ছিৰি এ লীগত চাঞ্চল্যকৰ ঘটনাঃ মেচৰ সময়তে খেলপথাৰত ঢলি পৰিল খেলুৱৈ, কেনে আছে ব’ভে!

বিশ্বৰ অন্যতম আগশাৰীৰ ফুটবল লীগ ছিৰি এত যোৱা নিশা মুখামুখি হৈছিল ইণ্টাৰ মিলান আৰু ফিঅ’ৰেন্টিনা। মেচৰ মাত্ৰ ১৭ মিনিটত ফিঅ’ৰেন্টিনা মিডফিল্ডাৰ এড’ৱাৰ্ডো ব’ভে হঠাতে খেপথাৰত বাগৰি পৰে। লগে লগে হুৱা দুৱা লাগে ষ্টেডিয়ামত। আতংকগ্ৰস্ত হৈ পৰা সকলো।

ছিৰি এ লীগত চাঞ্চল্যকৰ ঘটনাঃ মেচৰ সময়তে খেলপথাৰত ঢলি পৰিল খেলুৱৈ, কেনে আছে ব’ভে!

খেলপথাৰত ঢলি পৰিল খেলুৱৈ

Updated On: 

02 Dec 2024 12:19 PM

২০২১ চনত ফুটবল বিশ্বই প্ৰত্যক্ষ কৰিছিল এক অনাকাংক্ষিত, ভীতিজনক দৃশ্য। সেই সময়ত চলি থকা উৱেফা ইউৰো কাপত ফিনলেণ্ডৰ বিপক্ষে গ্ৰুপ মেচত খেলপথাৰতে হঠাতে বাগৰি পৰিছিল ডেনমাৰ্কৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ান এৰিকছেন। এই ঘটনাই আতংকিত কৰি তুলিছিল সকলোকে। অৱশ্যে এই ভয়াৱহ ঘটনাক অতীত কৰি কিছুদিন পিছত পুনৰ খেলপথাৰলৈ উভতিছিল তাৰকা মিডফিল্ডাৰগৰাকী। এই ভয়াৱহ দৃশ্য এতিয়াও পাহৰিব পৰা নাই কোনো ক্ৰীড়াপ্ৰেমীয়েই। এৰিকছেনৰ ঘটনাই ফুটবলপ্ৰেমীৰ মনত দোলা দি থকাৰ সময়তে যোৱা নিশা পুনৰ অনুৰূপ ঘটনাৰ সাক্ষী হ’ল ফুটবল বিশ্ব।

বিশ্বৰ অন্যতম আগশাৰীৰ ফুটবল লীগ ছিৰি এত যোৱা নিশা মুখামুখি হৈছিল ইণ্টাৰ মিলান আৰু ফিঅ’ৰেন্টিনা। মেচৰ মাত্ৰ ১৭ মিনিটত ফিঅ’ৰেন্টিনা মিডফিল্ডাৰ এড’ৱাৰ্ডো ব’ভে হঠাতে খেপথাৰত বাগৰি পৰে। প্ৰথমতে যুৱ তাৰকাগৰাকী স্বাভাৱিকভাৱেই পিছলৈ পৰি যোৱা বুলি ভবা হৈছিল যদিও মুহূৰ্ততে এই ভুল ভাগে। লগে লগে হুৱা দুৱা লাগে ষ্টেডিয়ামত। আতংকগ্ৰস্ত হৈ পৰা সকলো।

খেলপথাৰত থকা দুয়ো দলৰ খেলুৱৈসকল তাৎক্ষণিকভাৱে ২২ বছৰীয়া মিডফিল্ডাৰগৰাকীৰ কাষ চাপি যায়। দুয়োটা দলৰ খেলুৱৈসকলে লগে লগে মাটিত পৰি থকা ব’ভেক চাৰিওফালৰ পৰা আৱৰি ধৰে আৰু মেডিকেল টীমক খেলপথাৰলৈ মাতি নিয়ে। খেলুৱৈসকলৰ বেষ্টনীৰ মাজতে মেডিকেল টীমে ব’ভেক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও অচেতন ব’ভেৰ চেতনা ঘূৰি অহা নাছিল।

লগে লগে তেওঁক ষ্ট্ৰেচাৰেৰে খেলপথাৰৰ পৰা বাহিৰলৈ নিয়া হয় আৰু এম্বুলেন্সৰ জৰিয়তে চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ইফালে এনে আতংকময় পৰিস্থিতিৰ পিছত মেচখন অনিৰ্দিষ্টকাললৈ বাতিল কৰা হয়। অৱশ্যে শেহতীয়াকৈ ফিঅ’ৰেন্টিনাই সামাজিক মাধ্যম যোগে উৎকণ্ঠিত ফুটবলপ্ৰেমীৰ চিন্তা হ্ৰাস কৰি এক সকাহৰ খবৰ প্ৰকাশ কৰিছে। ক্লাৱটোৱে উল্লেখ কৰা মতে চিকিৎসালয়ত সম্প্ৰতি চেতনা ঘূৰাই পাইছে ব’ভেই।

প্ৰাৰম্ভিক পৰীক্ষাত ব’ভেৰ কেন্দ্ৰীয় স্নায়ু বা হৃদযন্ত্ৰ-শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ বিশেষ চিন্তনীয় ক্ষতিৰ সম্ভাৱনা নুই কৰা বুলি ক্লাৱটোৱে জানিবলৈ দিছে। যুৱ খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ অৱস্থা জটিল হৈ আছে যদিও সম্প্ৰতি তেওঁ সংকটমুক্ত বুলি উল্লেখ কৰে ক্লাৱটোৱে। উল্লেখ্য যে ২০০২ চনৰ ১৬ মে’ত জন্মগ্ৰহণ কৰা এড’ৱাৰ্ডো ব’ভেই ৰোমাৰ পৰা লোণত ফিঅ’ৰেন্টিনাত যোগদান কৰিছিল। ফিঅ’ৰেন্টিনাৰ হৈ ব’ভেই গত অক্টোবৰ মাহত ৰোমাৰ বিৰুদ্ধেই প্ৰথমটো গ’ল দিছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব’ভেই সকলো যুৱ পৰ্যায়তে ইটালীক প্ৰতিনিধিত্ব কৰি ২১ বছৰ অনুৰ্ধ দলৰ হৈ ১৪খন খেলত অংশগ্ৰহণ কৰিছে। এতিয়াও যুৱ খেলুৱৈগৰাকীয়ে ইটালীৰ ছিনিয়ৰ দলৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰা নাই যদিও প্ৰতিভাশালী খেলুৱৈগৰাকীয়ে শীঘ্ৰেই জাতীয় দলত স্থান লাভৰ আশা কৰিছে। এতিয়া স্বাভাৱিকতেই ফুটবলপ্ৰেমীয়ে ব’ভে সম্পূৰ্ণ সুস্থ হৈ খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ ক্ষণটিলৈ বাট চাব।

খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত
টেলিভিচনৰ পৰা বলীউডলৈ অনন্য যাত্ৰাৰে দৰ্শকৰ মন মোহা বিক্ৰান্তে সামৰিলে অভিনয় কেৰিয়াৰ
প্ৰথমে পাইছিল ৮০০ টকা দৰমহা! এতিয়া ইমান কোটি টকাৰ মালিক বিক্ৰান্ত মেছী...
১ টকীয়া মুদ্ৰা আৰু ৫০০ টকীয়া নোট ছপা কৰিলে কিমান খৰচ হয়? জানক...