ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীলৈ সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট, এই দলৰ বিপক্ষে হ’ব ভাৰতৰ মেচ…
ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে আই পি এলৰ লগতে ইতিপূৰ্বে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু টি-২০ মেচ উপভোগৰ সুযোগো লাভ কৰিছিল। এইবাৰ অসমৰ ক্ৰিকেটপ্ৰেমীলৈ আহিছে স্বচক্ষুৰে টেষ্ট উপভোগৰ সুযোগ। কেতিয়া বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই টেষ্ট মেচখন অনুষ্ঠিত হ’ব আৰু ভাৰতৰ প্ৰতিপক্ষ কোন হ’ব চাওক।

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী এতিয়া স্বাভাৱিকতেই আই পি এলৰ আনন্দ উপভোগত ব্যস্ত। কলকাতাৰ ইডেন গাৰ্ডেনত আৰম্ভ হোৱা আই পি এলৰ উদ্বোধনী অনুষ্ঠানত দৃষ্টি নিবদ্ধ প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ। এই আনন্দৰ ক্ষণৰ মাজতে অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক সুখৰ খবৰ। ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলে এইবাৰ গুৱাহাটীত আই পি এলত দুখন মেচ উপভোগৰ সুযোগ লাভ কৰিব। আই পি এলৰ লগতে ইতিপূৰ্বে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু টি-২০ মেচ উপভোগৰ সুযোগো লাভ কৰিছিল। এইবাৰ অসমৰ ক্ৰিকেটপ্ৰেমীলৈ আহিছে স্বচক্ষুৰে টেষ্ট উপভোগৰ সুযোগ।
আই পি এল আৰম্ভ হোৱাৰ প্ৰাকক্ষণত কলকাতাত অনুষ্ঠিত হয় বিচিচিআই এপেক্স কাউন্সিলৰ বৈঠক। এই বৈঠকত ভাৰতীয় ক্ৰিকেট সন্দৰ্ভত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তত স্থান লাভ কৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামেও। বিচিচিআইয়ে এইবাৰ গুৱাহাটীক প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটৰ আয়োজনৰ স্বত্ব প্ৰদান কৰিছে। তথ্য অনুসৰি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব।
চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰত ভ্ৰমণ কৰিব দক্ষিণ আফ্ৰিকাই। এই ভ্ৰমণত প্ৰটিয়াছ বাহিনীয়ে আটাইকেইটা ফৰ্মেটৰ দ্বিপাক্ষিক শৃংখলাত অৱতীৰ্ণ হ’ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট। ইয়াৰ পিছত দ্বিতীয়খন টেষ্ট ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰৰ ভিতৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। টেষ্ট শৃংখলাৰ পিছত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা।
এদিনীয়া শৃংখলাৰ এই মেচকেইখন ৩০ নৱেম্বৰ, ৩ ডিচেম্বৰ আৰু ৬ ডিচেম্বৰত ক্ৰমে ৰাঁচী, ৰায়পুৰ আৰু ভাইজাগত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ৯ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৫খন মেচৰ টি-২০ শৃংখলাও অনুষ্ঠিত হ’ব। কটক, নাগপুৰ, ধৰ্মশালা, লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব এই টি-২০ মেচকেইখন। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে অক্টোবৰত ভাৰত ভ্ৰমণ কৰিব ৱেষ্ট ইণ্ডিজে।
ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট মোহলীত অনুষ্ঠিত হ’ব। আনহাতে কলকাতাৰ ইডেন গাৰ্ডেনত ১০ৰ পৰা ১৪ অক্টোবৰৰ ভিতৰত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা আই পি এলৰ অন্ত পৰাৰ পিছতে ৫ খন মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ’ব ভাৰতীয় দল। অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰতৰ এই ইংলেণ্ড ভ্ৰমণ।
এই ভ্ৰমণত ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টেষ্ট ২০ৰ পৰা ২৪ জুনৰ ভিতৰত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ২ জুলাইৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট। লৰ্ডছত ১০ৰ পৰা ১৪ জুলাইলৈ তৃতীয়খন টেষ্ট আৰু ২৩ৰ পৰা ২৭ জুলাইলৈ মানচেষ্টাৰত চতুৰ্থখন টেষ্ট অনুষ্ঠিত হ’ব। আনহাতে ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ অভেলত অনুষ্ঠিত হ’ব শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্ট।