আঘাত হৈ পৰিব নেকি আশা ভংগৰ কাৰণ! চেম্পিয়নছ ট্ৰফীত এই চাৰি তাৰকাৰ ওপৰত থাকিব চকু

এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয় আৰু টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ ভাৰতীয় অনুৰাগীয়ে চেম্পিয়নছ ট্ৰফী জয়ৰ আশাৰে বাট চাইছে। কিন্তু দলৰ এই লক্ষ্যত বাধা হৈ পৰিব পাৰে আঘাতৰ সমস্যা। এইক্ষেত্ৰত বিশেষভাৱে চকু থাকিব দলৰ চাৰিগৰাকী তাৰকাৰ ওপৰত।

আঘাত হৈ পৰিব নেকি আশা ভংগৰ কাৰণ! চেম্পিয়নছ ট্ৰফীত এই চাৰি তাৰকাৰ ওপৰত থাকিব চকু

আঘাতে সমস্যাত পেলাব নেকি ভাৰতক!

Published: 

19 Jan 2025 19:09 PM

বহু জল্পনা-কল্পনাৰ অন্তত শনিবাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হয়। এই প্ৰতিযোগিতাৰ বাবে তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ নিৰ্বাচন অনিশ্চয়তাত আছিল। লগতে আন এগৰাকী তাৰকা পেচাৰ মহম্মদ ছামিক লৈয়ো চলিছিল চৰ্চা। এনে চৰ্চাৰ অৱসান ঘটাই শনিবাৰে ঘোষিত দলটোত দুয়োগৰাকী খেলুৱৈকে স্থান দিয়া হয়। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আইচিচিৰ এই অন্যতম প্ৰধান প্ৰতিযোগিতাখন আৰম্ভ হ’ব আৰু প্ৰতিযোগিতাৰ দ্বিতীয়দিনা অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিপক্ষে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতে।

এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয় আৰু টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ ভাৰতীয় অনুৰাগীয়ে চেম্পিয়নছ ট্ৰফী জয়ৰ আশাৰে বাট চাইছে। দুবাৰৰ খিতাপজয়ী ভাৰতীয় দলে তৃতীয়বাৰৰ বাবে চেম্পিয়ন হোৱাৰ আশাৰেই এইবাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। কিন্তু দলৰ এই লক্ষ্যত বাধা হৈ পৰিব পাৰে আঘাতৰ সমস্যা। এইক্ষেত্ৰত বিশেষভাৱে চকু থাকিব দলৰ চাৰিগৰাকী তাৰকাৰ ওপৰত।

যশপ্ৰীত বুমৰাহ

ছিডনী টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত পিঠিৰ বিষত ভুগিছিল বুমৰাহে। এনে পৰিস্থিতিত তেওঁ খেলৰ মাজতে চিকিৎসালয়ত উপস্থিত হৈছিল। আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্ৰহণো অনিশ্চয়তাত আছিল যদিও এতিয়া তেওঁক দলত নিৰ্বাচিত কৰা হৈছে। কিন্তু তেওঁ খেলিব পাৰিব নে নোৱাৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। সূত্ৰ অনুসৰি ২ ফেব্ৰুৱাৰীত বুমৰাহৰ স্কেন কৰা হ’ব আৰু তাৰ পিছতহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।

মহম্মদ ছামি

২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰে পৰা আঘাতৰ বাবে জাতীয় দলৰ পৰা বাহিৰত থকা ছামি এক অস্ত্ৰোপচাৰৰ পিছত সুস্থ হৈ উঠিছে। ইয়াৰ পিছতে তেওঁ ঘৰুৱা ক্ৰিকেটৰ জৰিয়তে খেলপথাৰলৈ পুনৰ ঘূৰি আহিছে। ইংলেণ্ডৰ বিপক্ষে আগন্তুক টি-২০ শৃংখলাৰ জৰিয়তে জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিব ছামিৰ। অভিজ্ঞ তাৰকাগৰাকীৰ ওপৰত আস্থা প্ৰকাশ কৰি নিৰ্বাচকে তেওঁক চেম্পিয়নছ ট্ৰফীৰ বাবেও দলত অন্তৰ্ভুক্ত কৰিছে।

হাৰ্দিক পাণ্ডিয়া

১৫ মাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত চেম্পিয়নছ ট্ৰফীৰ জৰিয়তে এদিনীয়া ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিব হাৰ্দিক পাণ্ডিয়াৰ। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে মেচত হাৰ্দিকে গোৰোহাত আঘাত পাইছিল। তাৰ পিছৰ পৰা তেওঁ টি-ফৰ্মেট আৰু ঘৰুৱা ক্ৰিকেট খেলিছে যদিও আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলা নাই। সেয়ে চেম্পিয়নছ ট্ৰফীত পাণ্ডিয়াৰ ফিটনেছো লক্ষণীয় হ’ব।

কুলদীপ যাদৱ

বিগত বৰ্ষত নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত আঘাতপ্ৰাপ্ত হৈছিল কুলদীপ যাদৱ। ইয়াৰ পিছতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। এই আঘাতৰ পৰা এতিয়া তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁ নিজৰ ফিটনেছৰ প্ৰমাণ দিব। চেম্পিয়নছ ট্ৰফীত কুলদীপ ভাৰতৰ অন্যতম শক্তি হ’ব পাৰে বুলি আশা কৰা হৈছে। সেয়ে তেওঁৰ ফিটনেছৰ ওপৰতো সকলোৰে চকু থাকিব।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া