DC vs KKR Live Score, IPL 2025: নাৰাইণ-বৰুণৰ ‘মিষ্ট্ৰী’ জালত আৱদ্ধ দিল্লীঃ আশা সজীৱ কৰি ৰাখিলে কলকাতাই
Delhi Capitals vs Kolkata Knight Riders Live Score in Assamese: দিল্লী কেপিটেলছক ১৪ ৰানত পৰাস্ত কৰি আই পি এল ২০২৫ত প্লে’ অফৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে কলকাতা নাইট নাইট ৰাইডাৰ্ছে। এক প্ৰতিদ্বন্দিতাপূৰ্ণ মেচত বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰাইণৰ স্পীন যুটি হৈ পৰে কলকাতাৰ জয়ৰ খনিকৰ।

আই পি এল ২০২৫ৰ আজি ৪৮ সংখ্যক মেচ। আজিৰ মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ। দিল্লীৰ ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। দুয়োটা দলৰ বাবে আজিৰ এই মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। দিল্লীয়ে এতিয়াও ১২ পইণ্ট লাভ কৰি আছে যদিও পইণ্ট তালিকাৰ চতুৰ্থ স্থানলৈ অৱনমিত হৈছে। দুৰন্ত প্ৰদৰ্শনেৰে ছিজনৰ আৰম্ভণি ঘটালেও দলটোৱে এতিয়া হেৰুৱাইছে ধাৰাবাহিকতা। ইয়াৰ বিপৰীতে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ এইবাৰৰ প্ৰদৰ্শন হতাশাজনক। দলটোৱে এতিয়ালৈকে ৯খন মেচত মাত্ৰ ৭ পইণ্টেৰে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে। গতিকে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ হ’লে কলকাতাৰ বাবে আজিৰ মেচখনত জয় অনিবাৰ্য। এনে পৰিস্থিতিত আজি এক ৰোমাঞ্চকৰ মেচ আশা কৰিছে অনুৰাগীয়ে।
LIVE NEWS & UPDATES
-
১৪ ৰানত জয় কলকাতাৰ
প্লে’ অফত প্ৰৱেশৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে কলকাতা নাইট ৰাইডাৰ্ছে। দিল্লী কেপিটেলছক ঘৰৰ মাটিতে ১৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি কলকাতাই আজি ছিজনত চতুৰ্থ জয়ৰ সোৱাদ লাভ কৰে। এটা সময়ত মেচখনত দিল্লীয়ে প্ৰায় নিজৰ স্থিতি মজবুত কৰি তুলিছিল যদিও নাৰাইণ-বৰুণৰ স্পীন যুটিয়ে ৫টা উইকেট দখল কৰি মুহূৰ্ততে মেচৰ স্থিতি নিজ দলৰ পক্ষলৈ ঘূৰাই আনে।
-
বিপৰাজৰ বিদায়
পৰাজয়ৰ শংকাৰ মাজতো কিছু যুঁজ দি ১৯টা বলত ৫টা চাৰি আৰু দুটা ছয়েৰে ৩৮ ৰান সংগ্ৰহ কৰি বিদায় লয় বিপৰাজ নিগমে।
-
বৰুণৰ চমক
এইবাৰ বৰুণ চক্ৰৱৰ্তীয়ে আঘাত হানিছে দিল্লীৰ শিবিৰত। প্ৰথমে ইম্পেক্ট চাব আশুতোষক বিদায় দিয়াৰ পিছতে বৰুণে পৰৱৰ্তী বলতে মিচেল ষ্টাৰ্ককো পেভিলিয়নৰ পথ দেখুৱায়।
-
প্লেচিছকো বিদায় দিলে নাৰাইণে
সুনীল নাৰাইণে দখল কৰিছে আন এটা উইকেট। এইবাৰ প্লেচিছকো পেভিলিয়নৰ পথ দেখুৱাইছে নাৰাইণে। দিল্লীৰ জয়ৰ আশা সজীৱ কৰি ৰখা প্লেচিছে ৪৫টা বলত ৬২ ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
