Jasprit Bumrah: ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শ্ৰেষ্ঠতম বেগী বলাৰ বুমৰাহ !

ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ শেহতীয়া প্ৰদৰ্শনে আকৰ্ষিত কৰিছে অনুৰাগীক । বুমাহৰ বলিঙৰ প্ৰশংসা কৰিছে বিদেশী খেলুৱৈয়েও । অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্কে কৰিলে বিশেষ মন্তব্য-

Jasprit Bumrah: ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শ্ৰেষ্ঠতম বেগী বলাৰ বুমৰাহ !

যশপ্ৰীত বুমৰাহ

Published: 

08 Jan 2025 18:42 PM

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্কে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দৰ্শনীয় বলিঙেৰে “প্লেয়াৰ অৱ দ্য ছিৰিজ” সন্মান লাভ কৰা ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহক ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ দ্ৰুত বলাৰ হিচাপে প্ৰশংসা কৰিছে ।

শেহতীয়া শৃংখলাটোত বুমৰাহ তীব্ৰ ফৰ্মত আছিল আৰু গড়ে ১৩.০৬ ৰানত ৩২টা উইকেট দখল কৰিছিল । কিন্তু এছ চি জিত অনুষ্ঠিত অন্তিমখন টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত আঘাতৰ বাবে তেওঁ খেলপথাৰৰ পৰা বাহিৰলৈ আহিবলগীয়া হয় । ভাৰতৰ বেগী বলাৰসকলে প্ৰথম ইনিংছত চাৰি ৰানৰ ক্ষীণ অগ্ৰগতি লাভ কৰাৰ পাছতো বুমৰাহৰ অনুপস্থিতিয়ে শূন্যতা সৃষ্টি কৰাৰ লগতে তৃতীয় দিনটোত অষ্ট্ৰেলিয়াই ১৬২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৩-১ ৰ ব্যৱধানত শৃংখলা দখল কৰে ।

অষ্ট্ৰেলিয়াত এজন আলহী বেগী বলাৰৰ দ্বাৰা এটা শৃংখলাত সৰ্বাধিক উইকেট দখলৰ অভিলেখৰ পৰা মাত্ৰ দুখোজ পিছ পৰি ৰয় বুমৰাহ । ৩৪ টা উইকেট দখলেৰে ছিডনী বাৰ্নছে ১৯১১-১২ চনত ৰচা ঐতিহাসিক অভিলেখৰ সৈতে সমতা স্থাপন কৰিবলৈ মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন আছিল বুমৰাহক ।

ই এছ পি এন ক্ৰিক্ইনফ’ৰ উদ্ধৃতি অনুসৰি ই এছ পি এনৰ এৰাউণ্ড দ্য উইকেটত এক সাক্ষাৎকাৰত ক্লাৰ্কে কয়, “ছিৰিজ শেষ হোৱাৰ পিছত বুমৰাহৰ বিষয়ে যিটো কথা মই ভাবিছো আৰু মই বহি তেওঁৰ প্ৰদৰ্শনৰ কথা ভাবি আছিলো । মই ভাবো যে তেওঁ তিনিওটা ফৰ্মেটতে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বেষ্ট বলাৰ ।”

তেওঁ কয়, “মই বহুত ডাঙৰ ডাঙৰ বেগী বলাৰক জানো, কাৰ্টলি এম্ব্ৰ’জ, গ্লেন মেকগ্ৰাথ আদিয়ে টি-২০ ক্ৰিকেট খেলিবলৈ নাপালে । গতিকে মই তেওঁলোকৰ কথা কোৱা নাই । কিন্তু তিনিওটা ফৰ্মেট খেলা যিকোনো খেলুৱৈৰ ক্ষেত্ৰত মই ভাবো বুমৰাহ শ্ৰেষ্ঠ । তেওঁ আচলতে যিকোনো পৰিস্থিতিত ইমানেই ভাল, সেইটোৱেই তেওঁক যিকোনো পৰিস্থিতিত, যিকোনো ফৰ্মেটতে মহান কৰি তোলে ।”

