শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক্ৰিকেটাৰৰ পৰা প্ৰশাসকলৈ…! বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্ব লাভ কৰিলে দেৱজিৎ শইকীয়াই

ৰাজ্যৰ ক্ৰিকেট অনুৰাগীৰ বাবে এক গৌৰৱৰ খবৰ। ৰাজ্যৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট প্ৰশাসক দেৱজিৎ শইকীয়াই আজি ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য তথা শক্তিশালী ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ সচিব হিচাপে দায়িত্ব লাভ কৰিছে। আজি বিশেষ সাধাৰণ সভাৰ অন্তত বিচিচিআইয়ে আনুষ্ঠানিকভাৱে তেওঁৰ নাম সচিব হিচাপে ঘোষণা কৰে।

ক্ৰিকেটাৰৰ পৰা প্ৰশাসকলৈ…! বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্ব লাভ কৰিলে দেৱজিৎ শইকীয়াই
বিচিচিআইৰ নতুন সচিব দেৱজিৎ শইকীয়া
monjit-dutta
Monjit Dutta | Published: 12 Jan 2025 16:18 PM

ৰাজ্যৰ ক্ৰিকেট অনুৰাগীৰ বাবে এক গৌৰৱৰ খবৰ। ৰাজ্যৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট প্ৰশাসক দেৱজিৎ শইকীয়াই আজি ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য তথা শক্তিশালী ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ সচিব হিচাপে দায়িত্ব লাভ কৰিছে। আজি বিশেষ সাধাৰণ সভাৰ অন্তত বিচিচিআইয়ে আনুষ্ঠানিকভাৱে তেওঁৰ নাম সচিব হিচাপে ঘোষণা কৰে। ব’ৰ্ডৰ সংবিধান অনুসৰি এই খালী পদ পূৰণৰ বাবে ৪৫ দিনৰ নিৰ্ধাৰিত সময় আছিল আৰু এই সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মনোনয়ন আহ্বান কৰা হৈছিল।

সেই অনুসাৰে দেৱজিৎ শইকীয়াই সচিব পদৰ বাবে মনোনয়ন দাখিল কৰিছিল। কিন্তু এই পদৰ বাবে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত দেৱজিৎ শইকীয়া আনুষ্ঠানিকভাৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব পদত নিৰ্বাচিত হৈছে। এতিয়া অসম সন্তানগৰাকী বিচিচিআইৰ এই শক্তিশালী পদত জয় শ্বাহৰ স্থলাভিষিক্ত হ’ব। উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত জয় শ্বাহ আইচিচিৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছিল।

ইয়াৰ পিছতে দেৱজিৎ শইকীয়াক অন্তৱৰ্তীকালীন সচিব হিচাপে নিযুক্তি দিয়া হয়। সেয়েহে তেওঁ এই পদত স্থায়ী নিযুক্তি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছিল। তেওঁৰ লগতে প্ৰভতেজ ভাটিয়াক ব’ৰ্ডৰ নতুন কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু ধনাঢ্য ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত বিচিচিআইৰ এই শক্তিশালী পদবীত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়া পূৰ্বে এগৰাকী ক্ৰিকেটাৰো আছিল।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াই ১৯৯০-৯১ ছিজনত অসমৰ হৈ ৰঞ্জী ট্ৰফীত ৪খন মেচ খেলিছিল। উইকেটকীপাৰ বেটাৰ হিচাপে তেওঁ মিডল অৰ্ডাৰত বেটিং কৰিছিল। ১৯৮৪ চনত জুনিয়ৰ পৰ্যায়ত বিচিচিআইৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা চি কে নায়ুডু ট্ৰফীৰ জৰিয়তে প্ৰথমবাৰ ক্ৰিকেটাৰ হিচাপে সকলোৰে চকুলৈ আহিছিল দেৱজিৎ শইকীয়া। ইয়াৰ পিছতে বিজয় মাৰ্চেণ্ট ট্ৰফীত অসম ১৫ বছৰ অনুৰ্ধ দলৰ হৈ অভিষেক মেচত অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰে।

তাৰ পাছত ১৯৮৭ চনত অনূৰ্ধ্ব-১৭ বিজয় হাজাৰে ট্ৰফীত উৰিষ্যাৰ বিৰুদ্ধে দৰ্শনীয় শতক অৰ্জনেৰে তেওঁ ছিনিয়ৰ ইষ্ট জ’ন দলত স্থান লাভ কৰে আৰু সৌৰভ গাংগুলীৰ দৰে তাৰকা খেলুৱৈৰ সৈতে খেলাৰ সুযোগ লাভ কৰে। আনহাতে ১৯৮৯ চনত তেওঁ ৰঞ্জী ট্ৰফীত অভিষেক ঘটায়। অৱশ্যে শিক্ষা সম্পূৰ্ণ কৰাৰ মানসেৰে তেওঁ মাত্ৰ ২১ বছৰ বয়সতে পেছাদাৰী ক্ৰিকেট ত্যাগ কৰে।

ইয়াৰ পিছতে তেওঁ আইনৰ শিক্ষা সমাপ্ত কৰি ১৯৯৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০২১ চনত শইকীয়াই অসমৰ মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰি এই পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া অধিবক্তা হিচাপে পৰিগণিত হয়। ইফালএ ২০১৪ চনত অসম ক্ৰিকেট সন্থা (এচিএ)ত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে আদালতত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছিল দেৱজিৎ শইকীয়াই।

এনে ভূমিকাৰ পিছত ২০১৬ চনত তেওঁ এচিএৰ উপ-সভাপতি নিৰ্বাচিত হয়। তাৰ পিছত ২০১৯ চনত দেৱজিৎ শইকীয়াই প্ৰথমবাৰৰ বাবে এচিএৰ সম্পাদক পদত নিযুক্ত হয় আৰু ইয়াৰ পৰাই ২০২২ চনত বিচিচিআইৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। তেওঁ লগতে ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ ব’ৰ্ড ডাইৰেক্টৰৰ দায়িত্বতো আছে।

Latest News