ষ্টাবচৰ বিদায়
একেটা অভাৰতে দুটা উইকেট দখল কৰি মেচৰ স্থিতি ৰোমাঞ্চকৰ কৰি তুলিছে নাৰাইণে। অক্ষৰৰ পিছত ক্ৰীজলৈ অহা ষ্টাবচে ১ ৰান সংগ্ৰহ কৰিয়েই নাৰাইণৰ বলত আউট হয়।
-
অক্ষৰৰ বিদায়
হাতত আঘাত লাভৰ পিছতো বেণ্ডেজ লগায়েই ক্ৰীজত এক যুঁজাৰু ইনিংছ খেলিলে অক্ষৰ পেটেলে। দলৰ স্ক’ৰত থিৰতা আনি অক্ষৰে অধিনায়কোচিত বেটিঙেৰে ২৩টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে ৪৩ ৰান কৰি বিদায় লয়। তেওঁক বিদায় দিয়ে সুনীল নাৰাইণে।
-
প্লেচিছৰ অৰ্ধশতক
সহ-অধিনায়ক প্লেচিছে সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক। শীৰ্ষক্ৰমৰ বেটাৰৰ ব্যৰ্থতাৰ পিছতো যুঁজ দি প্লেচিছে ৬টা চাৰি আৰু দুটা ছয়েৰে অৰ্ধশতক পূৰ কৰে।
-
ৰাহুলো আউট
সংকটত পৰিছে দিল্লী। এইবাৰ ৰান আউট হৈ ক্ৰীজ এৰিবলগা হৈছে কে এল ৰাহুলে। সুনীল নাৰাইণে এক ডাইৰেক্ট থ্ৰ’ৰে ৰাহুলক পেভিলিয়নৰ পথ দেখুৱায়।
-
কৰুণৰ বিদায়
১৩টা বলত ১৫ ৰান সংগ্ৰহ কৰি বিদায় লৈছে কৰুণ নায়াৰে। বৈভৱ আৰোৰাৰ বলত ক্ৰীজ এৰিছে নায়াৰে। ইয়াৰ পিছতে ক্ৰীজলৈ আহিছে কে এল ৰাহুল।
-
প’ৰেলৰ বিদায়
ইনিংছৰ দ্বিতীয় বলতে আউট হৈছে অভিষেক প’ৰেল। প্ৰথমটো বলত এটা চাৰি কোবোৱাৰ পিছত দ্বিতীয় বলতো আক্ৰমণাত্মক শ্বট কোবাবলৈ গৈ ৰাছেলৰ হাতত কেচ তুলি দিয়ে প’ৰেলে আৰু এইদৰে অনুকুল ৰায়ে লাভ কৰে প্ৰথমটো সফলতা।
-
কলকাতাৰ সংগ্ৰহ ২০৪ ৰান
মিচেল ষ্টাৰ্কৰ অন্তিম অভাৰত তিনিটাকৈ উইকেট পতনৰ ফলত কলকাতাৰ ইনিংছত কিছু হ’লেও গতিৰোধ হয়। অৱশ্যে তাৰ পিছতো দলটোৱে ২০৪ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰায়।
-
ৰাছেলৰো বিদায়
একেলগে তিনি বলত তিনিটা উইকেট হেৰুৱাইছে কলকাতাই। অভাৰৰ পঞ্চম বলত ৰান আউট হৈছে আন্দ্ৰে ৰাছেল।
-
ষ্টাৰ্কৰ চমক
অন্তিম অভাৰত দুটাকৈ উইকেট দখল কৰিছে মিচেল ষ্টাৰ্কে। তৃতীয় বলত ৰ’ভমেন পাৱেলক বিদায় দিয়াৰ পিছত পৰৱৰ্তী বলত অনুকুল ৰয়ো আউট হয়। বাউণ্ডেৰীত চামিৰাই আয়ত্ব কৰে এক আকৰ্ষণীয় কেচ।
-
বিপৰাজে বিদায় দিলে ৰিংকুক
বিপৰাজ নিগমৰ হাতলৈ আহিছে দ্বিতীয়টো সফলতা। গুৰুত্বপূৰ্ণ সময়ত বিপৰাজৰ চিকাৰ হয় ৰিংকু সিং। ২৫টা বলত ৩৬ ৰান সংগ্ৰহ কৰা ৰিংকুৱে তুলি দিয়া এটা কেচ বাউণ্ডেৰীত আয়ত্ব কৰে ষ্টাৰ্কে।
-
ৰঘূবংশীৰ বিদায়
অৰ্ধশতকৰ পৰা বঞ্চিত হৈছে অংকৃষ ৰঘুবংশী। যুৱ খেলুৱৈগৰাকীয়ে ৩২টা বলত ৩টা চাৰি আৰু ২টা চাৰিৰে ৪৪ ৰান সংগ্ৰহ কৰি চামিৰাৰ বলত কৰুণ নায়াৰৰ হাতত কেচ দি বিদায় লয়।
