ক্ৰিকেট জগতত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তানঃ কেতিয়া হ’ব এই মেচ! | Emerging mens Asia cup 2024 India vs Pakistan match Assam news - Assam Tv9

ক্ৰিকেট জগতত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তানঃ কেতিয়া হ’ব এই মেচ!

ক্ৰিকেট খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ বুলিলেই দেখা যায় ৰোমাঞ্চ। এই মেচখনৰ বাবে কেৱল দেশ দুখনৰ অনুৰাগীসকলেই নহয়, সমগ্ৰ ক্ৰিকেট বিশ্বতে দেখা যায় উন্মাদনা। খেলপথাৰতো দুয়ো দলৰ খেলুৱৈৰ মাজত এই মেচৰ চাপ পৰিলক্ষিত হয়। ২২ গজৰ এই ভাৰত-পাক মেচৰ উন্মাদনাই পুনৰ এবাৰ স্পৰ্শ কৰিব ক্ৰিকেটপ্ৰেমীক।

ক্ৰিকেট জগতত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তানঃ কেতিয়া হ’ব এই মেচ!

পুনৰ ভাৰত আৰু পাকিস্তানৰ মেচ

Published: 

14 Oct 2024 21:45 PM

ক্ৰিকেট খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ বুলিলেই দেখা যায় ৰোমাঞ্চ। এই মেচখনৰ বাবে কেৱল দেশ দুখনৰ অনুৰাগীসকলেই নহয়, সমগ্ৰ ক্ৰিকেট বিশ্বতে দেখা যায় উন্মাদনা। খেলপথাৰতো দুয়ো দলৰ খেলুৱৈৰ মাজত এই মেচৰ চাপ পৰিলক্ষিত হয়। ২২ গজৰ এই ভাৰত-পাক মেচৰ উন্মাদনাই পুনৰ এবাৰ স্পৰ্শ কৰিব ক্ৰিকেটপ্ৰেমীক। ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে এই মেচখনৰ দিন। শেহতীয়াকৈ চলিত মহিলা টি-২০ বিশ্বকাপত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান।

চলিত এই বিশ্বকাপৰ মাজতে এইবাৰ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত দেখা যাব ২২ গজৰ বেট-বলৰ যুঁজ। এই মাচখন অনুষ্ঠিত হ’ব ওমানৰ মাটিত। অৱশ্যে এই মেচখনত দেখা নাযাব ভাৰত আৰু পাকিস্তানৰ পুৰুষ বা মহিলাৰ দলৰ ছিনিয়ৰ খেলুৱৈসকলক। অৰ্থাৎ ছিনিয়ৰ দলৰ মাজত অনুষ্ঠিত নহয় এই মেচ। বৰং এই মেচখন ইমাৰ্জিং এছিয়া কাপত ইণ্ডিয়া এ আৰু পাকিস্তান এৰ মাজত অনুষ্ঠিত হ’ব।

এইবাৰৰ ইমাৰ্জিং এছিয়া কাপ টি-২০ ফৰ্মেটত আয়োজন কৰা হ’ব। প্ৰতিযোগিতাখন আৰম্ভ হ’ব অহা ১৮ অক্টোবৰৰ পৰা। এই প্ৰতিযোগিতাৰ দ্বিতীয় দিনা অৰ্থাৎ ১৯ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মেচখন অনুষ্ঠিত হ’ব। মস্কটৰ ওমান ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব এই মেচ। ভাৰতীয় ছিনিয়ৰ দলক ইতিমধ্যে প্ৰতিনিধিত্ব কৰা তিলক বাৰ্মাই এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব।

আনহাতে তেওঁৰ সহায়ক হিচাপে দলৰ সহ-অধিনায়কৰ ভূমিকাত দেখা যাব অভিষেক শৰ্মাক। তিলক ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা আন এগৰাকী সদস্য ৰাহুল চাহাৰকো এই দলত দেখা যাব। এই তিনি তাৰকাৰ লগতে দলটোত দেখা যাব আয়ুষ বাদনি, ৰমনদীপ সিং, প্ৰভসিমৰন সিং, নেহাল ৱাদেৰা, অনুজ ৰাৱত, হৃতিক শৌকিন, ছাই কিশোৰ, ৰছিক চালাম, বৈভৱ অৰোৰা আৰু আকিব খানৰ দৰে যুৱ খেলুৱৈক।

ভাৰত আৰু পাকিস্তানে প্ৰতিযোগিতাখনৰ গ্ৰুপ এত স্থান লাভ কৰিছে। এই দল দুটাৰ লগতে গ্ৰুপত আছে ইউ এ ই আৰু ওমানৰ দল। ইয়াৰ পূৰ্বৰ পাঁচটা সংস্কৰণ এদিনীয়া ফৰ্মেটত খেলা হৈছিল যদিও এইবাৰ টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছে ইমাৰ্জিং এছিয়া কাপ। ২০১৩ চনত ইমাৰ্জিং এছিয়া কাপৰ প্ৰথম সংস্কৰণত ভাৰতে জয়লাভ কৰিছিল।

লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাৰ বিগত দুবাৰৰ সংস্কৰণত পাকিস্তানে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। অৰ্থাৎ এইবাৰ ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাকিস্থান। বিগত বাৰৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি খিতাপ দখল কৰিছিল পাকিস্তান দলে। এইবাৰ ভাৰতীয় দলে বিগত বাৰৰ পৰাজয়ৰ পোতক তুলি পাকিস্তানৰ বিপক্ষে জয়েৰে খিতাপ জয়ৰ অভিযান আৰম্ভ কৰাৰ সুযোগ পাব।

সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!