DC vs RCB Live Score, IPL 2025: ঘৰৰ মাটিত দিল্লীৰ মুখৰ পৰা জয় কাঢ়িলে কোহলী-ক্ৰুণালেঃ পইণ্ট তালিকাৰ শীৰ্ষলৈ আৰচিবি
Delhi Capitals vs Royal Challengers Bengaluru Live Score in Assamese: চিন্নাস্বামীত হোৱা পৰাজয়ৰ পোতক তুলি দিল্লী কেপিটেলছক ঘৰৰ মাটিতে ৬ উইকেটত পৰাস্ত কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। এই জয়েৰে দলটোৱে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে।

আই পি এল ২০২৫ৰ ‘ৰিভেঞ্জ উইক’ৰ আজি দিনটোৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ছিজনত ইতিমধ্যে দুয়োটা দলৰ মাজত হোৱা প্ৰথমখন মেচত দিল্লীয়ে চিনাস্বামীত ঘৰুৱা দল আৰচিবিক ৬ উইকেটত সহজে পৰাস্ত কৰিছিল। গতিকে আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ’বলগীয়া মেচত আৰচিবিৰ সমুখত থাকিব উক্ত পৰাজয়ৰ পোতকৰ সুযোগ। লক্ষণীয়ভাৱে এইপৰ্যন্ত দিল্লীয়ে ৮খন মেচত ১২ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত থকাৰ পৰিৱৰ্তে আৰচিবিয়ে ৯খন মেচত সমসংখ্যক পইণ্টেৰে তৃতীয় স্থানত আছে। আজিৰ মেচখনত জয়েৰে দুয়োটা দলৰ হাতত পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ সুযোগ থাকিব।
LIVE NEWS & UPDATES
-
৬ উইকেটত জয়ী আৰচিবি
প্ৰাৰম্ভিক বিপৰ্যয় নেওচি কোহলী আৰু ক্ৰুণাল পাণ্ডিয়াৰ চমকপ্ৰদ বেটিঙৰ সহায়েৰে দিল্লীক ৬ উইকেটত পৰাস্ত কৰিছে আৰচিবিয়ে। কোহলীয়ে ৫১ ৰান সংগ্ৰহ কৰি বিদায় ল’লেও ৪৭টা বলত ৭৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে ক্ৰুণাল। আনহাতে মাত্ৰ ৫টা বলতে ১৯ ৰান সংগ্ৰহ কৰি দলৰ জয় ক্ষীপ্ৰ কৰি তোলে। এইদৰে ক্ৰমাগত তৃতীয় জয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
-
কোহলীৰ বিদায়
এতিয়াও জয় সহজ হোৱা নাই আৰচিবিৰ। গুৰুত্বপূৰ্ণ সময়ত কোহলীক বিদায় দি চামিৰাই তেনে এক ইংগিতেই প্ৰেৰণ কৰিছে। আৰচিবিৰ ইনিংছৰ ভেটি গঢ়ি কোহলীয়ে ৪৭টা বলত ৫১ ৰান সংগ্ৰহ কৰে।
-
কোহলীৰো অৰ্ধশতক
আই পি এল ২০২৫ত ক্ৰমাগত তৃতীয়টো অৰ্ধশতক পূৰ কৰিছে বিৰাট কোহলীয়ে। প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা দলক উদ্ধাৰ কৰি ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আগুৱাই নিয়া কোহলীয়ে ৪৩টা বলত নিজৰ অৰ্ধশতক পূৰ কৰে।
-
ক্ৰুণালৰ অৰ্ধশতক
সুদীৰ্ঘ সময়ৰ মূৰকত আই পি এলত অৰ্ধশতক অৰ্জন কৰিছে ক্ৰুণাল পাণ্ডিয়াই। অক্ষৰ পেটেলৰ বলত এটা চাৰি কোবাই পাণ্ডিয়াই ৩৮টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। নিজ আই পি এল কেৰিয়াৰত এয়া তেওঁৰ দ্বিতীয় অৰ্ধশতক।
