অভিষেকতে ক্ৰিকেট জগতৰ আটাইতকৈ বয়স্ক খেলুৱৈৰ ৰেক’ৰ্ড! এইগৰাকী খেলুৱৈয়ে দিলে চমক
ক্ৰিকেট জগতত বৃদ্ধি পোৱা প্ৰতিযোগিতামূলক পৰিস্থিতিৰ বাবে সাম্প্ৰতিক সময়ত খুব কমসংখ্যক ক্ৰিকেটাৰেহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৪০ বছৰ বয়সৰ পিছতো খেলি থকা দেখা যায়। কিন্তু শেহতীয়াকৈ এগৰাকী ক্ৰিকেটাৰে ইয়াতকৈয়ো অধিক বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই ইতিহাস ৰচিছে।

ক্ৰিকেট জগতত অভূতপূৰ্ব অভিলেখ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পূৰ্বৰ সময়তকৈ বৰ্তমান ফিটনেছৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে। নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ ক্ষেত্ৰত ফিটনেচ ভালদৰে বজাই ৰখাৰ প্ৰয়োজনীয়তা বুজি এই দিশত গুৰুত্ব আৰোপ কৰিছে খেলুৱৈসকলে। মূলতঃ বৰ্তমান সময়ত ক্ৰিকেট জগতত বৃদ্ধি পোৱা প্ৰতিযোগিতামূলক পৰিস্থিতিত নিজকে যোগ্য হিচাপে প্ৰমাণিত কৰিবলৈ খেলুৱৈসকলে ফিটনেছৰ ওপৰতো ধ্যান দিছে। এনে প্ৰতিযোগিতামূলক স্থিতিৰ বাবেই সাম্প্ৰতিক সময়ত খুব কমসংখ্যক ক্ৰিকেটাৰেহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৪০ বছৰ বয়সৰ পিছতো খেলি থকা দেখা যায়।
অৰ্থাৎ অধিকাংশ ক্ৰিকেটাৰেই বৰ্তমান সময়ত ৪০ বছৰ বয়সত ভৰি দিয়াৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়ে। কিন্তু শেহতীয়াকৈ এগৰাকী ক্ৰিকেটাৰে এই ধাৰণাৰ সম্পূৰ্ণ এক বিপৰীত কাৰ্যৰে ক্ৰিকেট জগতত চৰ্চা লাভ কৰিছে। চৰ্চিত এই খেলুৱৈগৰাকীৰ নাম মেথিউ ব্ৰাউনলী। তেওঁৰ বয়স ৬২ বছৰ। সাধাৰণতে এই বয়সত কোনো লোকে প্ৰতিযোগিতামূলক ক্ৰিকেট খেলি থকাৰ কথা ভাবিবই নোৱাৰে।
কিন্তু ৬২ বছৰীয়া ব্ৰাউনলীয়ে এই বৃদ্ধাৱস্থাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেকহে ঘটাইছে, স্থাপন কৰিছে আটাইতকৈ বয়স্ক ক্ৰিকেটাৰৰ বিশ্ব ৰেকৰ্ড। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন দল এটাই প্ৰৱেশ কৰিছে, এই দলটো হৈছে ফকলেণ্ড দ্বীপ। কোষ্টা ৰিকা ভ্ৰমণত যোৱা ১০ মাৰ্চত দলটোৱে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এই টি-২০ মেচখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা ১০৬ সংখ্যক দল হৈছে ফকলেণ্ড দ্বীপপুঞ্জ। আচৰিত কথাটো হ’ল এই দলটোৱে প্ৰথমখন মেচত মূল একাদশত স্থান দিয়া প্ৰতিগৰাকী খেলুৱৈৰ বয়স আছিল ৩১ বছৰৰ ওপৰৰ। আনহাতে আটাইতকৈ বয়সীয়াল খেলুৱৈ আছিল মেথিউ ব্ৰাউনলী। ৬২ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাই তেওঁ আটাইতকৈ বয়সীয়াল অভিষেককাৰী তথা ক্ৰিকেটাৰ হিচাপে ইতিহাস সৃষ্টি কৰে।
এই ভ্ৰমণত মেথিউ ব্ৰাউনলীয়ে মুঠ ৩খন টি-২০ মেচ খেলিছিল। বেটিং লাইন আপৰ ১০ নম্বৰ স্থানত বেটিং কৰি তেওঁ প্ৰথমখন মেচত ১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় আাৰু তৃতীয় মেচত ক্ৰমে ২ আৰু ৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। ইয়াৰ উপৰিও তেওঁ এটা অভাৰ বলিঙো কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আৰম্ভণি ফকলেণ্ড দ্বীপপুঞ্জৰ বাবে পিছে বিশেষ সফল ন’হল। প্ৰথমখন মেচত ৬৬ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দলটো।
এই ভ্ৰমণত দুয়োটা দলৰ মাজত মুঠ ৬ খন টি-২০ মেচ অনুষ্ঠিত হয়। এই সময়ছোৱাত ফকলেণ্ড দ্বীপে এখন মেচত জয়লাভ কৰে আৰু কোষ্টা ৰিকা দলে ৫খন মেচত জয়লাভ কৰে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক ঘটোৱাৰ পিছত ফকলেণ্ড দ্বীপপুঞ্জই প্ৰথমবাৰৰ বাবে জয়ৰ সোৱাদ লাভ কৰা মেচখনত মেথিউ ব্ৰাউনলী মূল একাদশৰ অংশ নাছিল।