প্ৰতিখন টেষ্টতে বুমৰাহৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল । পাৰ্থত তেওঁ ৮ উইকেটেৰে অষ্ট্ৰেলিয়াৰ বেটিং ক্ৰম ভাঙি পেলায়, গাব্বাত প্ৰথম ইনিংছত ছটা উইকেট সংগ্ৰহ কৰে আৰু চতুৰ্থ টেষ্টত মেলবৰ্ণত প্ৰায় এককভাৱেই খেলখন ঘূৰাই দিলে । এছ চি জিত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ আৰম্ভণিতে উছমান খোৱাজা আৰু মাৰ্নাছ লাবুছেনক আউট কৰে । কিন্তু আঘাতৰ বাবে দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত মাত্ৰ এটা অভাৰতে সীমাবদ্ধ হৈ পৰিছিল, যাৰ ফলত খেলখন সুক্ষ্মভাৱে স্থিৰ হৈ পৰিছিল ।

ই এছ পি এনক্ৰিচিনফ’ৰ উদ্ধৃতিৰে ক্লাৰ্কে কয়, “মই হিচাপ কৰিছোঁ যে ভাৰত (ছিডনীত) সম্ভৱতঃ ২০ ৰান পিছ পৰি আছিল ।”

তেওঁ লগতে কয়, “মই ১৮০ ৰানত অগ্ৰগতি হিচাপ কৰিলে, দলত বুমৰাহ থকাৰ বাবে মই ভাবো ভাৰত ভাল স্থিতত আছে । মই ভাবো বুমৰাহ ইমান দক্ষ, তেওঁলোকৰ আন বলাৰসকলতকৈ তেওঁ যথেষ্ট পাৰদৰ্শী ।”

ভাৰতীয় পেচাৰৰ ভিতৰত মহম্মদ ছিৰাজে গড়ে ৩১.১৫ ৰানত ২০টা উইকেট দখল কৰি দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে আত্মপ্ৰকাশ কৰে । প্ৰসিদ্ধ কৃষ্ণয়ো আপ্লুত কৰি ছিডনীত ৬টা উইকেট দখল কৰি শৃংখলাৰ পূৰ্বে তেওঁক অন্তৰ্ভুক্ত কৰা উচিত আছিল নেকি সেই লৈ প্ৰশ্ন অৱতাৰণা কৰে ।

ই এছ পি এন ক্ৰিক্ইনফ’ৰ উদ্ধৃতি অনুসৰি এৰন ফিঞ্চে ৰাউণ্ড দ্য উইকেটক কয় যে অষ্ট্ৰেলিয়াই যশপ্ৰীত বুমৰাহৰ সৈতে দীঘলীয়া খেলখন খেলিবলৈ সাজু আছিল ।

“তেওঁলোকে তেওঁ(বুমৰাহে) বাৰে বাৰে বলিং কৰাটো বিচাৰিছিল, আৰু এটা স্পেলৰ বাবে ঘূৰি অহাটো বিচাৰিছিল, আৰু তিনিটা, চাৰি, পাঁচ অভাৰমান বলিং কৰাটো বিচাৰিছিল আৰু শেষত, সেয়াই হ’ল । সেই দীঘলীয়া খেলখনত তেওঁলোক জয়ী হয় ।” ফিঞ্চে কয় ।

বুমৰাহৰ বীৰত্বৰ সত্ত্বেও অষ্ট্ৰেলিয়াই স্থিতিস্থাপকতা প্ৰদৰ্শন কৰি ব্রীজবেন আৰু মেলবৰ্ণ দুয়োখনতে প্ৰথম ইনিংছৰ মুঠ ৪০০ৰো অধিক ৰান সংগ্ৰহ কৰে । ছিডনী টেষ্টলৈ চুটি টাৰ্ণআউটে অতিৰিক্ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল যদিও এৰন ফিঞ্চে লক্ষ্য কৰা অষ্ট্ৰেলিয়াৰ কৌশল অৱশেষত সফল বুলি প্ৰমাণিত হয় ।
ছিৰিজটোত বুমৰাহৰ প্ৰদৰ্শনে তেওঁক অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে তেওঁৰ সুনাম আৰু অধিক শক্তিশালী কৰি তুলিছে ।

চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম