কোহলীৰ বাবেই অন্ত পৰিছিল যুৱৰাজৰ কেৰিয়াৰ! দাবী বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেটাৰৰ

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে যুৱৰাজৰ কেৰিয়াৰ আগতীয়াকৈ সমাপ্ত কৰা বুলি এক বিস্ফোৰক অভিযোগ উত্থাপনেৰে সকলোকে স্তম্ভিত কৰি তুলিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কোহলীক লৈ তেওঁ এনে আশ্চৰ্যজনক দাবী উত্থাপন কৰিছে।

কোহলীৰ বাবেই অন্ত পৰিছিল যুৱৰাজৰ কেৰিয়াৰ! দাবী বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেটাৰৰ

কোহলীৰ বাবে অন্ত পৰিছিল যুৱৰাজৰ কেৰিয়াৰ!

Published: 

10 Jan 2025 18:16 PM

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এগৰাকী শ্ৰেষ্ঠতম ক্ৰিকেটাৰ হিচাপে সদায়েই নাম উচ্চাৰিত হ’ব যুৱৰাজ সিঙৰ নাম। দীৰ্ঘসময় ধৰি যুৱৰাজে ভাৰতীয় দলত এগৰাকী নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হিচাপে ভূমিকা গ্ৰহণ কৰি দলৰ বহু যুঁজৰ নায়ক হিচাপে পৰিগণিত হৈছিল। বিশেষকৈ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ত তেওঁৰ ভূমিকা আৰু কেঞ্চাৰৰ সৈতে যুঁজি থকাৰ পিছতো নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে বিশ্বকাপত ভাৰতৰ ২৮ বৰ্ষীয় খৰাঙৰ অৱসান ঘটোৱাত যুৱৰাজে যি ভূমিকা গ্ৰহণ কৰিছিল, সেয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ স্মৃতিত সজীৱ হৈ আছে।

কিন্তু ইয়াৰ পিছত কেঞ্চাৰৰ বাবে যুৱৰাজৰ কেৰিয়াৰলৈ সংকট নামি আহিছিল। অৱশ্যে এই মাৰাত্মক ৰোগক জয় কৰি যুৱৰাজে পুনৰ খেলপথাৰলৈ উভতি আহে আৰু ভাৰতীয় দলত নিজৰ স্থান উলিয়াই লয়। পিছে ইয়াৰ পিছত তেওঁৰ কেৰিয়াৰ বেছি দীঘলীয়া নহ’ল আৰু ২০১৭ চনত তেওঁক অন্তিমবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখা পোৱা গৈছিল। এতিয়া যুৱৰাজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ দাবী কৰিছে তেওঁৰ এসময়ৰ সতীৰ্থ ৰবিন উথাপ্পাই।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে যুৱৰাজৰ কেৰিয়াৰ আগতীয়াকৈ সমাপ্ত কৰা বুলি এক বিস্ফোৰক অভিযোগ উত্থাপনেৰে সকলোকে স্তম্ভিত কৰি তুলিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কোহলীক লৈ উথাপ্পাই এনে আশ্চৰ্যজনক দাবী উত্থাপন কৰিছে। কেঞ্চাৰৰ পৰা সুস্থ হৈ উঠাৰ পিছত যুৱৰাজ সিঙৰ ফিটনেছ আৰু আগৰ দৰে নাছিল। ফিটনেছৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিবলগা হৈছিল।

এই সন্দৰ্ভত ৰবিন উথাপ্পাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰা মতে যুৱৰাজে ফিটনেছ টেষ্টৰ বাবে পইণ্ট হ্ৰাস কৰিবলৈ অনুৰোধ কৰিছিল যদিও দলৰ পৰিচালনা সমিতিয়ে তেওঁৰ এই আহ্বানৰ প্ৰতি কোনো সঁহাৰি প্ৰদৰ্শন কৰা নাছিল। অধিনায়ক বিৰাট কোহলীৰ নিৰ্দেশত সেই সময়ত সকলো সিদ্ধান্ত লোৱা হৈছিল যদিও কোহলীয়ে যুৱৰাজক কোনো ধৰণে সহায় কৰা নাছিল বুলিও ৰবিন উথাপ্পাই লগতে অভিযোগ কৰে।

অৱশ্যে পিছত ফিটনেছ টেষ্টত উত্তীৰ্ণ হৈ যুৱৰাজে নিজৰ স্থান দখল কৰে যদিও পিছত এক ব্যৰ্থ শৃংখলাৰ পিছত তেওঁক ড্ৰপ কৰা হয় বুলি উথাপ্পাই মন্তব্য কৰে। উল্লেখ্য যে কেঞ্চাৰৰ পিছত যুৱৰাজে দললৈ প্ৰত্যাৱৰ্তন ঘটাইছিল যদিও ধাৰাবাহিক প্ৰদৰ্শন আগবঢ়োৱাত বিফল হৈছিল। ২০১৯ ৰ এদিনীয়া বিশ্বকাপৰ দলৰ পৰা বাদ পৰাৰ পিছত যুৱৰাজৰ কেৰিয়াৰ আনুষ্ঠানিকভাৱে অন্ত পৰে আৰু তেওঁ অৱসৰৰ কথা ঘোষণা কৰে।

উথাপ্পাই দাবী কৰিছে যে যুৱৰাজক দলৰ পৰা বাদ দিয়াৰ আঁৰৰ মূল কাৰণ কোহলী। কিন্তু এনে এজন মহান খেলুৱৈক অধিক সুযোগ দিয়া উচিত আছিল বুলি মন্তব্য কৰি উত্তপ্পাই কয় যে দলত এক মানদণ্ড বজাই ৰাখিব লাগিব যদিও যুৱৰাজৰ দৰে খেলুৱৈৰ বাবে কেতিয়াবা নিয়ম ভংগ কৰাৰ প্ৰয়োজন হয়। তেওঁ কেৱল কেঞ্চাৰক পৰাস্ত কৰাই নহয়, বহু প্ৰতিযোগিতাতো জয়ী কৰাইছে বুলি আঙুলিয়াই দি উথাপ্পাই লগতে সেয়ে তেওঁক কিছু সময় দিয়া উচিত আছিল বুলি মন্তব্য কৰে।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে