ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সচিবৰ দায়িত্ব লোৱাৰ দিশে অসম সন্তান দেৱজিৎ শইকীয়া…

বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিচিচিআইৰ সচিবৰ পদত নিৰ্বাচিত হোৱাৰ দিশে আগবাঢ়িছে অসম সন্তান দেৱজিৎ শইকীয়া । শনিবাৰে দেৱজিৎ শইকীয়াই বি চি চি আইৰ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰে ।

ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সচিবৰ দায়িত্ব লোৱাৰ দিশে অসম সন্তান দেৱজিৎ শইকীয়া...

বি চি চি আইৰ সম্পাদক হিচাপে দায়িত্ব ল’বলৈ সাজু হৈছে দেৱজিৎ শইকীয়া

Updated On: 

05 Jan 2025 13:22 PM

অসমীয়াৰ বাবে এটা ভাল খবৰ । প্ৰথম গৰাকী অসমীয়া হিচাপে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ পূৰ্ণকালীন সচিবৰ দায়িত্ব লাভ কৰাৰ দিশে আগবাঢ়িছে দেৱজিৎ শইকীয়া । বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিচিচিআইৰ সচিবৰ পদত নিৰ্বাচিত হোৱাৰ দিশে আগবাঢ়িছে অসম সন্তান দেৱজিৎ শইকীয়া । শনিবাৰে দেৱজিৎ শইকীয়াই বি চি চি আইৰ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰাৰ বিপৰীতে প্ৰভতেজ ভাটিয়াই কোষাধ্যক্ষ পদৰ বাবে আবেদন জনাইছিল । দুয়োজন বিষয়াই এই দুয়োটা ভূমিকাৰ বাবে একমাত্ৰ আবেদনকাৰী।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আশীষ শ্বেলাৰে বি চি চি আইৰ কোষাধ্যক্ষ পদ ত্যাগ কৰাৰ পাছতে এই পদ খালী হৈ পৰে । ইয়াৰ পাছতে এই পদৰ বাবে ছত্তীশগড় ৰাজ্যিক ক্ৰিকেট সংঘৰ ভাটিয়াই আবেদন জনাইছে। আনহাতে, ১ ডিচেম্বৰত জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ অন্তৱৰ্তীকালীন সম্পাদক হিচাপে কাম কৰি আহিছে দেৱজিৎ শইকীয়াই।

জয় শ্বাহে এই ভূমিকা এৰি যোৱাৰ পিছতে বিচিচিআইৰ সভাপতি ৰজাৰ বনীয়ে অন্তৱৰ্তীকালীন সম্পাদক হিচাপে মনোনীত কৰে শইকীয়াক। ব’ৰ্ডৰ ৱেবছাইটত নিৰ্বাচনৰ সময়সূচী অনুসৰি শনিবাৰে বিয়লি ৪:০০ বজালৈকে মনোনয়ন দাখিলৰ সময়সীমা আছিল । সূত্ৰৰ খবৰ অনুসৰি কেৱল দেৱজিৎ শইকীয়া আৰু ভাটিয়াইহে এই দুয়োটা পদৰ মনোনয়ন দাখিল কৰিছে।

উল্লেখ্য যে, মনোনয়ন দাখিলৰ অন্তিম দিনটোৰ বিচিআইৰ সচিব পদৰ বাবে দেৱজিৎ শইকীয়াৰ বাহিৰে কোনোৱে দাখিল কৰা নাই মনোনয়ন । শনিবাৰে আছিল মনোনয় দাখিলৰ অন্তিম দিন । গতিকে বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিচিআইৰ সচিব পদত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়া হৈছে প্ৰথম গৰাকী অসমীয়া সন্তান ।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে