5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰোনাল্ডোৰ দেশত ফুটবলৰ বিশ্বকাপঃ নিৰ্ধাৰিত হ’ল অহা তিনিটা সংস্কৰণৰ বিশ্বকাপৰ আয়োজক…

গত ২০২২ চনত অনুষ্ঠিত হৈছিল শেহতীয়া সংস্কৰণৰ ফিফা বিশ্বকাপ। কাটাৰত আয়োজিত এই বিশ্বকাপত মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই জয় কৰে ২০২২ চনৰ বিশ্বকাপ। ২০২৬ চনত আগন্তুক সংস্কৰণৰ বিশ্বকাপ আয়োজন কৰিব আমেৰিকা, কানাডা আৰু মেক্সিকোৱে। ইফালে ফিফাই বুধবাৰে ২০৩০ আৰু ২০৩৪ চনৰ আয়োজক দেশৰ নামো ঘোষণা কৰিছে।

ৰোনাল্ডোৰ দেশত ফুটবলৰ বিশ্বকাপঃ নিৰ্ধাৰিত হ’ল অহা তিনিটা সংস্কৰণৰ বিশ্বকাপৰ আয়োজক…
ফিফা বিশ্বকাপ
monjit-dutta
Monjit Dutta | Published: 12 Dec 2024 16:33 PM

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেল হিচাপে প্ৰথমেই নাম আহিব ফুটবলৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী দল হিচাপে বিশেষ পৰিচয় গঢ়ি তুলিব নোৱাৰিলেও সাধাৰণতে বিশ্বৰ প্ৰতিখন দেশতে ফুটবল খেলা হয়। সমগ্ৰ বিশ্বজুৰি ফুটবলৰ আছে অগণন অনুৰাগী। প্ৰিয় তাৰকাগৰাকীৰ নামত অনুৰাগীৰ মাজত দেখা যায় অকৃত্ৰিম উন্মাদনা। ক্ৰীড়া মহোৎসৱ হিচাপে যদিও অলিম্পিক বিশ্বক্ৰীড়াৰ সৰ্বোচ্চ প্ৰতিযোগিতা, জনপ্ৰিয়তাৰ দিশৰ পৰা ফুটবল বিশ্বকাপে অসাধাৰণ সঁহাৰি লাভ কৰি আহিছে। সেইবাবেই ৪ বছৰৰ ব্যৱধানত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ বাবে বিশ্বজুৰি পৰিলক্ষিত হয় অনুৰাগীৰ চৰম উৎকণ্ঠা তথা প্ৰতীক্ষা।

গত ২০২২ চনত অনুষ্ঠিত হৈছিল শেহতীয়া সংস্কৰণৰ ফিফা বিশ্বকাপ। কাটাৰত আয়োজিত এই বিশ্বকাপত ফুটবল ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ তাৰকা লিঅ’নেল মেছিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফীত চুম্বন দিয়াৰ সুযোগ লাভ কৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই জয় কৰে ২০২২ চনৰ বিশ্বকাপ। কাটাৰ বিশ্বকাপৰ পিছত ২০২৬ চনত আগন্তুক সংস্কৰণৰ বিশ্বকাপ আয়োজন কৰিব আমেৰিকা, কানাডা আৰু মেক্সিকোৱে।

আগন্তুক সংস্কৰণৰ বিশ্বকাপৰ বাবে অনুৰাগীৰ অপেক্ষাৰ মাজতে পিছত ফিফাই পৰৱৰ্তী দুটা সংস্কৰণৰ আয়োজকৰ কথাও ঘোষণা কৰিছে। ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই বুধবাৰে ঘোষণা কৰে ২০৩০ আৰু ২০৩৪ চনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ আয়োজক দেশৰ নাম। ফিফাৰ ঘোষণা অনুসৰি, ছয়খন দেশে ২০৩০ চনৰ বিশ্বকাপ আয়োজনৰ স্বত্ব লাভ কৰিছে। স্পেইন, মৰক্কো আৰু পৰ্তুগালে মূলতঃ এই বিশ্বকাপৰ আয়োজন কৰিব।

এই তিনি দেশৰ লগতে দক্ষিণ আমেৰিকাৰ দেশ উৰুগুৱে, পেৰাগুৱে আৰু আৰ্জেণ্টিনাক এখনকৈ মেচ আয়োজনৰ সুযোগ দিয়া হৈছে। আনহাতে ২০৩৪ চনৰ বিশ্বকাপ সংস্কৰণৰ আয়োজন কৰিব চৌদি আৰবে। এই সন্দৰ্ভত ফিফাই এক ভাৰ্চুৱেল কংগ্ৰেছৰ আয়োজন কৰে। এই সময়ত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ২০৩০ আৰু ২০৩৪ চনৰ আয়োজক দেশৰ নাম ঘোষণা কৰে।

উল্লেখ্য যে ১০০ বছৰৰ পাছত পুনৰ উৰুগুৱেত আয়োজিত হ’ব ফুটবল বিশ্বকাপ। ইয়াৰ পূৰ্বে ১৯৩০ চনত উৰুগুৱেই উদ্বোধনী বৰ্ষৰ ফুটবল বিশ্বকাপ আয়োজন কৰিছিল। এই বিশেষ অনুষ্ঠানৰ সন্মানাৰ্থে ফিফাই উৰুগুৱেক এখন খেল আয়োজন কৰাৰ স্বত্ব প্ৰদান কৰিছে। সেয়েহে উৰুগুৱেতো এই বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। লক্ষণীয়ভাৱে চৌদি আৰৱে এই বিশ্বকাপৰ আয়োজনৰ স্বত্ব লাভৰ বাবে প্ৰচেষ্টা চলাইছিল।

কিন্তু ২০৩০ চনৰ পৰিৱৰ্তে ২০৩৪ চনৰ বাবে আয়োজকৰ স্বত্ব লাভ কৰে দেশখনে। চৌদি আৰবৰ লগতে অষ্ট্ৰেলিয়াও এই দৌৰত অন্তৰ্ভুক্ত হৈছিল যদিও অষ্ট্ৰেলিয়াই শেষ মুহূৰ্তত নিজৰ নাম প্ৰত্যাহাৰ কৰে। বিশ্বকাপ আয়োজনৰ স্বত্ব লাভ কৰাৰ পিছতে চৌদি আৰৱৰ ক্ৰীড়া মন্ত্ৰী আব্দুল আজিজ বিন তুৰ্কী বিন ফৈছাল আল ছৌদে কয় যে এয়া এক গৌৰৱময় দিন বুলি অভিহিত কৰি সমগ্ৰ বিশ্বক চৌদি আৰৱলৈ আমন্ত্ৰণ জনায়।

Latest News