-
আৰচিবিৰ শতক
এফালে কোহলীয়ে ধৈৰ্যসহকাৰে ইনিংছ আগবঢ়াই নিয়াৰ পৰিৱৰ্তে ক্ৰুণালে আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰিছে। ক্ৰুণালে কুলদীপে কৰা ইনিংছৰ ১৪ সংখ্যক অভাৰৰ তৃতীয় বলত এটা ছয় কোবাই দলৰ স্ক’ৰ ১০০ৰ পাৰ কৰায়।
-
কোহলী-ক্ৰুণালৰ যুঁজ
মাত্ৰ ২৬ ৰানতে তিনিটা উইকেট হেৰুৱাই সংকটত পৰা আৰচিবিৰ ইনিংছক গতি প্ৰদান কৰিছে কোহলী আৰু ক্ৰুণাল পাণ্ডিয়াই। দুয়ো চতুৰ্থ উইকেটত এইপৰ্যন্ত যোগ দিছে ৫০ ৰান।
-
৫০ ৰান সম্পূৰ্ণ
৮ অভাৰৰ সমাপ্তিত আৰচিবিৰ ইনিংছত সম্পূৰ্ণ হৈছে ৫০ ৰান। কুলদীপৰ অভাৰৰ অন্তিমটো বলত ক্ৰুণাল পাণ্ডিয়াই দুই ৰান সংগ্ৰহ কৰাৰ লগে লগে দলটোৰ অৰ্ধশতক পূৰ হয়।
-
ৰান আউট পাটিদাৰ
এক ল’ স্ক’ৰিং মেচত জয়ৰ বাবে পূৰ্ণ চেষ্টা চলাই শক্তিশালী যুঁজ দিছে দিল্লীয়ে। লক্ষ্য অনুসৰণ কৰি মাত্ৰ ২৬ ৰানতে আৰচিবিয়ে হেৰুৱাইছে তৃতীয়টো উইকেট। এইবাৰ বিদায় লৈছে অধিনায়ক ৰজত পাটিদাৰে। কৰুণ নায়াৰৰ এক ডাইৰেক্ট থ্ৰ’ত ৰান আউট হয় পাটিদাৰ।
-
অক্ষৰৰ ডাবল উইকেট অভাৰ
তুলনামূলকভাৱে এক কম স্ক’ৰ ৰক্ষাৰ ক্ষেত্ৰত দলক সমুখৰ পৰা নেতৃত্ব দিছে অধিনায়ক অক্ষৰ পেটেলে। নিজৰ দ্বিতীয় অভাৰত অক্ষৰে প্ৰথমে অপেনাৰ জেকব বেথেলক বিদায় দিয়াৰ পিছতে দুটা বলৰ ব্যৱধানত দেৱদত্ত পাড়িক্কালকো বিদায় দিয়ে।
-
দিল্লীৰ সংগ্ৰহ ১৬২ ৰান
ইনিংছৰ অন্তিম ফালে ট্ৰিষ্টান ষ্টাবচে খৰতকীয়াকৈ সংগ্ৰহ কৰা ৩৪ ৰানৰ সহায়ত ১৬২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে দিল্লী কেপিটেলছ। এইদৰে চিন্নাস্বামীত হোৱা পৰাজয়ৰ পোতক তোলাৰ বাবে ১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিব লাগিব আৰচিবিয়ে।
-
ষ্টাবচক বিদায় দিলে ভুৱনেশ্বৰে
অন্তিম অভাৰত আন এটা সফলতা লাভ কৰিছে ভুৱনেশ্বৰ কুমাৰে। অভাৰৰ পঞ্চমটো বলত তেওঁ বিদায় দিয়ে ষ্টাবচক। দিল্লীৰ ইনিংছত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই ষ্টাবচে ১৮টা বলত ৩৪ ৰান সংগ্ৰহ কৰে।
-
বিপৰাজৰ বিদায়
দলৰ স্বাৰ্থত নিজৰ উইকেট তুলি দিছে বিপৰাজ নিগমে। ট্ৰিষ্টান ষ্টাবচক বেটিং ক্ৰীজলৈ আহিবলৈ দিয়াৰ চেষ্টা দুই ৰান সংগ্ৰহ কৰিবলৈ গৈ বিপৰাজ ৰান আউট হয়।
-
ভুবিৰ ডাবল উইকেট অভাৰ
একেটা অভাৰতে দ্বিতীয়টো উইকেট দখল কৰিছে ভুৱনেশ্বৰ কুমাৰ। ৰাহুলৰ পিছতে ভুৱনেশ্বৰে ক্ৰীজলৈ অহা আশুতোষকো বিদায় দিয়ে।
-
ভুৱনেশ্বৰে বিদায় দিলে ৰাহুলক
গুৰুত্বপূৰ্ণ সময়ত কে এল ৰাহুলক বিদায় দিছে ভুৱনেশ্বৰ কুমাৰে। ৰাহুলে ৪১ ৰান সংগ্ৰহ কৰে যদিও ইয়াৰ বাবে খেলে ৩৯টা বল। ৰাহুলৰ বিদায়ৰ পিছত ক্ৰীজলৈ আহে আশুতোষ শৰ্মা।
