অভাৰতে দলৰ বেটিং লাইন আপৰ প্ৰধান শক্তি শুভমন গিলে সুদৰ্শনৰ সৈতে ৰাণিং বিটুইন দ্য উইকেটত ভুল বুজাবুজিৰ বাবে ৰাণ আউট হ’বলগা হয়।
-
২০৪ ৰানৰ লক্ষ্য গুজৰাটক
অন্তিম বলত কুলদীপ যাদৱে এটা চাৰি কোবাই দলৰ স্ক’ৰ ২০০ৰ পাৰ কৰায়। এইদৰে গুজৰাট টাইটানছৰ সমুখত ২০৪ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছে দিল্লীয়ে। শেষৰফালে আশুতোষ শৰ্মাই ১৯টা বলত ৩৭ ৰান সংগ্ৰহ কৰি দলক এক শক্তিশালী স্থিতিলৈ নিয়ে।
-
ঈশান্তৰ হাতলৈ সফলতা
মিতব্যয়ী বলিঙেৰে দিল্লীক বান্ধি ৰখা অভিজ্ঞ পেচাৰ ঈশান্ত শৰ্মাই নিজ স্পেলৰ তৃতীয় অভাৰত দখল কৰিছে নিজৰ প্ৰথমটো উইকেট। ঈশান্তে বিদায় দিয়ে ্ড’ন’ভান পেৰেইৰাক।
-
বাপু-বিপৰাজৰ বিদায়
গুৰুত্বপূৰ্ণ সময়ত দিল্লীয়ে হেৰুৱাইছে দুটাকৈ উইকেট। ক্ৰীজত দীৰ্ঘসময় ধৰি টিকি থকা অধিনায়ক অক্ষৰ পেটেলে ৩৯ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পিছত বিপৰাজেও প্ৰথম বলতে বিদায় লয়। দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখি প্ৰসিধ কৃষ্ণই দুই বলত দুই উইকেট দখল কৰিছে।
-
চিৰাজৰ চিকাৰ ষ্টাবছ
দলৰ ৰানৰ গতি খৰতকীয়া কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী শ্বট খেলাৰ চেষ্টা কৰি বিদায় লৈছে ষ্টাবছে। এইদৰে মেচখনত নিজৰ প্ৰথমটো সফলতা লাভ কৰে মহম্মদ চিৰাজে।
-
১৩ অভাৰত সংগ্ৰহ ১৩১ ৰান
১৩ অভাৰৰ সমাপ্তিলৈ দিল্লীয়ে ৩টা উইকেটৰ বিনিময়ত ১৩১ ৰান সংগ্ৰহ কৰিছে। হাতত এতিয়াও ৭টা উইকেট বাকী থকা অৱস্থাত দলটোৱে অন্তিম ৭ অভাৰত আৰু কিমান ৰান যোগ দিব পাৰে সেয়া লক্ষণীয় হ’ব।
-
কৰুণকো বিদায় দিলে প্ৰসিধে
আন বলাৰে ৰান খৰচ কৰিলেও সফল হৈছে প্ৰসিধ। দিল্লীৰ শিবিৰত পেচাৰগৰাকীয়ে হানিছে আন এক আঘাত। এইবাৰ তেওঁৰ চিকাৰ হৈছে ফৰ্মত থকা কৰুণ নায়াৰ। অভাৰৰ প্ৰথম বলত নায়াৰে এটা চাৰি কোবাইছিল যদিও দ্বিতীয় বলত এটা বাউঞ্চাৰত থাৰ্ড মেনৰ হাতত কেচ তুলি দিয়ে।
-
ৰাহুলৰ বিদায়
আশানুৰূপ প্ৰদৰ্শনেৰে দলক শক্তিশালী স্থিতি প্ৰদান কৰিলেও অধিক সময় ক্ৰীজত টিকিব নোৱাৰিলে ৰাহুলে। অৱশ্যে গুজৰাটৰ বলিং আক্ৰমণৰ সমুখত বিস্ফোৰক শৈলী গ্ৰহণেৰে ৰাহুলে ১৪টা বলত চাৰিটা চাৰি আৰু এটা ছয়েৰে ২৮ ৰান সংগ্ৰহ কৰে।
-
৫০ ৰান পূৰ হ’ল দিল্লীৰ
আক্ৰমণাত্মক আৰম্ভণিৰে মাত্ৰ ৩.৫ অভাৰতে দিল্লীৰ স্ক’ৰব’ৰ্ডত ৫০ ৰানৰ সীমা পাৰ হৈছে। আৰ্শ্বাদ খানৰ বলত এটা চাৰি কোবাই ৰাহুলে দলৰ স্ক’ৰ ৫০ৰ ওপৰলৈ নিয়ে।
-
আক্ৰমণাত্মক আৰম্ভণিৰ পিছত বিদায় প’ৰেলৰ
প্ৰথম অভাৰতে এক আক্ৰমণাত্মক আৰম্ভণি দিয়াৰ পিছত দ্বিতীয় অভাৰত বিদায় লৈছে অভিষেক প’ৰেলে। আৰ্শ্বাদ খানৰ বলত চিৰাজৰ হাতত কেচ তুলি দি বিদায় লোৱা প’ৰেলে ৯টা বলত বলত ৩টা চাৰি আৰু এটা ছয়েৰে ১৮ ৰান সংগ্ৰহ কৰে।
-
প’ৰেলৰ সৈতে অপেনিঙত কৰুণ
মেকগুৰ্কৰ অনুপস্থিতিত অভিষেক প’ৰেলৰ সৈতে ইনিংছ মুকলি কৰাৰ দায়িত্ব লাভ কৰিছে কৰুণ নায়াৰে। ছিজনত নিজৰ প্ৰথমখন মেচতে দুৰন্ত বেটিঙেৰে উজলি উঠা ফৰ্মত থকা কৰুণৰ ওপৰত আজি সকলোৰে দৃষ্টি থাকিব।
-
গুজৰাট টাইটানছৰ মূল একাদশ
ঘৰুৱা দল গুজৰাট টাইটানছৰ মূল একাদশৰ বেটিং লাইন আপ আজিও শীৰ্ষৰ তিনি বেটাৰৰ ওপৰত অধিক নিৰ্ভৰশীল হ’ব। দলটোৰ মূল একাদশত থাকিব- ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৰছিদ খান, আৰ্শ্বাদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ, ইশান্ত শৰ্মা।
-
দিল্লী কেপিটেলছৰ মূল একাদশ
দিল্লী কেপিটেলছৰ মূল একাদশত দেখা গৈছে পৰিৱৰ্তন। জেক ফ্ৰেজাৰ-মেকগুৰ্কক আজি দেখা নাযাব অপেনিঙত। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- অভিষেক পোৰেল, কৰুণ নায়াৰ, কে এল ৰাহুল, ট্ৰিষ্টান ষ্টাবচ, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ।
-
গিলে ল’লে বলিঙৰ সিদ্ধান্ত
চিনাকি ঘৰুৱা পৰিৱেশত ৰণনীতি অনুসৰি টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলে। অৰ্থাৎ লক্ষ্য অনুসৰণ কৰি ঘৰুৱা মাটিত জয়ৰ চেষ্টা চলাব গিল বাহিনীয়ে।