DC vs LSG Playing XI IPL 2025: ‘পুৰণি পৰিয়াল’ৰ বিপক্ষে অভিষেক ঘটিব পণ্টৰ, সাজু বাপুওঃ কেনে হ’ব পাৰে মূল একাদশ!

Delhi Capitals vs Lucknow Super Giants Preview: আই পি এল ২০২৫ৰ আজি তৃতীয় দিন। আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগা মেচৰ জৰিয়তে ছিজনৰ আৰম্ভণি ঘটাব দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। বিশাখাপট্টনমক নিজৰ দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে মেচখনত ঘৰুৱা সমৰ্থন লাভ কৰিব দিল্লী কেপিটেলছে।

DC vs LSG Playing XI IPL 2025: ‘পুৰণি পৰিয়াল’ৰ বিপক্ষে অভিষেক ঘটিব পণ্টৰ, সাজু বাপুওঃ কেনে হ’ব পাৰে মূল একাদশ!

DC আৰু LSGৰ সম্ভাৱ্য একাদশ

Published: 

24 Mar 2025 18:42 PM

আই পি এল ২০২৫ৰ আজি তৃতীয় দিন। আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগা মেচৰ জৰিয়তে ছিজনৰ আৰম্ভণি ঘটাব দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। বিশাখাপট্টনমক নিজৰ দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে মেচখনত ঘৰুৱা সমৰ্থন লাভ কৰিব দিল্লী কেপিটেলছে। পিছে দুয়ো দলৰ সমৰ্থকসকল আজি মেচৰ সময়ত সন্মুখীন হ’ব লাগিব কিছু দুবিধাৰ। এফালে প্ৰিয় ফ্ৰেন্সাইজিৰ সমৰ্থন আৰু আনফালে প্ৰিয় তাৰকাৰ সমৰ্থনক কেন্দ্ৰ কৰি দুবিধাত পৰিব লাগিব অনুৰাগী। কিয়নো পৰস্পৰ দলত আজি দেখা যাব দুয়ো দলৰ প্ৰাক্তনক।

ছলিত ছিজনৰ বাবে খেলুৱৈৰ মেগা নিলামৰ পূৰ্বে ফ্ৰেন্সাইজিসমূহে দলত ৰিটেইন কৰিছিল কেইগৰাকীমান সদস্যক আৰু অধিকাংশ সদস্যকে মুকলি কৰি দিছিল। আজি মেচত অৱতীৰ্ণ হ’বলগীয়া দিল্লী আৰু লক্ষ্ণৌ- দুয়োটা দলেই মুকলি কৰি দিছিল অধিনায়কদ্বয় ক্ৰমে ঋষভ পণ্ট আৰু কে এল ৰাহুলক। ইয়াৰ পিছত নিলামত পণ্টক লক্ষ্ণৌৱে আৰু ৰাহুলক দিল্লীয়ে ক্ৰয় কৰিছিল।

এতিয়া পণ্টে লক্ষ্ণৌৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰাৰ বিপৰীতে ৰাহুলে দিল্লীৰ বেটিং বিভাগত গুৰুত্বপূৰ্ণ দায়িত্ব ল’ব লাগিব। আনহাতে প্ৰথমবাৰৰ বাবে অধিনায়কৰ গুৰু দায়িত্ব বহন কৰিবলৈ সাজু হৈছে অক্ষৰ পেটেল। দীৰ্ঘদিন ধৰি দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰি অহা অক্ষৰক এইবাৰ দলটোৱে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে। সহ-অধিনায়কৰ ৰূপত তেওঁক সহায় কৰিব অভিজ্ঞ ফাফ ডু প্লেছিছে।

দুয়োটা দলতে এইবাৰ দেখিবলৈ পোৱা গৈছে যুৱ তথা অভিজ্ঞ খেলুৱৈৰ সমাহাৰ। প্ৰথমটো খিতাপৰ সন্ধানত থকা দুয়োটা দলেই স্বাভাৱিকতেই প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভণি কৰিব বিচাৰিব। পিছে এই দিশত আঘাতৰ কিছু সমস্যাই চিন্তিত কৰিছে লক্ষ্ণৌক। দলটোৰ তিনিগৰাকী মূল পেচাৰ আঘাতৰ বাবে আাজি উপলব্ধ নহ’ব। তেনে পৰিস্থিতিত লক্ষ্ণৌৱে দলত অন্তৰ্ভুক্ত কৰিছে শ্বাৰ্দুল ঠাকুৰক।

চাওঁ আহক আজিৰ মেচত দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশ-

দিল্লী কেপিটেলছৰ সম্ভাৱ্য একাদশঃ জেক ফ্ৰেজাৰ-মেকগুৰুক, ফাফ ডু প্লেছিছ, অভিষেক পোৰেল, কে এল ৰাহুল, ট্ৰিষ্টান ষ্টাবছ, অক্ষৰ পেটেল, আশুতোষ শৰ্মা, কুলদীপ যাদৱ, মিচেল ষ্টাৰক, টি নাটৰাজন, মুকেশ কুমাৰ। ইম্পেক্ট প্লেয়াৰৰ ৰূপত দেখা যাব পাৰে সমীৰ ৰিজভি বা মোহিত শৰ্মাক।

লক্ষ্ণৌ ছুপাৰজায়েণ্টছৰ সম্ভাৱ্য একাদশঃ যুৱৰাজ চৌধাৰী, মিচেল মাৰ্চ, ঋষভ পণ্ট, নিকোলাছ পুৰাণ, আয়ুস বাদনি, ডেভিদ মিলাৰ, আব্দুল ছামাদ, শ্বাহবাজ আহমেদ, ৰাজবৰ্ধন হাংগাৰকেকাৰ, ৰবি বিষ্ণৈ, শ্বেমাৰ জোচেফ। ইম্পেক্ট প্লেয়াৰৰ ৰূপত দেখা যাব পাৰে প্ৰিন্স যাদৱ বা শ্বাৰ্দুল ঠাকুৰক।

Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?