-
অক্ষৰৰ বিদায়
অধিনায়ক অক্ষৰ পেটেলক বিদায় দিছে জ’ছ হেজেলউডে। অক্ষৰে ১৩টা বলত ১৫ ৰান সংগ্ৰহ কৰে। মেচখনত এয়া হেজেলউডৰ দ্বিতীয়টো উইকেট।
-
১০০ ৰান সম্পূৰ্ণ
অৱশেষত মন্থৰ গতিৰে আগবাঢ়ি শতকৰ পাৰ কৰিছে দিল্লীৰ ইনিংছে। ইনিংছৰ ১৪ নং অভাৰৰ প্ৰথমটো বলত ৰাহুলে এট্কা চাৰি কোবাই দলৰ ইনিংছ শতকৰ পাৰ কৰায়।
-
প্লেচিছৰ বিদায়
এক মন্থৰ ইনিংছ খেলি বিদায় লৈছে ডু প্লেচিছে। ২৬টা বল খেলি মাত্ৰ ২২ ৰান সংগ্ৰহ কৰা প্লেচিছক বিদায় দিয়ে ক্ৰুণাল পাণ্ডিয়াই। ইয়াৰ লগে লগে দিল্লীৰ ইনিংছত পতন ঘটে তৃতীয়টো উইকেটৰ।
-
ব্যৰ্থ কৰুণ
দিল্লীয়ে হেৰুৱাইছে দ্বিতীয়টো উইকেট। ব্যৰ্থ হৈ ক্ৰীজ এৰিছে কৰুণ নায়াৰে। য়শ দয়ালৰ বলত পাটিদাৰৰ হাতত কেচ তুলি বিদায় লোৱা নায়াৰৰ বেটৰ পৰা আহে মাত্ৰ ৪ৰান।
-
হেজেলউডে বিদায় দিলে প’ৰেলক
আক্ৰমণাত্মক শৈলীৰে বেটিং কৰিলেও এই সফল আৰম্ভণিক দীঘলীয়া কৰিব নোৱাৰিলে প’ৰেলে। হেজেলউডৰ বলত উইকেটকীপাৰ জিতেশৰ হাতত কেচ দি বিদায় লোৱা প’ৰেলে ১১টা বলত ২৮ ৰান সংগ্ৰহ কৰে।
-
প’ৰেলৰ আক্ৰমণাত্মক আৰম্ভণি
ইনিংছৰ প্ৰথমটো বলতে এটা চাৰি কোবোৱাৰ পিছত এই আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখিছে অভিষেক প’ৰেলে। এইপৰ্যন্ত ৯টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে প’ৰেলে ২৮ ৰান সংগ্ৰহ কৰিছে।
-
ক্ৰীজত প’ৰেল-প্লেচিছ
আঘাতৰ পিছত আজি দললৈ ঘূৰিছে দিল্লীৰ সহ-অধিনায়ক ফাফ ডু প্লেচিছ। অভিষেক প’ৰেলৰ সৈতে আজি প্লেচিছে মুকলি কৰিব দিল্লীৰ ইনিংছ। আনহাতে আৰচিবিৰ হৈ বলিং আৰম্ভ কৰিছে ভুৱনেশ্বৰ কুমাৰে।
-
দিল্লী কেপিটেলছৰ মূল একাদশ
দিল্লী কেপিটেলছৰ মূল একাদশলৈ আজি প্ৰত্যাৱৰ্তন ঘটিছে ফাফ ডু প্লেচিছৰ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ফাফ ডু প্লেচিছ, অভিষেক প’ৰেল, কৰুণ নায়াৰ, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, দুষ্মন্ত চামিৰা, কুলদীপ যাদৱ, মুকেশ কুমাৰ।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশত আজি দেখা যাব বিৰাট কোহলী, জেকব বেথেল, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুণাল পাণ্ডিয়া, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, সুয়শ শৰ্মা, জছ হেজলউড, যশ দয়ালক।
-
বলিঙৰ সিদ্ধান্ত ল’লে পাটিদাৰে
ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয় অক্ষৰ পেটেল আৰু ৰজত পাটিদাৰৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ বাংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - Apr 27,2025 7:02 PM