খেলপথাৰতে হাৰ্ট এটেক আহিল বাংলাদেশৰ কিংবদন্তি তাৰকাৰঃ কেনে আছে স্বাস্থ্যৰ অৱস্থা!
খেল চলি থকাৰ মাজতে আকস্মিকভাৱে অহা হাৰ্ট এটেকৰ ফলত এতিয়া চিকিৎসালয়ৰ বিচনাত জীৱনৰ যুঁজ দিব লগা হৈছে বাংলাদেশৰ প্ৰাক্তন তাৰকা তামিম ইকবালে। বাংলাদেশত ঢাকা প্ৰিমিয়াৰ ডিভিজন ক্ৰিকেট লীগৰ এখন মেচৰ সময়তে এনে পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।

খেল চলি থকাৰ সময়তে খেলপথাৰৰ মাজতে শাৰীৰিক অসুস্থতাই হঠাতে খেলুৱৈক আগুৰি ধৰাৰ বহু ঘটনা শেহতীয়া সময়ছোৱাত ক্ৰীড়া জগতত দেখিবলৈ পোৱা গৈছে। এইবাৰ তেনে ঘটনাৰ চিকাৰ হৈছে বাংলাদেশৰ এগৰাকী কিংবদন্তি ক্ৰিকেটাৰ। খেল চলি থকাৰ মাজতে আকস্মিকভাৱে অহা হাৰ্ট এটেকৰ ফলত এতিয়া চিকিৎসালয়ৰ বিচনাত জীৱনৰ যুঁজ দিব লগা হৈছে বাংলাদেশৰ প্ৰাক্তন তাৰকা তামিম ইকবালে। বাংলাদেশত ঢাকা প্ৰিমিয়াৰ ডিভিজন ক্ৰিকেট লীগৰ এখন মেচৰ সময়তে এনে পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।
এনে আকস্মিক ঘটনাৰ পিছতে তামিম ইকবালক খেলপথাৰৰ সমীপৰে এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি, হঠাতে বুকুত বিষ অনুভৱ কৰি খেলপথাৰতে বহি পৰে তামিম ইকবাল। লগে লগে তেওঁক স্থানীয় চিকিৎসালয়খনলৈ লৈ যোৱা হয়। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। তেওঁৰ স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত কোনো তথ্য এইপৰ্যন্ত পোহৰলৈ অহা নাই।
চিকিৎসকে তামিম হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তামিমে শাৰীৰিক অসুস্থতাত আক্ৰান্ত হোৱা দেখা পোৱাৰ লগে লগে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি প্ৰথমে তেওঁক চিকিৎসালয়লৈ নিবলৈ এখন হেলিকপ্টাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে হেলিকপ্টাৰেৰে তেওঁক চিকিৎসালয়লৈ নিব পৰা নহয়।
এনে অৱস্থাত পলম নকৰি তেওঁক বাহনেৰেই সমীপৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। মেচখনৰ ৰেফাৰী দেবব্ৰত পলে এই বিষয়ে ই এছ পি এনক্ৰিচিনফ’ৰ আগত প্ৰকাশ কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঢাকা প্ৰিমিয়াৰ ডিভিজন লীগত চলি আছিল মহম্মেদান স্প’ৰ্টিং ক্লাব আৰু শ্বাইনেপুকুৰ ক্ৰিকেট ক্লাবৰ মেচ। এদিনীয়া ফৰ্মেটৰ এই খেলখনত তামিম ইকবালে মহম্মেদান স্প’ৰ্টিং ক্লাবক প্ৰতিনিধিত্ব কৰিছ।
হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ সময়ত ফিল্ডিং কৰি আছিল তামিম ইকবালে। উল্লেখ্য যে বাংলাদেশৰ ক্ৰিকেট ইতিহাসৰে অন্যতম এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা তামিম ইকবালে ২০২৩ চনত বাংলাদেশৰ হৈ অন্তিমখন মেচ খেলিছিল। ইতিমধ্যে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰঋ তেওঁ অৱসৰ গ্ৰহণ কৰিছে। নিজ কেৰিয়াৰত বাংলাদেশৰ হৈ তেওঁ ২৪৩খন এদিনীয়া, ৭০খন টেষ্ট আৰু ৭৮খন টি-২০ মেচ খেলিছিল।