-
আয়াৰ ব্যৰ্থ
পুনৰ এবাৰ ব্যৰ্থ হৈছে ভেংকটেশ আয়াৰ। মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰিছে আয়াৰে। অক্ষৰৰ বলত বাউণ্ডেৰী কোবোৱাৰ চেষ্টাত আয়াৰে কেচ তুলি দিয়ে কৰুণ নায়াৰৰ হাতত।
-
অক্ষৰে বিদায় দিলে ৰাহানেক
দিল্লীৰ অধিনায়ক অক্ষৰৰ হাতত নিজৰ উইকেট হেৰুৱাইছে কলকাতাৰ অধিনায়ক ৰাহানেই। ১৪টা বলত ৪টা চাৰি আৰু এটা ছয়েৰে ৰাহানেই ২৬ ৰান সংগ্ৰহ কৰে।
-
নাৰাইণৰ বিদায়
কলকাতাৰ ইনিংছত পতন ঘটিছে দ্বিতীয়টো উইকেটৰ। বিপৰাজ নিগমে নিজৰ প্ৰথমটো অভাৰতে সুনীল নাৰাইণক বিদায় দি গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। নাৰাইণৰ বেটৰ পৰা আহে ১৬টা বলত ২৭ ৰান।
-
গুৰবাজৰ বিদায়
দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰিছিল অপেনাৰদ্বয় গুৰবাজ আৰু নাৰাইণে। মাত্ৰ ২.৫ অভাৰতে ৪৮ ৰান সংগ্ৰহ কৰাৰ পিছতে অভাৰৰ অন্তিমটো বলত ষ্তাৰ্কে বিদায় দি্যে গুৰবাজক। মাত্ৰ ১২টা বলত ৫টা চাৰি আৰু এটা ছয়েৰে গুৰবাজে ২৬ ৰান সংগ্ৰহ কৰে।
-
ক্ৰীজত গুৰবাজ-নাৰাইণ
কলকাতাৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজত প্ৰৱেশ কৰিছে গুৰবাজ আৰু নাৰাইণ। আনহাতে মিচেল ষ্টাৰ্কে আৰম্ভ কৰিব দিল্লীৰ বলিং।
-
দিল্লী কেপিটেলছৰ মূল একাদশ আৰু ইম্পেক্ট চাব
আনহাতে দিল্লী কেপিটেলছৰ মূল একাদশত থাকিব ফাফ ডু প্লেচিছ, অভিষেক প’ৰেল, কৰুণ নায়াৰ, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবছ, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, দুষ্মন্ত চামিৰা, মুকেশ কুমাৰ। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে আশুতোষ শৰ্মা, জেক ফ্ৰেজাৰ মেকগুৰ্ক, ত্ৰিপুৰানা বিজয়, সমীৰ ৰিজভি, ডোনোভান ফেৰেৰা।
-
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ আৰু ইম্পেক্ট চাব
আজিৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰহমানুল্লাহ গুৰবাজ, সুনীল নাৰাইণ, অজিংক্যা ৰাহানে (অধিনায়ক), ভেংকটেশ আয়াৰ, ৰিংকু সিং, অংকৃশ ৰঘুবংশী, আন্দ্ৰে ৰাছেল, ৰভমান পাৱেল, হৰ্ষিত ৰাণা, অনুকুল ৰয়, বৰুণ চক্ৰৱৰ্তী। আনহাতে ইম্পেক্ট চাবৰ ৰূপত থাকিব মনীষ পাণ্ডে, লুভনিথ চিছ’দিয়া, মায়াংক মাৰ্কাণ্ডে, বৈভৱ অৰোৰা, ৰমনদীপ সিং।
-
প্ৰথমে বলিং কৰিব দিল্লীয়ে
ঘৰুৱা খেলপথাৰত প্ৰথমে বলিং কৰিব দিল্লী কেপিটেলছে। টছত জয়ী হৈ দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি কলকাতাক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।
Published On - Apr 29,2025 7:01 PM